...

ডিব্ৰুগড়ৰ চিৰিংচাপৰিত ৪ বছৰীয়া শিশুক ধৰ্ষণ

Spread the love

ডিব্ৰুগড়ৰ চিৰিংচাপৰিত ৪ বছৰীয়া শিশুক ধৰ্ষণ

আটক জনৈক আলি সহ ১৪ জনকৈ পথত কাম কৰা শ্ৰমিক

 

চাইন অন ডেস্ক:

ডিব্ৰুগড় মহানগৰৰ চিৰিং চাপৰিত কালি নিশা সংঘটিত হয় এক নিৰ্লজ্জ, ঘৃণনীয় কাণ্ড। চিৰিং চাপৰিত পথৰ কাম কৰি থকা জনৈক আলি উপাধিৰ এটা নৰপিশাচে ঘৰত অকলে থকা অৱস্থাত এগৰাকী ৪ বছৰীয়া কণমানি শিশুক ধৰ্ষণ কৰে। ঘটনাৰ লগত জৰিত ১৪ জনকৈ যুৱকক কালি নিশাই আৰক্ষীয়ে আটক কৰে। জনৈক আলি উপাধিৰ নৰপিষাচটো ভাৰা ঘৰতে থাকি, পথত কাম কৰা শ্ৰমিক সকলৰ ৰান্ধনী হিচাপে নিয়োজিত হৈ আছিল। উল্লেখযোগ্য যে, কালি বিয়লিৰ ভাগত কন‍্যা শিশুটি ঘৰত অকলে থকাৰ অৱস্থাত সুযোগ লৈ আলি উপাধিৰ নৰপিশাচটোৱে কন‍্যা শিশুটিক ধৰ্ষণ কৰে। সমগ্ৰ ঘটনা পুহৰলৈ অহাৰ পিছতেই আলিৰ লগত একেলগে ভাড়া ঘৰটোত ১৩ জনকৈ শ্ৰমিকক নিশাই আটক কৰে আৰক্ষীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *