...
Spread the love

 

 

“মিঞা সকলক প্ৰেচাৰত ৰাখিব লাগিব,দহ বছৰ ৰাখিলে ঠিক হৈ যাব”:মুখ্যমন্ত্ৰী

 

 

চাইন অন ডেস্ক:

“মিঞা সকলক প্ৰবল প্ৰেচাৰত ৰাখিব লাগিব।আমি যেনেকৈ আজি প্ৰেচাৰত ৰাখিছো আৰু দহ বছৰ ধৰি প্ৰেচাৰত ৰাখিব লাগিব।যদি প্ৰেচাৰত ৰাখিব পাৰো,তেতিয়া এসময়ত ঠিক হৈ যাব”—ডিব্ৰুগড়ত এই ভাষ্য মুখ্যমন্ত্ৰী শৰ্মাৰ।
ৰাজ্যত চলি থকা উচ্ছেদ অভিযান কোনো কাৰণতে বন্ধ নোহোৱাৰ কথা সদৰী কৰি মুখ্যমন্ত্ৰী ড° শমাই আজি ডিব্ৰুগড়ত সাংবাদিকৰ আগত কয়–কোনো কাৰণতেই ৰাজ্যত উচ্ছেদ অভিযান বন্ধ কৰা নহয়।আজি গোৱালপাৰা,বিহালীত জাননী দিয়া হৈছে।মুঠৰ ওপৰত উচ্ছেদ বন্ধ কৰা নহয়,সেয়া স্পষ্ট।কোনো কাম কাৰোৰে বাবে ৰখাই থোৱা নহব বুলি উল্লেখ কৰি সমান্তৰালভাৱে সকলো কামেই আমি কৰি থাকিম বুলিও মুখ্যমন্ত্ৰী শৰ্মাই জানিব দিয়ে।
আনহাতে সমাগত নিৰ্বাচনৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে ‘২৬ চনত বৈতৰণী অতি সহজেই পাৰ কৰিব পাৰিব।বিজেপিৰ চৰকাৰেই হব অসমত,ইয়াত কোনো সন্দেহ নাই।বিজেপিৰ বাবে অসমত ইমান ডাঙৰ ইচ্যু নহয়।সকলো ঠিক হৈয়েই আছে।ডিব্ৰুগড়ত প্ৰশান্ত ফুকনক কোনে হৰুৱাব পাৰিব বুলিও মন্তব্য কৰে।ইফালে ডিব্ৰুগড়ৰ চাবুৱাত নিৰ্মাণ হব লগীয়া অৰুণোদয় বিশ্ববিদ্যালয়ৰ প্ৰসংগত কয় যে কাম আৰম্ভ কৰা হৈছে।প্ৰথমাৰ্দ্ধত মাটি অধিগ্ৰহনৰ কামত কিছু সমস্যা আছিলে।এতিয়া সেই সমস্যা দূৰ হৈছে।মাটি অধিগ্ৰহন হৈছে যেতিয়া কামো সোনকালে হব।

Leave a Reply

Your email address will not be published. Required fields are marked *