...

ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰত ডুব গল যুৱক

Spread the love

ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰত ডুব গল যুৱক

চাইন অন ডেস্ক:

ডিব্ৰুগড়ৰ মাইজানত অঘটন। এজন যুৱক ব্ৰহ্মপুত্ৰত ডুব যোৱাত এতিয়া সকলোতে হাহাকাৰ। জানিব পৰা অনুসৰি ডিব্ৰুগড়ৰ মাইজান বৰশইকীয়া গাঁৱৰ ব্ৰহ্মপুত্ৰৰ পাৰত থকা খেলপথাৰত বিয়লি স্থানীয় যুৱকৰ দল এটাই ফুটবল খেলি থকা অৱস্থাত বলটো ব্ৰহ্মপুত্ৰত পৰি যায় আৰু তেতিয়াই নবীন চৌধুৰী(২০)নামৰ যুবকজনে বলটো আনিবলৈ নদীত জাঁপ দিয়ে।কিন্ত নদীৰ কোবাল সোঁতত নবীন উটি গৈ ডুব যায়।নবীন ডিব্ৰুজান ৰেল লাইনৰ বাসিন্দা আছিল। এচডিআৰএফ বাহিনী আহিছিল যদিও আন্ধাৰ হোৱাৰ বাবেই অভিযান চলাব নোৱাৰি, পুুৱাৰ ভাগত অভিযান আৰম্ভ কৰাৰ বিষয়ে অৱগত কৰে।ঘটনাটোৱে অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *