...

অমৃতকন্ঠ জুবিন গাৰ্গৰ ’মায়াবিনী’ গীতৰ লহৰত উজ্বলিল শুৱালকুছিৰ ৰাস স্থলী

Spread the love

অমৃতকন্ঠ জুবিন গাৰ্গৰ ’মায়াবিনী’ গীতৰ লহৰত উজ্বলিল শুৱালকুছিৰ ৰাস স্থলী

বুকুত জুবিনৰ ফটো লৈ সংগীত পৰিৱেশন শিল্পী মৰ্মিতা মিত্ৰৰ

শুৱালকুছি:

 

 

 

 

জনপ্ৰিয় কণ্ঠশিল্পী মৰ্মিতা মিত্ৰই কালি নিশা শুৱালকুছিৰ ৰাসস্হলীত অমৃতকন্ঠ জুবিন গাৰ্গৰ গীত পৰিৱেশন কৰি সকলোকে মুগ্ধ কৰি তোলে ৷ কালি নিশা প্ৰায় দহ বজাত শিল্পী গৰাকী মঞ্চত উঠাৰ লগে লগে জয় জুবিন দা ধ্বনিৰে উপস্থিত দৰ্শক শ্ৰোতাই শুৱালকুছিৰ আকাশ বতাহ মুখৰ কৰি তোলে ৷ মঞ্চত উঠাৰ সময়ত শিল্পী মৰ্মিতা মিত্ৰই সকলোৰে আদৰৰ শিল্পী জুবিন গাৰ্গৰ ফটো এখন হাতত লৈ মঞ্চত প্ৰৱেশ কৰে ৷ ইয়াৰ পিছতে উপস্থিত হাজাৰ হাজাৰ ৰাইজক তেওঁ জুবিন গাৰ্গৰ ’মায়াবিনী’ গীতটি পৰিৱেশনত সহযোগ বিচাৰে ৷ শিল্পী গৰাকীয়ে প্ৰাণৰ শিল্পী গৰাকীৰ ফটো বুকুত লৈ ’মায়াবিনী’ গীতটি আৰম্ভ কৰাৰ লগে লগে উপস্থিত সকলোৱে হাতে হাতে মবাইলৰ লাইট জ্বলাই একেলগে একেশ্বৰে ’মায়াবিনী’ গীত পৰিৱেশন কৰি পৰিৱেশটো গাম্ভীৰ্যপূৰ্ণ কৰি তোলে ৷ সমগ্ৰ বালিচৰ জুবিনময় হৈ পৰে ৷ গীতৰ মাজতে শিল্পী মৰ্মিতা মিত্ৰই জয় জুবিন দা, জুবিন দা অমৰ হওঁক, যাস্টিচ্ ফৰ জুবিন দা আদি ধ্বনি দিয়ে ৷ গীতটিৰ অন্তত জুবিন দাৰ ন্যায় বিচাৰি মা কামাখ্যাৰ ওচৰত মঞ্চৰ পৰাই প্ৰাৰ্থনা জনায় ৷ লগতে তেওঁ কয় যে জুবিন দাক আমি গীতৰ মাজৰে জীয়াই ৰাখিব লাগিব ৷ পিছত প্ৰাণৰ শিল্পী গৰাকীৰ আকস্মিক আৰু অনাকাংক্ষিত মৃত্যুত তেওঁ অতি মৰ্মাহত বুলি উল্লেখ কৰি গভীৰ শোক প্ৰকাশ কৰে ৷ শিল্পী গৰাকীয়ে প্ৰায় আঢ়ৈঘণ্টা সময় ইটোৰ পিছত সিটো জুবিন গাৰ্গৰ গীত পৰিৱেশন কৰে আৰু উপস্থিত দৰ্শক ৰাইজেও প্ৰতিটো গীতত সহযোগ কৰে ৷ শিল্পী গৰাকীক ৰাস উদযাপন সমিতিৰ পৰা গামোচা জাপি আদিৰে আদৰণি জনোৱা হয় ৷ ইয়াৰ পূৰ্বে শিল্পী মৰ্মিতা মিত্ৰই জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত পুস্পাঞ্জলি অৰ্পন কৰে ৷ ইফালে কালি শুৱালকুছিৰ ৰাসস্হলীত অগণন লোকৰ সমাগম হয় ৷ সন্ধিয়াৰে পৰা গভীৰ নিশালৈকে ৰাসস্হলীত বিৰ দি বাট নোপোবা অৱস্থা ৷ কি আনন্দমেলা, কি বস্ৰমেলা, ৰাসৰ স্হল , হোটেল – ৰেস্টোৰা আদি সকলোতে কেৱল মানুহ আৰু মানুহ ৷ অৱশ্যে সকলোতে শান্তিপূৰ্ণ পৰিৱেশ আছিল ৷ ইয়াৰ বাবে ৰাস উদযাপন সমিতিয়ে উপস্থিত সকলোকে ধন্যবাদ জনায়

Leave a Reply

Your email address will not be published. Required fields are marked *