২০২৮ বৰ্ষৰ ছেপ্টেম্বৰত সম্পূৰ্ণ হৈ উঠাৰ সম্ভাবনা দেশৰ সৰ্ববৃহৎ নদী দলং
মেঘালয় আৰু অসমক সংযোগ
১৯:৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ বৃহত দলঙ
চাইন অন ডেস্ক:
দেশৰ সৰ্ববৃহৎ নদী দলং ধুবুৰী-ফুলবাৰী দলংৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱা নাই যদিও এতিয়াৰে পৰা দলংখনৰ নামা জুবিন গাৰ্গৰ নামাকৰণেৰে কৰাৰ দাবী উত্থাপিত কৰিছে পশ্চিম অসমকে ধৰি মেঘালয়ৰ
পশ্চিম গাৰো পাহাৰ জিলাৰ বহু জুবিন অনুৰাগীয়ে। উল্লেখ্য যে,১৯৭২ চনৰ ১৮ নৱেম্বৰৰ দিনা মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ সদৰ তুৰাত জন্ম হৈছিল অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ। তাৰেই পৰিপ্ৰেক্ষিতত, অসম,
মেঘালয়কে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলক এক বৰ্ণাঢ্য সংগীতময় যাত্ৰাৰে একতাৰ এনাজৰীৰে বান্ধি ৰখা প্ৰয়াত শিল্পী গৰাকীৰ নামেৰে অসম-মেঘালয় সংযোগী নিৰ্মীয়মান ধুবুৰী
ফুলবাৰী দলংখনৰ নাম ৰখাটো কামনা কৰিছে বহুতেই।
উল্লেখনীয় যে, বিগত বৰ্ষৰ ৬ ডিচেম্বৰৰ দিনা সদনত কেন্দ্রীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰিয়ে ২০২৮ বৰ্ষৰ ১২ অক্টোবৰৰ ভিতৰত সম্পূৰ্ণ হব ধুবুৰী–ফুলবাৰী দলংৰ নিৰ্মাণ
সম্পূৰ্ণ হ'ব বুলি ইতিমধ্যে ঘোষণা কৰিছে। জানিব
পৰা মতে ১৯৯ টা খুটিৰ নিৰ্মীয়মান এই দলংখনৰ ৬০ শতাংশ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু ২০২৮ বৰ্ষৰ ছেপ্টেম্বৰ মাহৰ মাজভাগত দলংখনৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ উঠাৰ পূৰ্ণ সম্ভাবনা আছে।
নৰ্থ-ইষ্ট ৰোড নেটওৱৰ্ক কানেক্টিভিটী’
আঁচনিৰ তৃতীয় পৰ্যায়ৰ অধীনত জাপান ইন্টাৰনেচনেল ক'ৰপ'ৰেচন এজেঞ্চী’’ (চমুকৈ জাইকা)ৰ বিত্তীয় সাহায্যত নিৰ্মাণ চলি থকা ১৯.২৮২ কিলোমিটাৰ দৈৰ্ঘ্যৰ দেশৰ সৰ্ববৃহৎ
এই নদী দলংখনৰ নিৰ্মাণ মূল্য ৰূপে ধাৰ্য কৰা হৈছে
মুঠ ৪৯৯৭.০৪ কোটি টকা। ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী আদাবাৰী দ্বিতীয় খণ্ডৰ পৰা লুইতৰ ওপৰেদি নিৰ্মাণ কৰি থকা হোৱা এই দলংখনৰ নিৰ্মাণৰ দায়িত্ব লাভ কৰিছে এলএণ্ডটি নামৰ
বহুজাতিক নিৰ্মাণকাৰী সংস্থা এটাই। এই দলংখনৰ নিৰ্মাণ
সম্পূৰ্ণ হ’লে ফুলবাৰীলৈ ব্ৰহ্মপুত্ৰৰ উজনিমুৱা কেইবাঘন্টীয়া নাওঁ যাত্ৰা মাথো ১৫-২০ মিনিটমানতেই সম্পূৰ্ণ কৰা সম্ভৱপৰ হৈ উঠিব। স্মৰ্তব্য যে, ২০১৯ চনৰ ২৮ ফেব্ৰুৱাৰীৰ দিনা
দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত বহা কেন্দ্ৰীয় কেবিনেটে
ধুবুৰী-ফুলবাৰী সংযোগী এই দলংখনৰ নিৰ্মাণৰ কামৰ অনুমোদন জনোৱাৰ পিছত মাথো দুই বছৰৰ ভিতৰতেই দলংখন নিৰ্মাণৰ বাবে প্ৰয়োজনীয় ভূমি অধিগ্ৰহণকে ধৰি
অত্যাধুনিক থ্ৰিজি (3G) জৰীপৰ কাম সম্পূৰ্ণ কৰা হৈছিল।
২০২১ বৰ্ষৰ ১৮ ফেব্ৰুৱাৰীৰ দিনা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ পৰা ভাৰ্চুয়েল মাধ্যমযোগে আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰিছিল বহু প্ৰত্যাশিত এই ধুবুৰী–ফুলবাৰী
দলংখনৰ নিৰ্মাণৰ কাম। উল্লেখনীয় যে, কেৱল যাতায়াতৰ ক্ষেত্ৰতেই নহয়;
এই দলংখনে বৃহত্তৰ অঞ্চলটোৰ আৰ্থ সামাজিক দিশলৈ এক সূদুৰপ্ৰসাৰী প্ৰভাৱ পেলোৱাৰ সমান্তৰালকৈ পৰ্যটনৰ ক্ষেত্ৰখনতো নতুন দিগন্তৰ সূচনা কৰাটো প্ৰায় নিশ্চিত। এই দলংখনে উত্তৰ–পূৰ্বাঞ্চলৰ বাণিজ্যিক
বিকাশৰ ক্ষেত্ৰত সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব বুলি আশা কৰা হৈছে। সমান্তৰালকৈ চুবুৰীয়া বাংলাদেশক সৈতেও আমদানি–ৰপ্তানিৰ ক্ষেত্ৰখনতো দলংখনে এক গুৰুত্বপূৰ্ণ ভূমিকা লোৱাৰো সম্ভাৱনা আছে।
Like this:
Like Loading...