জিলা আইনী সেৱা প্ৰাধিকৰণৰ প্ৰতিষ্ঠা দিৱস আৰু সজাগতা সভা সম্পন্ন
ন্যায় ব্যৱস্থাক সম-বিতৰণৰ বাবে সজগতা সভাৰ প্ৰয়োজনীয়তা আছে-মনজিৎ বৰা
চাইন অন ডেস্ক:

আইনী সেৱা সকলোৱে ইয়াৰ প্ৰসাৰ বাবে আৰু ন্যায় ব্যৱস্থাক সম-বিতৰণৰ বাবে আমি কাম কৰিব লাগিব আৰু আইনী সেৱা কেনেদৰে সৰ্বসাধাৰণ মানুহে ল’ব পাৰে তাৰ বাবে সজগতা সভাৰ প্ৰয়োজনীয়া আছে। এই বক্তব্য অসম আদিত্য কাকতৰ সম্পাদক তথা বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ সভাপতি মনজিৎ বৰাৰ। জিলা আইনী সেৱা প্ৰাধিকৰণৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ডিব্ৰুগড় জিলা আইনী প্ৰাধিকৰণৰ উদ্যোগত অনুষ্ঠিত হোৱা সজগতা সভাত মুখ্যঅতিথিৰ ভাষনত আজি এই দৰে কয় বৰাই। প্ৰতি বছৰে ৯ নৱেম্বৰ দিনটো জিলা আইনী সেৱা প্ৰাধিকৰণ প্ৰতিষ্ঠা দিৱস হিচাপে সমগ্ৰদেশতে পালন কৰিছে এই প্ৰতিষ্ঠা দিৱস। সমাজৰ সকলো নাগৰিকে যাতে আইনী সেৱা লাভ কৰিব পাৰে সেইলক্ষ্য আগত ৰাখি এই দিৱস পালনৰ গুৰুত্ব আছে । এই উপলক্ষে আজি ডিব্ৰুগড় জিলাৰ আইনী সেৱা প্ৰাধিকৰণৰ উদ্যোগত ডিব্ৰুগড় জিলা ভিন্নপ্ৰান্তৰত নিয়োজিত PLV ৰ সহযোগত জিলা আইনী সেৱা প্ৰাধিকৰণে ডিব্ৰুগড়ৰ দাঁতিকাষৰীয়া চিৰিংচাপৰি- ‘২নং টেকেলা চিৰিংগাঁও ৰাজহুৱা ৰঙ্গ মঞ্চ’ৰ চৌহদত অনুষ্ঠিত হৈ যায় এখন সজাগতা সভা। সভাৰ আৰম্ভণিতে নক্ষত্ৰ জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বল আৰু মাল্যাৰ্পণ কৰে অসম আদিত্য কাকতৰ সম্পাদক মনজিৎ বৰাই। PLV প্ৰশান্ত শইকীয়াই আতঁধৰা সভাত বিচিপি এলৰ উপ-মহা প্ৰৱন্ধক ৰোহিণী কান্ত শৰ্মাই সন্মানীয় অতিথিৰ ভাষণত ভাৰতৰ সংবিধানৰ নিৰ্দেশাত্মক নীতিয়ে দেশৰ আর্থিকভাৱে পিছপৰা আৰু অক্ষম ব্যক্তিসকলৰ বাবে চৰকাৰক ন্যায় ব্যৱস্থাৰ সম-বিতৰণ আৰু বিনামূলীয়া আইন ব্যৱস্থা প্ৰণয়ন কৰা বিষয় সমূহৰ ওপৰত DLSA কেনেদৰে সমাজত সেৱা আগবঢ়াই আহিছে আৰু ৯ নৱেম্বৰৰ দিনটো আইন সেৱা দিৱস হিচাপে পালন কৰা তাৎপৰ্য বিষয়ে নিজৰ অভিমত দাঙি ধৰে। সভাত শতাধিক মহিলা উপস্থিত থকা সভাত সমাজ সেৱিকা, নামঘৰ আই সমাজৰ জ্যেষ্ঠ মহিলা পদ্মকুমাৰী বড়া, সাংস্কৃতিক কৰ্মী তথা সমাজ সেৱক ভূৱন জ্যোতি বৰুৱা, শিল্পী ৰতন গগৈ, ৰেখা বড়া শইকীয়াসহ বহু সংখ্যক স্থানীয় ৰাইজ উপস্থিত থকা সভাত জিলা আইনী সেৱা প্ৰাধিকৰণৰ পৰা কেনেদৰে আইনী সুবিধা সৰ্বসাধাৰণ ৰাইজে পাৱ পাৰে তাৰ ওপৰত আলোচনা কৰা হয়। সভাত শিল্পী ৰতন গগৈয়ে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ গীত পৰিবেশন কৰি সভাখনৰ সৌষ্ঠৱ বৃদ্ধিকৰে । অনুষ্ঠানৰ শেষত জুবিন গাৰ্গৰ মায়াবিনী গীত সকলোৱে পৰিবেশন কৰে
