...

ডিব্ৰুগড়ত প্ৰিয় শিল্পী জুবিন গাৰ্গৰ সর্বধৰ্মীয় ৰাজহুৱা আদ্যশ্ৰাদ্ধ

Spread the love

 

 

 

ডিব্ৰুগড়ত প্ৰিয় শিল্পী জুবিন গাৰ্গৰ সর্বধৰ্মীয় ৰাজহুৱা আদ্যশ্ৰাদ্ধ

 

 

গায়ন-বায়ন,সৰ্বধৰ্ম্মীয় প্ৰাৰ্থনাৰে মুখৰিত চৌকিডিঙী খেলপথাৰ

 

 

চাইন অন ডেস্ক:

ডিব্ৰুগড়ৰ বৈৰাগীমঠৰ পৰাই আৰম্ভ হৈছিল জুবিন গাৰ্গৰ সংগীতৰ জয়যাত্ৰা।সেই তেতিয়াৰ পৰাই জুবিনৰ ডিব্ৰুগড়ৰ প্ৰতি এক আৱেগ আছিল। ডিব্ৰুগড়ৰ ঐতিহাসিক চৌকিডিঙী খেলপথাৰত জুবিনে বহু স্মৃতি ভৰা সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিছিল। সেই আৱেগ, স্মৃতি আজিও সকলোৰেই মনত সজীৱ হৈ আছে আৰু চিৰকাল সজীৱ হৈ থকাৰ মানসৰে আজি জাতীয় জনগোষ্ঠীয় ঐক‍্য মঞ্চৰ উদ‍্যোগত ৰাজহুৱা আদ্যশ্ৰাদ্ধৰ আয়োজন কৰা হয়।”মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই” শীৰ্ষক জুবিনৰ কথাবোৰৰ দৰেই আজি ডিব্ৰুগড়ৰ বিভিন্ন প্ৰান্তৰ পৰা ধৰ্ম, বৰ্ণ নিৰ্বিশেষে ইছলাম,বৌদ্ধ,শিখ,জৈন ধৰ্ম্মাৱলম্বীৰ লগতে আহোম,মটক,চুতীয়া আদিকে কৰি সকলো জনগোষ্ঠীৰ লোক লোকাৰণ্য হৈ পৰে।অসমৰ হিয়াৰ আমঠু, প্ৰিয় শিল্পী গৰাকীৰ ১৩ দিনীয়া আদ্যশ্ৰাদ্ধৰ পাছতো যেন অনুৰাগী সকলে সন্তোষ লভা নাই, মহান আত্মাৰ সদগতি কামনাৰো যেন অন্ত পৰা নাই।সেয়ে ডিব্ৰুগড়ৰ চৌকিডিঙি খেলপথাৰত কালি পুৱাৰে পৰা অনুষ্ঠিত হৈছে সৰ্বধৰ্মীয় ৰাজহুৱা আদ্যশ্ৰাদ্ধ। ডিব্ৰুগড়ৰ চৌকিডিঙ্গী খেলপথাৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আদ‍্যশ্ৰাদ্ধ।যিখন চৌকিডিঙ্গী খেলপথাৰত প্ৰতিটো বহাগত জুবিন গাৰ্গৰ সংগীতানুষ্ঠান ৰাইজে উপভোগ কৰে সেই চৌকিডিঙ্গী খেলপথাৰত জাতীয় জনগোষ্ঠীয় ঐক‍্য মঞ্চৰ উদ‍্যোগত কালি অনুষ্ঠিত হয়, জুবিন গাৰ্গৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আৰু আদ‍্যশ্ৰাদ্ধ।জাতীয়-জনগোষ্ঠীয় ঐক্য মঞ্চ আৰু ডিব্ৰুগড় ৰাইজৰ উদ্যোগত অনুষ্ঠিত হয় এই সৰ্বধৰ্মীয় ৰাজহুৱা আদ্যশ্ৰাদ্ধ।পুৱাৰে পৰা
জুবিনৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধত জাতি বৰ্ণ নিৰ্বিশেষে জুবিনৰ অনুৰাগী সকলে অংশগ্ৰহণ কৰে।গায়ন-বায়ন,সৰ্বধৰ্ম্মীয় প্ৰাৰ্থনাৰে মুখৰিত হৈ পৰিল ডিব্ৰুগড়ৰ চৌকিডিঙী খেলপথাৰ।
উদ্যোগক্তা ৰাণা ৰঞ্জন গগৈয়ে সংবাদ মাধ্যমৰ আগত কয় যে বিশ্বৰ ১৯৫ খন দেশৰ ভিতৰত ১৩০ দেশে জানিব পাৰিলে,বুজিব পাৰিলে যে জুবিন গাৰ্গ কি ? জুবিনৰ যি তদন্ত প্ৰক্ৰিয়া চলি আছে,তাত গাফিলতি হোৱা বুলি আমাৰ অনুভৱ হয়।জুবিনৰ মৃত্যুক লৈ বোকা চটিওৱাৰ ৰাজনীতি হৈছে।এয়া নিত্যান্তই গৰ্হিত কাম।চিংগাপুৰত প্ৰকৃততে কি হৈছিল আৰু পষ্টমৰ্টেমৰ ৰিপৰ্ট ৰাজহুৱা কৰিবলৈকো মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীক অনুৰোধ জনাই গগৈয়ে পুনৰ কয় যে মুখ্যমন্ত্ৰী হল বুলিয়েই যি কব অসমৰ ৰাইজ বা দল-সংগঠনে সকলো মানি লব।সেয়ে সকলো পানীৰ দৰেই পৰিস্কাৰ হব লাগে।মুঠৰ ওপৰত মৰনোত্তৰ প্ৰতিবেদনত কি প্ৰকাশ পালে তাক অতি শ্ৰীঘেই ৰাজহুৱা কৰিবলৈ জাতীয়-জনগোষ্ঠীয় ঐক্য মঞ্চ আৰু ডিব্ৰুগড়বাসী ৰাইজে দাবী জনোৱা বুলিও উল্লেখ কৰে।প্ৰিয় শিল্পীগৰাকীৰ আদ্যশ্ৰাদ্ধ চৰকাৰী ভাৱে অনুষ্ঠিত কৰাৰ পিছতো বিভিন্ন দল সংগঠন,অনুষ্ঠান প্ৰতিষ্ঠানে জুবিনৰ মৃত্যুৰ ন্যায় আৰু আত্মাৰ সদগতি কামনা কৰি বিভিন্ন স্থানত অনুষ্ঠিত হৈ আছে আদ্যশ্ৰাদ্ধ।
পুৱা ৯ বজাৰ পৰা আৰম্ভ হয় প্ৰাণৰ শিল্পী গৰাকীৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আৰু প্ৰাৰ্থনা।পুৱও ১০ বজাৰ পৰা নাম প্ৰসঙ্গ, ভাগৱত আৰু কোৰান পাঠৰ দৰে মাঙ্গলিক অনুষ্ঠান।সন্ধিয়া ৫ বজাত এহেজাৰ বন্তি প্ৰজ্বলন কৰাৰ পাছতেই জুবিনৰ মায়াবিনী গীত সমস্বৰে পৰিবেশন কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *