Skip to content সোনোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদ নিৰ্বাচনৰ কুচকাৱাজ
ডিব্ৰুগড়ত ভাৰতীয় জনতা পাৰ্টিৰ ৰণনীতি
চাইন অন ডেস্ক:
সমাগত সোনোৱাল কছাৰী স্বায়ত্ত শাষিত পৰিষদৰ নিৰ্বাচনত ভাৰতীয় জনতা পার্টিয়ে শক্তিশালী ৰূপত অৱতীৰ্ণ হোৱাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে ৰাজ্যিক সমিতিয়ে। ডিব্ৰুগড়ত ৰাজ্যিক মুখপাত্র জয়ন্ত কুমাৰ গোস্বামীয়ে জনাই যে, ডিব্ৰুগড়ত দলৰ ৰাজ্যিক বর্ধিত বিষয়ববীয়া সভাৰ পূৰ্বে সোনোৱাল স্বায়ত্ত শাষিত পৰিষদীয় এলেকাৰ গোলাঘাট, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজী, লক্ষীমপুৰ, ঢকুৱাখানা আৰু মাজুলীৰ দলৰ সাংগঠনিক জিলাৰ সভাপতি সকলৰ সৈতে ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, মন্ত্ৰী ৰনোজ পেণ্ড, সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু, ৰাষ্ট্ৰীয় প্ৰভাৰী হৰিশ দ্বিবেদী, ৰাজ্যিক সাধাৰণ সম্পাদক ক্ৰমে দিপ্পু ৰঞ্জন শৰ্মা, পল্লৱ লোচন দাস, ঋতুপর্ণ বৰুৱা আৰু অনুপ বৰ্মণৰ উপস্থিতিত সোনোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ আগন্তুক নিৰ্বাচনৰ সম্পৰ্কে বিষদ আলোচনাত মিলিত হয় আৰু নিৰ্বাচনত ভাৰতীয় জনতা পার্টিয়ে শক্তিশালী ৰূপত অৱতীৰ্ণ হোৱাৰ সংকল্প লয়।

দুদিনীয়াকৈ অনুষ্ঠিত হোৱা বর্ধিত ৰাজ্যিক বিষয়ববীয়া সভাৰ প্ৰথম সত্র খনত আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল, কেন্দ্রীয় ৰাজ্যিক মন্ত্রী পবিত্ৰ মাৰ্ঘেৰিটা, ৰাষ্ট্ৰীয় প্ৰভাৰী হৰিশ দ্বিবেদী আৰু কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্রসাদ তাছা উপস্থিত থাকে আৰু বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতি আৰু ভৱিষ্যতৰ কাৰ্যপন্থাৰ সন্দৰ্ভত বিশদ আলোচনাত মিলিত হয়। বর্ধিত ৰাজ্যিক বিষয়ববীয়া সভাৰ পাছত দলৰ কৰ্ণধাৰ সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয়। সভাত মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোনোৱাল, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্রী পবিত্ৰ মাৰ্ঘেৰিটা, ৰাষ্ট্ৰীয় প্ৰভাৰী হৰিশ দ্বিবেদীকে প্ৰমুখ্য কৰি কৰ্ণধাৰ সমিতিৰ বিষয়ববীয়া সকল উপস্থিত থাকে।
Like this:
Like Loading...