...

কাশ্মিৰী জেহাদী গোষ্ঠী কুখ্যাত জইছ-ই-মহম্মদৰ তৎপৰতা নামনি অসমত!

Spread the love

 

 

কাশ্মিৰী জেহাদী গোষ্ঠী কুখ্যাত জইছ-ই-মহম্মদৰ তৎপৰতা নামনি অসমত!

 

চাইন অন ডেস্ক:

নতুন দিল্লীৰ লালকিল্লাৰ সমীপত সংঘটিত হোৱা সাম্প্রতিক বোমা বিস্ফোৰণৰ পিছত বিভিন্ন মহলত উচ্চাৰিত হৈছে কাশ্মীৰৰ কুখ্যাত জেহাদী সংগঠন জইছ-ই-মহম্মদ (Jaish-e-Mohammed), চমুকৈ জেইএমৰ নাম। অৱশ্যে, এতিয়ালৈ নিশ্চিত নহয় যদিও; কিন্তু যদি সঁচাকৈয়ে সেই ভয়ংকৰ কাৰ বোমা বিস্ফোৰণত জেইএম জড়িত সেয়া কিন্তু নামনি অসমৰ বাবেও এক ভয়ংকৰ বিষয় বুলিয়েই জন্ম দিতে উদ্বিগ্নতাৰ। উল্লেখ্য যে, বিগত ২০২৪ বৰ্ষৰ ডিচেম্বৰ মাহত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (এনআইএ)ৰ অভিযানত গোৱালপাৰা জিলাৰ বিভিন্ন অঞ্চলৰ পৰা জেইএমৰ সৈতে জড়িত চাৰিজনকৈ যুৱক জালত পৰিছিল।নিৰ্দিষ্ট এক তথ্যৰ ভিত্তিত এনআইএৰ এটি দলে অসম আৰক্ষীৰ এছটিএফ এটা দলৰ সহযোগত গোৱালপাৰা জিলাৰ বিভিন্ন অঞ্চলত অভিযান চলাই জেইএমৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত কৰায়ত্ত কৰিছিল ছাহানূৰ ইছলাম, আবু তাহেৰ, জয়নাল আবেদিন আৰু ছাহানূৰ আলম নামৰ চাৰিজনকৈ যুৱকক। উল্লেখ্য যে, পাকিস্তানৰ চোৰাংচোৱা সন্থা ইন্টাৰ চাৰ্ভিচেছ ইনটেলিজেন্স (আইএছআই)ৰ সহযোগত ২০০০ বৰ্ষত জন্ম সভা জেইএম মূলতঃ জম্মু আৰু কাশ্মীৰতেই সক্ৰিয় বুলি ধাৰণা কৰা হৈছিল। কিন্তু নামনি অসমৰ পৰা চাৰিজনককৈ সদস্য গ্ৰেপ্তাৰ হোৱাৰ পিছত কুখ্যাত সন্ত্ৰাসবাদী সংগঠনটোৱে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কেতবোৰ অঞ্চলতো সাংগঠনিক শক্তি বৃদ্ধি কৰাৰ তৎপৰতা আৰম্ভ কৰা বুলি জন্ম দিছিল সন্দেহৰ। আনকি, বাংলাদেশৰ সাম্প্রতিক অস্থিৰতাৰ সুযোগ লৈ জেইএমে দেশখনত সক্ৰিয় জেহাদী আৰু মৌলবাদী শক্তিবোৰৰ সহযোগত জেহাদী শক্তিটোৱে নামনি অসমৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী দুৰ্গম অঞ্চলেৰে বাংলাদেশৰ পৰা অসম হৈ ভাৰতত প্ৰৱেশ কৰাৰ এক কৰিডৰ গঢ়ি তুলিছে নেকি বুলি জন্ম দিছিল এক গুৰুত্বপূৰ্ণ প্ৰশ্নৰো। উল্লেখনীয় যে, অ’ল-কায়দা আৰু আফগানিস্তানৰ তালেবানী শক্তিৰ সৈতে সম্পৰ্ক থকা জেইএমৰ আছে এক ভয়ংকৰ, ৰক্তাত্ত ইতিহাস। কুখ্যাত সন্ত্ৰাসবাদী মাছুদ আজহাৰ আলভীৰ নেতৃত্বত জন্ম লভা জেইএম
২০০১ চনৰ জম্মু আৰু কাশ্মীৰৰ বিধানসভা ভৱনৰ ওপৰত আক্ৰমণ, ২০০১ চনত দেশৰ সংসদ ভৱনৰ ওপৰত আক্ৰমণ, ২০১৬ চনৰ পাঠানকোট বিমানঘাঁটি আক্ৰমণ, ২০১৯ চনৰ ফুলবামা আক্ৰমণ আদিকে ধৰি বিভিন্ন ধৰণৰ দেশ বিৰোধী কূটঘাতমূলক কামৰ সৈতে জড়িত। শেহতীয়াকৈ, দেশৰ ৰাজধানী দিল্লীৰ সাম্প্ৰতিক কাৰ বোমা বিষ্ফোৰণৰ সৈতেও এই বিশেষ মৌলবাদী, জেহাদী শক্তিটো জড়িত হৈ থকাৰ সন্দেহ কৰা হৈছে। তাৰেই প্ৰেক্ষাপটত, জেইএমৰ এই তৎপৰতা অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবেও খুবেই উদ্বেগজনক বুলিয়েই কিন্তু বিবেচিত হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *