Skip to content গৰিমা গাৰ্গে উন্মোচন কৰিলে “তৰাৰ দেশলৈ সংগীতৰ ভগৱান জুবিন” গ্ৰন্থ
সংগীতৰ ভগৱানক লৈ সাংবাদিক মজিবুৰ ৰহমানৰ প্ৰয়াস
গুৱাহাটী:
অসমবাসীৰ প্ৰাণৰ শিল্পীগৰাকী নোহোৱা হোৱাৰ আজি ২৩ টা দিন অতিক্ৰম কৰিলে । চৰকাৰৰ তদন্ত প্ৰক্ৰিয়া চলি আছে । তাৰ পিছতো অসমবাসী আশ্বস্ত হব পৰা নাই । মানুহজন কিয় নোহোৱা হ’ল, কেনেকৈ নোহোৱা হ’ল, ক্ষোভ আৰু যন্ত্ৰণাত মানুহে অহৰহ চিঞৰি আছে ন্যায়ৰ বাবে । আৰু এই ন্যায় নোপোৱালৈকে মানুহ ক্ষান্ত নহয় । আজি সেই কথা স্পষ্ট কৰি দিলে বিভিন্নজন জুবিন অনুৰাগীয়ে।
ইফালে অসমবাসীৰ প্ৰাণৰ শিল্পীগৰাকীৰ জীৱন, কৃতি আৰু জীৱনাদৰ্শনৰ প্ৰভাৱ – সাংবাদিক মজিবুৰ ৰহমানে লিখি উলিওৱা “তৰাৰ দেশলৈ সংগীতৰ ভগৱান জুবিন” শীৰ্ষক গ্ৰন্থখনি আজি নলবাৰী আৰু গুৱাহাটীত পৃথকে পৃথকে উন্মোচন কৰা হয় ।
প্ৰথমে মানৱ দৰদী শিল্পীগৰাকীৰ কাহিলীপাৰাৰ গৃহত গ্ৰন্থখন বাকলি গুচাই আনুষ্ঠানিকভাৱে উন্মোচন কৰে প্ৰাণৰ শিল্পীগৰাকীৰ পত্নী গৰিমা গাৰ্গে ।
গ্ৰন্থখন উন্মোচন কৰি গৰিমা শইকীয়া গাৰ্গে ক’লে মোক ন্যায় লাগিবই । কেনেকৈ মানুহজন নোহোৱা হ’ল আমি জানিব লাগিব । মুঠতে মোক ন্যায় লাগিবই বুলি পুনৰবাৰ মত ব্যক্ত কৰি তেওঁ কয়, এই ন্যায় নোপোৱালৈকে মানুহ ক্ষান্ত নহয়।অনুষ্ঠানটোত গ্ৰন্থখনৰ প্ৰকাশক ছোনীয়া বেগম, শিক্ষয়িত্ৰী ভৱানী কলিতা, সাংবাদিক মুকুট চৌধুৰী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী অনিন্দীতা চৌধুৰী, জিলমিল শৰ্মা, আৰফিন আহমেদ, কনমানি অলিস্মান চৌধুৰী আৰু স্বৰ্ণভ চৌধুৰীও উপস্থিত থাকে ।