...

“উন্নত জীৱনৰ বাবে সঠিক খাদ্য গ্ৰহণ” শীৰ্ষক ৰাষ্ট্ৰীয় পুষ্টি মাহ উদযাপন

Spread the love

দুলীয়াজান ছোৱালী মহাবিদ্যালয়ৰ সামূহিক বিজ্ঞান বিভাগৰ উদ্যোগ

“উন্নত জীৱনৰ বাবে সঠিক খাদ্য গ্ৰহণ” শীৰ্ষক ৰাষ্ট্ৰীয় পুষ্টি মাহ উদযাপন

দুলীয়াজান:

দুলীয়াজান ছোৱালী মহাবিদ্যালয়ৰ সামূহিক বিজ্ঞান বিভাগৰ উদ্যোগত যোৱা ২৫ আৰু ২৬ ছেপ্টেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে “উন্নত জীৱনৰ বাবে সঠিক খাদ্য গ্ৰহণ” শীৰ্ষক ৰাষ্ট্ৰীয় পুষ্টি মাহ উদযাপন কৰা হয়। এই উপলক্ষে স্থানীয় পাঁচোটা অংগনবাডী কেন্দ্ৰৰ সহযোগত বামহুকুটা অংগনবাডী কেন্দ্ৰ- ‘ক’ ত উদযাপন কৰা হয় প্ৰথমদিনা কাৰ্যসূচী । সামূহিক বিজ্ঞান বিভাগৰ জ্যেষ্ঠ অধ্যাপিকা অনুমণি গগৈয়ে আঁত ধৰা অনুষ্ঠানটিত বিভাগীয় প্ৰধান ড০ গীতিমা দত্তই নিৰ্দিষ্ট বিষয়ৰ ওপৰত বক্তৃতা প্ৰদান কৰাৰ লগতে মহিলা আৰু কিশোৰী সকলক কেক আৰু পনীৰ প্ৰস্তুকৰণৰ প্ৰশিক্ষণ আগবঢ়ায় । এই অনুষ্ঠানটিত পাঁচোটা অংগনবাডী কেন্দ্ৰ বামহুকুতা ‘ক’ আৰু ‘খ’, নাওহলীয়া, ১ নং নাওহলীয়া ‘ক’, ৩ নং নাওহলীয়া আৰু নাওহলীয়া- বৰকোলাৰ অংগনবাডী কৰ্মী ক্ৰমে জোনমণি গগৈ, ভানু সোণোৱাল গগৈ, জোনালী গগৈ, মণি পহুচুঙী আৰু শিল্পী বৰুৱা গগৈয়ে পূৰ্ণ সহযোগিতা আগবঢ়ায়। বিভাগৰ ছাত্ৰী সকলে আৰু পৰীক্ষাগাৰৰ সহায়িকা স্মৃতি ৰেখা চুতীয়াই সক্ৰিয় ভাৱে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা লগতে বামহুকুতা অংগনবাডী কেন্দ্ৰ- ‘ক’- ৰ কৰ্মী জোনমণি গগৈয়ে অনুষ্ঠানটি সফল ৰূপায়ণ কৰাৰ বাবে মহাবিদ্যালয়ৰ সামূহিক বিজ্ঞান বিভাগক ধন্যবাদ জ্ঞাপন কৰে। অনুষ্ঠানৰ শেষত বিভাগৰ সহকাৰী অধ্যাপিকা ড০ বাণীলেখা ফুকনে শলাগ জ্ঞাপন কৰে। আনহাতে দ্বিতীয় দিনালৈ অৰ্থাৎ ২৬ ছেপ্টেম্বৰত সামূহিক বিজ্ঞান বিভাগৰ পঞ্চম ষান্মাষিকৰ ছাত্ৰীসকলে ৰাষ্ট্ৰীয় পৰিপুষ্টি মাহৰ বিষয়বস্তুৰ লগত সংগতি ৰাখি প’ষ্টাৰ উপস্থাপন অনুষ্ঠানৰ আয়োজন কৰে। মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ উৎপল সূতে উদ্বোধন কৰা অনুষ্ঠানটিত বিভাগৰ ড০ গীতিমা দত্ত, অনুমণি গগৈ আৰু ড০ বাণীলেখা ফুকন উপস্থিত থাকে। এই কাৰ্যসূচীত অধ্যক্ষ গৰাকীয়ে ছাত্ৰীসকলৰ প’ষ্টাৰৰ জৰিয়তে বিষয়বস্তু উপস্থাপনৰ প্ৰচেষ্টা আৰু সৃষ্টিশীলতাৰ শলাগ লয় । দুদিনীয়া উদযাপনত স্বাস্থ্যসন্মত খাদ্যাভ্যাসৰ গুৰুত্বৰ ওপৰতো সজাগতা সৃষ্টি কৰা হয় আৰু বহনক্ষম খাদ্য পদ্ধতিৰ ওপৰত আলোকপাত কৰা হয় যিয়ে সমাজ আৰু ছাত্ৰ-ছাত্ৰীসকলক সুস্থ ভৱিষ্যতৰ বাবে উন্নত পুষ্টিৰ অভ্যাস গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *