...

বিশৃঙ্খল ভাবেই চলি আহিছে অসম বিধানসভাৰ প্ৰশাসনীয় কাম-কাজ?

Spread the love

বিশৃঙ্খল ভাবেই চলি আহিছে অসম বিধানসভাৰ প্ৰশাসনীয় কাম-কাজ?

বিধানসভাৰ সচিবালয়ৰ পৰাই নোহোৱা হʼল বিধায়ক বিষ্ণুপ্ৰসাদ ৰাভাৰ তথ্য!

তদন্তৰ দাবীত অধ্যক্ষলৈ পত্ৰ সাংবাদিক শৰৎচন্দ্ৰ নেওগৰ

চাইন অন ডেস্ক:

অসম বিধানসভাৰ প্ৰথমখন অধিবেশন বহিছিল ১৯৩৭ চনত। নিয়মমতে সেই প্ৰতিষ্ঠা কালৰ পৰা সাম্প্ৰতিক সময়লৈকে বিধানসভাৰ কাৰ্যবিৱৰণীকে আদি কৰি সকলোবোৰ নথিয়েই বিধানসভাৰ সচিবালয়ত অথবা পুথিভঁৰালত সংৰক্ষিত হৈ থাকিব লাগে। কিন্তু অতি পৰিতাপৰ আৰু আচাৰ্যজনক কথা এয়ে যে, ১৯৩৭ চনৰ কথাটোতো বাদেই, তাৰ কেইবাবছৰৰ পিছৰ অৰ্থাৎ ১৯৬৯ চনৰ নথিও বিধানসভাৰ কাৰ্যালয়ত বিচাৰি পোৱা নগʼল। নথিৰ নামত অন্য সাধাৰণ নথিও নহয়, বিচাৰি পোৱা নগল বিধানসভাৰ আলোচনা -বিলোচনা-সিধান্ত আদি গ্ৰহণৰ কথা লিপিবদ্ধ হৈ থকা কাৰ্য বিৱৰণীৰ নথি। এনে গুৰুত্বপূৰ্ণ নথি বিধানসভাৰ কাৰ্যালয়ৰ পৰা কেনেকৈ নোহোৱা হʼল, এনেদৰে বিশৃঙ্খল ভাৱেই বিধানসভাৰ সচিবালয় চলি আছে নেকি, নথি হৰলুকি হোৱা অথবা ৫০/৬০ বছৰৰ আগৰ নথি কেনেকৈ নষ্ট হ’ব পাৰে, এনে ধৰণৰ প্ৰাসঙ্গিক প্ৰশ্ন উত্থাপন কৰি বিচৰা তথ্য নোপোৱাৰ প্ৰতিবাদত তদন্তৰ দাবীত বিধানসভাৰ অধ্যক্ষলৈ এখন জৰুৰী পত্ৰ প্ৰেৰণ কৰিছে ডিব্ৰুগড়ৰ জ্যেষ্ঠ সাংবাদিক শৰৎচন্দ্ৰ নেওগে।
সংবাদ মাধ্যমৰ জ্ঞাতাৰ্থে প্ৰেৰণ কৰা এটা প্ৰেছ বাৰ্তাত সাংবাদিক শৰৎচন্দ্ৰ নেওগে প্ৰকাশ কৰে যে, যোৱা ৭ জুলাই তাৰিখে তথ্য জনা অধিকাৰ আইনৰ যোগে কেইটামান তথ্য বিচাৰি অসম বিধানসভাৰ সংশ্লিষ্ট বিষয়ালৈ তেখেতে এখন আবেদন কৰিছিল। বিচৰা তথ্য সমূহৰ ভিতৰত অন্যতম আছিল, বিধায়ক বিষ্ণুপ্ৰসাদ ৰাভা বিধায়ক হৈ থকা অৱস্থাত ১৯৬৯ চনত মৃত্যু হৈছিল। তেখেতৰ মৃত্যুৰ সময়ত অসম বিধানসভাৰ অধিৱেশন চলি থকা নাছিল যদিও পৰম্পৰাগত নিয়মানুসৰি পৰবৰ্তী অধিৱেশনত শোক প্ৰস্তাৱ গ্ৰহণ আদিৰে তেনে ব্যক্তিৰ মৃত্যুত আনুষ্ঠানিকভাৱে শোক প্ৰকাশ কৰা হয়। বিষ্ণুপ্ৰসাদ ৰাভাৰ ক্ষেত্ৰত কোনখন বিধানসভাৰ অধিৱেশনত কোন দিনা তেনে আনুষ্ঠানিক শোক প্ৰকাশ কৰা হৈছিল? আনুষাঙ্গিক আৰু দুই-এটা প্ৰশ্ন আছিল যদিও, সংশ্লিষ্ট লোক তথ্য বিষয়াই কোনো এটাৰো প্ৰশ্নৰ উত্তৰ নিদি মাত্ৰ সেই সময়ৰ প্ৰায় ৫০ পৃষ্ঠাৰ কৰ্যবিৱৰণীৰ জেৰক্স কপিহে মাত্ৰ প্ৰদান কৰে। সংশ্লিষ্ট বিষয়াৰ এনে তথ্য জনা অধিকাৰ আইনৰ উলঙ্ঘা কৰাৰ অভিযোগ তুলি প্ৰথম আপীল কৰ্তৃপক্ষৰ ওচৰত সাংবাদিক নেওগে আপীল আবেদন কৰে। উক্ত আবেদনৰ পৰিপ্ৰেক্ষিতত প্ৰথম আপীল কৰ্তৃপক্ষ তথা বিধানসভাৰ সচিবে যোৱা ১৪ অক্টোবৰ তাৰিখ নিৰ্ধাৰণ কৰি তেখেতক শুনানীলৈ মাতে। নিৰ্দিষ্ট শুনানীৰ দিনা আপীল আবেদনকাৰী নেওগৰ বক্তব্য শুনাৰ পাছত সচিবে কয় যে, “বিষ্ণুপ্ৰসাদ ৰাভা মৃত্যু হোৱা আজি পঞ্চাশ-ষাঠি বছৰ হৈ গʼল, ইমান পুৰণি নথি আৰু বিধানসভাত কʼত থাকিব? কিছুমান কʼৰবাত হেৰাই গʼল, কিছুমান নষ্টও হৈ গʼল।”-ইত্যাদি ধৰণৰ আচৰ্যজনক কথা শুনি আবেদনকাৰী নেওগে অৱশ্যে সচিব গৰাকীক কয় যে, বিধানসভাৰ কাৰ্যালয়ত পঞ্চাশ-ষাঠী বছৰৰ আগৰ নথি নথকাটো কেনে কথা? আনহাতে সেই সময়ৰ কাৰ্যবিৱৰণীৰ নথিও পোৱা গʼল,কেৱল বিষ্ণুপ্ৰসাদ ৰাভা সম্পৰ্কীয় নথিহে পোৱা নগʼল বুলি নেওগে কোৱাত প্ৰত্যোত্তৰত সচিবে ইচ্ছা কৰিলে নিজে নথি সমূহ চাব পাৰিব বুলি মত প্ৰকাশ কৰে। এই সম্পৰ্কত অৰ্থাৎ বিচৰা তথ্য নোপোৱাৰ সম্পৰ্কত,অথচ তথ্য নাই বুলিও নকৈ নষ্ট হৈ যোৱা বা হেৰাই যোৱা আদি ধৰণৰ গা এৰা দিয়া ভূমিকাৰ বিৰুদ্ধে বিহিত ব্যৱস্থাৰ বাবে নেওগে ইতিমধ্যে ৰাজ্যিক তথ্য আয়োগৰ ওচৰত দ্বিতীয় আপীল কৰিব বুলি বিবৃতিটোত প্ৰকাশ কৰিছে।
বিবৃতিটোত সাংবাদিক নেওগে উল্লেখ কৰিছে যে, বিচৰা তথ্য নেপাই তথ্য জনা অধিকাৰ আইন সম্পৰ্কীয় বিষয়টো এটা বেলেগ বিষয় আৰু সেই অনুসৰি তেখেতে সুকীয়া পৰবৰ্তী ব্যৱস্থা হাতত লʼব। কিন্তু বৰ্তমান নেওগে অসম বিধানসভাৰ অধ্যক্ষলৈ এখন জৰুৰী পত্ৰ প্ৰেৰণ কৰি অধ্যক্ষৰ পৰা জানিব বিচাৰিছে যে, কি অসম বিধানসভাৰ কাৰ্য্যালয়ত পঞ্চাশ-ষাঠী বছৰীয়া পুৰণি নথি পোৱা নেযায় নেকি বা নষ্ট হৈ নোযোৱাকৈ থোৱাৰ ব্যৱস্থা নাই নেকি? এই ক্ষেত্ৰত অধ্যক্ষই বিহিত ব্যৱস্থা হাতত লোৱাৰ দাবী পত্ৰখনৰ যোগে উত্থাপন কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *