...

নগাঁৱৰ চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱাগত আদৰণি সভা সম্পন্ন

Spread the love

 

 

 

নগাঁৱৰ চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱাগত আদৰণি সভা সম্পন্ন

 

 

নতুন‌ ছাত্ৰ একতা সভাৰ শপত গ্ৰহণ

 

 

নগাঁও

নগাঁও জিলাৰ আগশাৰীৰ শিক্ষানুষ্ঠান চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱাগত আদৰণি সভাখন কালি অনুষ্ঠিত হৈ যায়। এই উপলক্ষে পুৱা ১০ বজাত অসমীয়া হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলেনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে অধ্যক্ষ ৰঞ্জন তামুলীয়ে আৰু এটি বৰগীত পৰিৱেশন কৰে বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ বৃন্দামাই দেৱীয়ে । তেখেতৰ লগত খোল আৰু তাল সংগত কৰে ৰঞ্জিত শইকীয়া আৰু উৎপল হাজৰিকাই। ইয়াৰ পিছতেই ছাত্ৰ ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে একেলগে জুবিন গাৰ্গৰ কালজয়ী গীত “মায়াবিণী ৰাতিৰ জোনাক” একেলগে পৰিৱেশন কৰে । শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি পৰিচালনা কৰে বিদ্যালয়ৰ সহকাৰী শিক্ষক প্ৰাঞ্জু বৰঠাকুৰে। বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি মনোৰঞ্জন বৰাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথিৰূপে গুৱাহাটী ভাৰতীয় প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠানৰ জ্যেষ্ঠ প্ৰাদ্যোগিক প্ৰশিক্ষক ডঃ চিদানন্দ শৰ্মা,বিশিষ্ট অতিথিৰূপে প্ৰাক্তন ছাত্ৰ তথা সংগীত শিল্পী কানু কন্দলী,জিতু শ্ৰাৱণ,তেজপুৰ মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা ডঃ হৃদিশা নন্দনা হাজৰিকা আৰু প্ৰাক্তন ছাত্ৰ তথা কৰ পৰিদৰ্শক জিতু ৰাজখোৱাই উপস্থিত থাকি সাৰুৱা বক্তব্য ৰাখে।‌ সহকাৰী শিক্ষয়িত্ৰী তৃষ্ণা বৰদলৈয়ে উদ্দেশ্য ব্যাখ্যা আৰু
বিষয় শিক্ষক খগেন শইকীয়াই
আঁত ধৰা সভাখনত নিকটৱৰ্তী বহু কেইখন বিদ্যালয়ৰ প্ৰধান শিক্ষকে অংশগ্ৰহণ কৰে। সভাত অতিথি সকলক এখনকৈ ফুলাম গামোচা আৰু একোটিকৈ স্মাৰক প্ৰদান কৰা হয়। এই সভাতেই মুখ্য অতিথি ডঃ শৰ্মাক এখন স্নেহপত্ৰ বিদ্যালয়ৰ তৰফৰ পৰা প্ৰদান কৰা হয়। স্নেহ পত্ৰখন পাঠ আৰু প্ৰদান কৰে জ্যেষ্ঠ বিষয় শিক্ষয়িত্ৰী দিপ্তী বৰাই। উল্লেখ্য যে এই সভাতেই বিদ্যালয়ৰ নতুন ছাত্ৰ একতা সভাই শপত গ্ৰহণ কৰে। শপত গ্ৰহণ কৰাই দিপ্তী বৰা আৰু উৎপল হাজৰিকাই । ইয়াৰ পিছতে শিক্ষক প্ৰাঞ্জূ‌ বৰঠাকুৰে পৰিচালনা কৰা ছাত্ৰ-ছাত্ৰী-শিক্ষক-শিক্ষয়িত্ৰীসকলৰ বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানত প্ৰাক্তন ছাত্ৰ কানু কন্দলী,জিতু শ্ৰাৱণ, সহকাৰী শিক্ষক প্ৰাঞ্জু বৰঠাকুৰ আৰু সহকাৰী শিক্ষয়িত্ৰী ঊষা দেৱী আৰু ছাত্ৰী কৃষ্টি কন্যা শইকীয়াইও গীত পৰিৱেশন কৰে।‌ নৱাগত ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্য কৰি শুভেচ্ছামূলক ভাষণ আগবঢ়ায় অধ্যক্ষ ৰঞ্জন তামুলী,বিষয় শিক্ষক খগেন শইকীয়া আৰু হাতীচোং উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ভূপেন কুমাৰ নাথে । সভাৰ শেষত শলাগৰ শৰাই আগবঢ়াই বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী ঊষা দেৱীয়ে ।

ঋতু পৰ্ণ শৰ্মা

Leave a Reply

Your email address will not be published. Required fields are marked *