Skip to content শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ একাডেমীত লায়ন্স ক্লাবৰ শিশুৰ মানসিক স্বাস্থ্য সম্পৰ্কীয় সজাগতা অনুষ্ঠান
চাইন অন ডেস্ক:
ডিব্ৰুগড় জিলা মহানগৰৰ বৈৰাগীমঠত অৱস্থিত শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ একাডেমী আজি মানসিক স্বাস্থ্যৰ ওপৰত ডিব্ৰুগড় লায়নচ ক্লাবৰ দ্বাৰা এক বক্তৃতানুষ্ঠন অনুষ্ঠিত হয়। লায়ন ড শিৱানি দত্ত সমল ব্যক্তি হিচাপে উপস্থিত থাকি ছাত্ৰ ছাত্ৰী সকলৰ মানসিক স্বাস্থ্যৰ উপযোগী হোৱাকৈ বক্তৃতা প্ৰদান কৰে। লায়ন্স ক্লাবৰ ডিব্ৰুগড় শাখাৰ সভানেত্ৰী জোৎচনা চেটাৰ্জী,কেবিনেট সদস্যা মৌচুমী বাগচি, কোষাধক্ষ পামপালি গাংগুলী,সম্পাদক সঞ্জীৱ চেটাৰ্জী উপস্থিত থাকি। একেদেমী খনৰ মুৰব্বী যাদৱ গগৈয়ে লয়ান্স ক্লাবৰ বিষয়ববিয়া সকলক আদৰণী জনায় আৰু এই অনুষ্ঠানত ছাত্ৰ ছাত্ৰী সকলৰ লগতে শিক্ষক শিক্ষয়িত্ৰী উপস্থিত থাকে।