Skip to content *ডিব্ৰুগড়ত সুস্থ নাৰী সুস্থ পৰিয়াল অভিযানৰ অংশ হিচাপে স্বাস্থ্য বিভাগৰ বিভিন্ন কাৰ্যসূচী
*মহিলা আৰক্ষী, চাফাই কৰ্মীৰ বাবে বিশেষ চিকিৎসা শিবিৰ
মহিলাসকলৰ স্বাস্থ্য সেৱা নিশ্চিতকৰণৰ বাবে এই অভিযান
* সমূহ চৰকাৰী চিকিৎসা প্ৰতিষ্ঠানত অনুষ্ঠিত বিশেষ চিকিৎসা শিবিৰ*
নাৰী- শিশু – কিশোৰী স্বাস্থ্য সন্দৰ্ভত ব্যাপক সজাগতাৰ সৃষ্টি*
চাইন অন ডেস্ক:
দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰা ‘সুস্হ নাৰী, সুস্থ পৰিয়াল অভিযানৰ অংশ হিচাপে নাৰী স্বাস্থ্য সুনিশ্চিত কৰাৰ উদ্দেশ্যৰে ডিব্ৰুগড় জিলাৰ স্বাস্থ্য বিভাগে বিভিন্ন অভিনৱ কাৰ্যসূচী গ্ৰহণ কৰিছে । তাৰ অংশ হিচাপে বৃহস্পতি বাৰে ডিব্ৰুগড় পৌৰনিগম কাৰ্যালয়ৰ সমূহ মহিলা কৰ্মচাৰী আৰু চাফাই কৰ্মীৰ বাবে বিশেষ চিকিৎসা শিবিৰ অনুষ্ঠিত কৰাৰ লগতে শুকুৰবাৰে ডিব্ৰুগড় আৰক্ষী ছাউনীৰ সমূহ মহিলা আৰক্ষীৰ বাবে বিশেষ স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰে । এই দুই চিকিৎসা শিবিৰতে দুয়োটা বিভাগত কৰ্মৰত মহিলা কৰ্মচাৰীসকলৰ ব্যাপক সহাৰি দেখিবলৈ পোৱা যায় । চিকিৎসা শিবিৰত তেওঁলোকৰ বাবে লেবৰেটৰী পৰীক্ষাৰ ব্যৱস্থা উপলব্ধ কৰোৱাৰ লগতে বিনামূলীয়া ঔষধো বিতৰণ কৰা হয় । অনুৰূপ ভাৱে, এই অভিযানৰ অধীনত ১৭ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈ ডিব্ৰুগড় জিলাৰ সমূহ আয়ুষ্মান আৰোগ্য মন্দিৰ, প্ৰাথমিক আৰু সামূহিক স্বাস্থ্য কেন্দ্ৰত বিশেষ স্বাস্থ্য শিবিৰ অনুষ্ঠিত হৈ থকাৰ লগতে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা প্ৰতিৰোধমূলক, প্ৰচাৰমূলক আৰু নিৰাময়মূলক স্বাস্থ্য সেৱা প্ৰদানৰ প্ৰসাৰ ঘটোৱাৰ নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰখা হৈছে । মহিলা আৰু কিশোৰীৰ স্বাস্থ্য আৰু পুষ্টিৰ প্ৰয়োজনীয়তা সন্দৰ্ভত সজাগতা সৃষ্টিৰ লগতে ৰক্তহীনতা প্ৰতিৰোধ, সুষম খাদ্য আৰু ঋতুস্ৰাৱৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ওপৰত সজাগতা অভিযান চলোৱা হৈছে এই সুস্হ নাৰী সুস্হ পৰিয়াল অভিযানৰ জৰিয়তে । ইয়াৰ উপৰিও এই অভিযানৰ যোগেদি জিলাখনৰ মহিলা সকলৰ অসংক্ৰামক ৰোগ, ৰক্তহীনতা, যক্ষ্মা আৰু ছিকেল চেল ৰোগৰ পৰীক্ষা,প্ৰসৱৰ পূৰ্বে যত্ন, প্ৰতিষেধক, পুষ্টি, তেল আৰু চেনীৰ ব্যৱহাৰ হ্ৰাস কৰণ, জীৱনশৈলী আৰু মানসিক স্বাস্থ্য সজাগতামূলক কাৰ্য্যকলাপৰ জৰিয়তে মাতৃ, কিশোৰী আৰু শিশুৰ স্বাস্থ্যৰ উন্নতি সাধন কৰাৰ উদ্দেশ্যেৰে বিভিন্ন সজাগতা সভা অনুস্থিত কৰা হৈছে স্বাস্থ্য বিভাগৰ উদ্যোগত। লগতে এই অভিযান কালত আয়ুষ্মান ভাৰত কাৰ্ডৰ ই কে ৱাই চি, আভা আই ডি প্ৰস্তুতকৰণ, নিক্ষয় মিত্ৰৰ সৃষ্টি আৰু স্বেচ্ছামূলক ৰক্তদান শিবিৰো অনুষ্ঠিত কৰা হৈছে । উল্লেখযোগ্য যে, ১৭ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈ চলিবলগীয়া এই সুস্থ নাৰী, সুস্হ পৰিয়াল অভিযানৰ লক্ষ্য হৈছে ২০৪৭ চনৰ ভিতৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বাস্থ্যবান , শক্তিশালী আৰু বিকশিত ভাৰতৰ দৃষ্টিভংগী আগুৱাই নিয়া।