ডিব্ৰুগড়ৰ এ এম চিৰ ব্যৱসায়ী সন্থা আৰু মটৰ চালক সন্থাৰ জুবিনৰ আদ্যশ্ৰাদ্ধ সমাপন
ভকত আই মাতৃৰ অংশগ্ৰহণ
চাইন অন ডেস্ক:
ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় ব্যৱসায়ী সন্থা আৰু মটৰ চালক সন্থা’ৰ উদ্যোগত অসম চিকিৎসা মহাবিদ্যালয়ৰ পূৰ্বাঞ্চল বাছ আস্থানত অসমৰ হিয়াৰ আমঠু সদ্যপ্ৰয়াত জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ সম্পুৰ্ণ ৰীতি-নীতিৰে পালন কৰা হয়।অসম চিকিৎসা মহাবিদ্যালয় নামঘৰ, খেৰলাইন নামঘৰ,পল্টন বজাৰ নামঘৰ, বৈৰাগীমঠ নামঘৰ, মিলন নগৰ নামঘৰ, শিলৈধাৰী গাঁও নামঘৰ, ১নং বঙাল গাঁও নামঘৰ,২নং বঙাল গাঁও নামঘৰ আৰু বৰ্মন নগৰ নামঘৰৰ ভকত বৈষ্ণৱ আৰু ওচৰ চুবুৰীয়া আই মাতৃ সকলৰ লগতে বিভিন্ন ধৰ্মালম্বী
ৰাইজে এই অনুষ্ঠানত অংশ গ্ৰহণ আৰু সহযোগগিতা আগবঢ়ায়।মৰাণৰ লেঙেৰীৰ গায়ন বায়ন দল, শিৱসাগৰৰ নিতাই পুখুৰীৰ দিহানাম দল, ধেমাজী চিচিবৰ গাওঁৰ দিহানাম দল আৰু আই মাতৃ সকলে বৈকুণ্ঠগামী জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা -সেৱা আগবঢ়ায়।ভকত বৈষ্ণৱ তথা গায়ন বায়ন দল,দিহানাম দল আই মাতৃ সকলৰ লগতে উদ্যোক্তা সকলে জুবিন গাৰ্গৰ আদৰ্শৰে সকলোকে একতাৰ এনাজৰীৰে বান্ধ খাই থাকিবলৈ আহ্বান জনায়।