...

বিজেপিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ ৰাজেন‌ গোহাঁইৰ

Spread the love

বিজেপিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ ৰাজেন‌ গোহাঁইৰ

#বৰ্তমান ক্ষমতাত থকা নেতাক চাই আমি দল কৰা নাছিলোঁ

নগাঁও,৬ নবেম্বৰঃ

 

 

 

নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে হোৱা আন্দোলনৰ পৰিপ্ৰেক্ষিতত গঠন হোৱা অসমৰ আঞ্চলিক দল অসম জাতীয় পৰিষদত যোগদান কৰিলে এসময়ৰ প্ৰভাৱশালী বিজেপি নেতা ৰাজেন গোঁহায়ে। দলত যোগদান কৰি প্ৰথমবাৰৰ বাবে আঞ্চলিক দলটোৰ নগাঁও জিলা কাৰ্যালয়ত কালি সন্ধিয়া উপস্থিত হয় বিজেপিৰ প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰাজেন গোঁহাই। অসম জাতীয় পৰিষদৰ গুৱাহাটীৰ মুখ্য কাৰ্যালয়ত যোগদান কৰাৰ পাছত আঞ্চলিক দলটোৰ নগাঁও জিলা কাৰ্যালয়ত উপস্থিত হয় বিজেপিৰ প্ৰাক্তন নেতাজন। অসম জাতীয় পৰিষদৰ নগাঁও জিলা কাৰ্যালয়ত উষ্ম আদৰণি জনোৱা হয় ৰাজেন গোঁহাইক‌। দলীয় নেতা-কৰ্মীৰ সম্ভাষণ গ্ৰহণ কৰি নতুনকৈ আঞ্চলিকতাবাদৰ পোচাক পৰিধান কৰা ৰাজেন গোঁহায়ে সংবাদ মাধ্যমৰ সন্মুখত বিজেপিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে। বিজেপিয়ে হিন্দুত্ববাদেৰে অসমীয়া জাতিক নিঃশেষ কৰি দিয়া বুলি অভিযোগ কৰে ৰাজেন গোঁহায়ে। সংবাদ মাধ্যমৰ সন্মুখত গোঁহায়ে কয়,”কোনো এটা সমষ্টিত জাতি, জনজাতিৰ অধিকাৰ নাইকিয়া কৰি দিলে। আমাক সকলোকে দুৰ্বল কৰি দিলে। সকলো হিন্দুকে তেওঁলোকে আক্ৰমণ কৰিলে। পিছপৰা মানুহক তেওঁলোকে ঘৃণাৰ চকুৰে চায় । তেওঁলোকে ভাবে যে তেওঁলোকৰ ভৰিৰ তলত থাকিব লাগিব। এই আদৰ্শৰে তেওঁলোকে যদি দেশ চলাব বিচাৰিছে তেনেকুৱা আদৰ্শৰ মাজত মই কেতিয়াও নাথাকোঁ। মই নিজকে আনতকৈ সৰু বুলি নাভাবো,আনকো মোতকৈ সৰু বুলি নাভাবোঁ। সকলো সমান বুলি ভাবো ।” অসমৰ মুখ্যমন্ত্ৰীক লক্ষ্য কৰি তেওঁ কয়,”যিজন মানুহে আজি শাসন চলাইছে তেওঁ হিটলাৰী শাসন চলাইছে,যি শাসনে কাকো শান্তিত থাকিব দিয়া নাই। ভয়-সংশয়ৰ মাজত আজি জীৱন কটাবলগীয়া হৈছে। গতিকে ৰাইজে আজি বিজেপিৰ এটা বিকল্প বিচাৰিছে বুলি ভাবো। কৰ দি ৰাইজৰ কঁকাল ভাঙি গৈছে। ৰাষ্ট্ৰীয় দলৰ চৰকাৰ হোৱা বাবে আজি এইটো কৰিবলৈ সুযোগ পাইছে। আঞ্চলিক দলৰ চৰকাৰ হোৱা হ’লে এইটো সুযোগ নাপালেহেঁতেন। সেই কাৰণেই মই আঞ্চলিক দলৰ আদৰ্শ মোৰ বুকুত বহুৱাই লৈছোঁ।” আঞ্চলিক দলটোক আগুৱাই লৈ যোৱাৰ প্ৰতিশ্ৰুতি দি তেওঁ কয়,”এতিয়া নগাঁৱতেই নহয় সমগ্ৰ অসমতেই দলটোক আগুৱাই নিবলৈ কাম কৰি যাম বুলি মই প্ৰতিজ্ঞাবদ্ধ। ৰাজ্যত ৰাষ্ট্ৰীয় দলৰ চৰকাৰ হ’লে সেই দলে ৰাজ্যখন নিজৰ হৈ যোৱা বুলি ভাবি সকলো সুবিধা আদায় কৰি লয়।”‌ বিজেপিক আক্ৰমণ কৰি তেওঁ লগতে কয়, “বিজেপি দলে মোক ‘ভ্যেলু’ দিয়া নাই,যাৰ বাবে মই সেই দল ত্যাগ কৰিছোঁ। এতিয়া মই এটা শূন্য দলত আহিছোঁ। মই বিজেপিৰ পৰা বিশেষ একো পোৱা নাই। অথচ সকলো নিজে কৰিছোঁ। শেষত মোক এটা মন্ত্ৰী পদ দিছে যিটো মই নিজে লৈছোঁ । কিন্তু কংগ্ৰেছত পোন্ধৰ বছৰ থাকিও এতিয়া বিজেপিত মুখ্যমন্ত্ৰী হৈছে। বৰ্তমান ক্ষমতাত থকা নেতাক চাই আমি দল কৰা নাছিলোঁ। দলৰ সকলো সাধাৰণ কাৰ্যকৰ্তা আজি অৱহেলিত হৈ আছে ।” নতুনকৈ আঞ্চলিক দলত যোগদান কৰি ৰাজেন গোঁহায়ে কয়,”আমাৰ বিশ্বাস আছে ৰাইজে আমাক আদৰি ল’ব। বিজেপিয়ে কোনো এজন অসমীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰা কোনো এটা সমস্যা সমাধান নকৰিলে । আমাৰ আঞ্চলিকতাবাদৰ ওপৰত বিশ্বাস আছে। মোৰ এতিয়া কোনো ইচ্ছা নাই। দলে যি বিচাৰে সেয়াই হ’ব।” আনহাতে,পুত্ৰ এতিয়াও বিজেপিৰ সদস্য হৈ থকা সন্দৰ্ভতো ৰাজেন গোঁহায়ে কয়,”তেওঁক দলত ৰাখি মোক নিয়ন্ত্ৰণ কৰিব বিচাৰিছিল । তাৰ জীৱনটো তাৰ কথা । মোক ভগৱানে এটা মন দিছে । সেই মনে যিটো শুদ্ধ বুলি ভাৱে মই সেইটোৱেই কৰিম ।

Leave a Reply

Your email address will not be published. Required fields are marked *