লাংহিনত পৰিবহণ বিভাগৰ বাছ কাউন্টাৰ আৰু পৰিবহণ বিভাগৰ বাংলো
নিৰ্মাণৰ আধাৰশিলা স্থাপন বিধায়ক দৰছিং ৰংহাঙৰ
কাৰ্বি আংলং:


কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ পৰিবহণ বিভাগৰ তৰফৰ পৰা SOPD আচঁনিৰ যোগেদি বুধবাৰে লাংহিন নগৰত ৯০ লাখ টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া কাৰ্বি পৰিষদৰ পৰিবহণ বিভাগৰ এটা বাছ কাউন্টাৰ আৰু পৰিবহণ বিভাগৰ বাংলো নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে হাওৰাঘাট বিধানসভা সমষ্টিৰ বিধায়ক দৰছিং ৰংহাঙে আৰু তেওঁৰ লগত সংগ দিয়ে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ পৰিবহণ বিভাগৰ কাৰ্যবাহী সদস্য তথা ১৩ নং লাংহিন পৰিষদিয় সমষ্টিৰ জনপ্ৰতিনীধি বিলিমুহন খাখলাৰী, লাংহিন গাওঁ উন্নয়ন সমিতিৰ অধ্যক্ষ কিৰণ টকবি, লাংহিন পৌৰসভাৰ অধ্যক্ষ এথেলীয়ান মোছাহাৰী, উপাধ্যক্ষ ৰিতুৰাজ বৰুৱা, লাংহিন মণ্ডল বিজেপিৰ সভাপতি মৃণাল ব্ৰহ্ম, সম্পাদক চাৰ্থে ছিং ৰংপিৰ লগতে বড়ো অগ্ৰণী সংগঠনৰ বিষয়ববীয়া সকলে। আনহাতে উক্ত বাছ কাউন্টাৰ আৰু পৰিবহণ বিভাগৰ বাংলোটি অতি শীঘ্ৰেই সম্পূৰ্ণ কৰাৰ লগতে উক্ত কাউন্টাৰত বাছ চালক আৰু যাত্ৰী সকলৰ বাবে সকলো সুবিধা উপলব্ধ থাকিব বুলি বিধায়ক গৰাকীয়ে মত পোষণ কৰে।
কাৰ্বি আংলংৰ পৰা অনুৰাগ ভূঞা
