...

মই নথকাৰ অনুভৱ যিদিনা হ’ব তোমাৰ.. .

Spread the love

মই নথকাৰ অনুভৱ যিদিনা হ’ব তোমাৰ.. .

পাটনা এয়াৰপ’ৰ্টত কান্দি কান্দি বহু কথা ক’লে ৰীতা চোধুৰীয়ে

■ শিৱাণু বৰা

সুদূৰ পাটনাত এতিয়া ৰীতা চৌধুৰী ।
এই প’ষ্টটো লিখি থকা সময়ত তেওঁ পাটনাৰ এয়াৰপ’ৰ্টত ।
পাটনাৰ পৰা দিল্লীলৈ বুলি খন্তেক পিছতে তেওঁ বিমানেৰে উৰা মাৰিব ।
কিন্তু কিয় পাটনা, দিল্লীলৈ গৈছে ৰীতা চৌধুৰী ?
কাৰণ গুৱাহাটীত এই মুহূৰ্তত কোনোপধ্যেই থকাৰ শক্তি নাই ৰীতা বাইদেউৰ ।
এই মুহূৰ্তত তেওঁ মানসিকভাৱে যথেষ্ট ভাগৰি পৰিছে ।
কাৰণ মৃত্যুৰ মাত্ৰ দুদিন পূৰ্বে ৰীতা বাইদেউৰ বেডৰূমত জুবিনে দুঘণ্টাজোৰা সাক্ষাৎকাৰটো দিছিল । যিটো সাক্ষাৎকাৰ চাই আমি এতিয়া আচল জুবিনজনক বিচাৰি পাইছো ।
খাৰঘূলিৰ জুবিনৰ ঘৰটো ৰীতা বাইদেউৰ ঘৰৰ কাষতে ।
হঠাতে খোজকাঢ়ি সেইদিনা জুবিন ৰীতা বাইদেউৰ ঘৰত আহি ওলাইছিল ।
খটখটিৰে যেতিয়া এজন ল’ৰাই জুবিনক ওপৰলৈ লৈ গৈছিল তেতিয়া জুবিনে ল’ৰাটোক কৈছিল — “বাইদেউৱে আজি মোৰ ক্লাছ ল’ব ।”
আগদিনা জুবিনলৈ ফোন কৰিছিল ৰীতা বাইদেউৱে । প’ডকাষ্টলৈ মাতিছিল । কিন্তু জুবিনে কোনদিনা আহিব নজনোৱাকৈয়ে সেইদিনা আহি ওলাইছিলহি । ৰীতা বাইদেউ কিন্তু প্ৰস্তুত নাছিল । তথাপি জুবিনৰ সাক্ষাৎকাৰ এটা ল’বলৈ যিহেতু ভীষণ আগ্ৰহী হৈ আছিল সেয়ে নিজৰ বেডৰূমতে সাক্ষাৎকাৰটোৰ বাবে প্ৰস্তুতি চলালে । জুবিনক বাইদেউৱে এটাৰ পিছত এটাকৈ প্ৰশ্ন সুধি গ’ল । জুবিনেও সকলো প্ৰশ্নৰ উত্তৰ দি গ’ল । ৰীতা বাইদেউক সদায়েই আপুনি বুলি সম্বোধন কৰা জুবিনে সেইদিনা ৰীতা বাইদেউক কিন্তু তুমি বুলি সাক্ষাৎকাৰটোত সম্বোধন কৰিছিল । জুবিনৰ মৃত্যুৰ পিছত নিজৰ সেই বেডৰূমটোত প্ৰবেশ কৰিব পৰা নাছিল ৰীতা বাইদেউৱে । খন্তেক সময় পূৰ্বে যেতিয়া ৰীতা বাইদেউৰ সৈতে টেলিফোনত কথা পাতিছিলো তেতিয়াও থোকাথুকি মাতেৰে কান্দি কান্দি ৰীতা বাইদেউৱে কৈছিল — “মোৰ সেইটো বেডৰূমতেই জুবিনৰ সাক্ষাৎকাৰটো লৈছিলো । মই কেনেকৈ তাত শুব পাৰিম ? চন্দ্ৰই ( চন্দ্ৰ মোহন পাটোৱাৰী ) উপায় নাপাই মোক বাহিৰলৈ পঠাই দিছে । সেয়ে পাটনালৈ গুচি আহিলো । তথাপি মই নিজকে এতিয়াও চম্ভালিব পৰা নাই । এতিয়া পাটনাৰ পৰা দিল্লীলৈ যাবলৈ ওলাইছো । কিন্তু মোৰ এতিয়াও সেই এন্ধাৰখিনিয়ে বৰকৈ ডিষ্টাৰ্ব কৰি আছে…। মই এতিয়াও বিশ্বাস কৰিব পৰা নাই যে জুবিন নাই ।”
হয়, আন বহুতৰ দৰে ৰীতা চৌধুৰীয়েও এতিয়াও বিশ্বাস কৰিব পৰা নাই যে জুবিন গাৰ্গ নাই । জুবিনৰ যিটো সাক্ষাৎকাৰ লৈছিল সেই সাক্ষাৎকাৰটোৰ শেষৰফালে জুবিনে ৰীতা বাইদেউক হাতত ধৰি কেমেৰাৰ ফ্ৰেমৰ পৰা উলিয়াই লৈ গৈছিল । তাৰ পিছতো দুয়োৰে মাজত হোৱা কথাবাৰ্তাবোৰ কেমেৰাত বন্দী হৈ আছিল । এটা সময়ত কেমেৰাটো নিজে নিজেই বন্ধ হৈ গৈছিল । সাক্ষাৎকাৰটোৰ সম্পাদনাৰ সময়তহে ৰীতা বাইদেউৱে দেখিছিল এই শেষৰ এন্ধাৰখিনি । এন্ধাৰৰ মাজতে কিন্তু ৰীতা বাইদেউ আৰু জুবিনৰ কণ্ঠস্বৰ ৰেকৰ্ডিং হৈ আছিল । জুবিনে কৈছিল — “I WILL NEVER GO…”। কিন্তু জুবিন গ’লগৈ… । সেই এন্ধাৰখিনিয়েই যেন কিবা ইংগিত দিছিল । এই কথাটো ভাবিয়েই এতিয়া মানসিকভাবে অতিকৈ ভাগৰি পৰিছে ৰীতা বাইদেউ ।
সেই সাক্ষাৎকাৰটোত জুবিনে ৰীতা চৌধুৰীক কোৱা কথাবোৰৰ কিছু নিৰ্বাচিত অংশ আগবঢ়াইছো —
● মোক Timeয়ে লৈ গৈ আছে । ক’ত পেলায়গৈ ক’ব নোৱাৰো ।
● মই popular নেকি ?
● মুম্বাইৰ পৰা গুচি নহাহেঁতেন ‘মিছন চাইনা’, ‘কাঞ্চনজংঘা’ হ’লহেঁতেন জানো ?
● মই আকৌ পুনৰ জনমত জুবিন গাৰ্গেই হ’ব বিচাৰো ।
● মই ক’ত গৈ আছো নিজেই নাজানো ।
● I am a self made guy.
● almost all people are alone. I am also alone, but I am strong.
● তুমি মোৰ ষ্টুডিঅ’ত এদিন থাকিবা, তেতিয়া তুমি দেখিবা । ৰাতিপুৱাৰ পৰা ৰাতিলৈকে অকল মানুহ আহি থাকে । তাহাতৰ কাম কি, বেমাৰ, পঢ়া শুনাৰ খৰছ, কোনো মিনিষ্টাৰে নকৰে । মই সিহঁতক সুধো — “কোনে পঠাইছে ?” সিহঁতে কয় — “তাৰ পৰা পঠাইছে ।” হিমন্তদাৰ পৰা মোৰ ওচৰলৈ গুচি আহে । …গাওঁখন গুচি আহে গোটেই ।
● মই অকল শৰীৰটোক বিশ্বাস কৰো ।
● পৃথিৱীখন দুটা বস্তুৱেই চলায় । এটা হৈছে মগজু । আৰু আনটো হৈছে হৃদয় ।
● মই লাখ লাখ মানুহৰ লগত থাকো ।
It is hard to controll me.
● I will play with the waves. মই সাগৰত খেলি ভাল পাওঁ । ….তুমি মোৰ নতুন চিনেমা ‘ৰৈ ৰৈ বিনালে’ খন চাবা । সাগৰত আৰম্ভ হৈছে, সাগৰতে শেষ হৈছে চিনেমাখন । সি সাগৰখন চুবলৈ বিচাৰি ফুৰে । … lastতো সি সাগৰখনকে চুৱে ।
● যেতিয়া বুঢ়া হম তেতিয়া কেইটা আহে চাম । যোন য’ত মৰে তেতিয়া তিনিটা মানুহো লগত নাথাকে ।
● মুম্বাইত মানে মানুহ bore হৈ যায় । মই ১২ বছৰ থাকিলো । Its so boring city । তাত কোনো ৰজা নাই । ৰাজেশ খান্না মৰিল । মাত্ৰ বাতৰি এটা ওলাল । ৰাজেশ খান্না নাই । মই তাত কৈছিলো — “চা, অসমত যদি মই মৰো, এসপ্তাহ বন্ধ হৈ যাব ।” মই সেইদৰে জীয়াই থাকিব বিচাৰো । মোক সেইবাবে মুম্বাইত সকলোৱে ভয় কৰে । ৰোহিত চেট্টীৰ দৰে পৰিচালকৰ এখন চিনেমাত গান গাবলৈ কৈছিল । গানটো পচন্দ নোহোৱাত মই নাগালো । ৰোহিত চেট্টী তেতিয়া আচৰিত হৈ কৈছিল — “ই কেনেকুৱা মানুহ ?” দুটামানে তেওঁক ক’লে — “ই এনেকুৱাই মানুহ । ই ৰজাৰ দৰে থাকে ।” তহঁতৰ কাম আছে অসমলৈ আহিবি । মই নাযাওঁ ।
— এয়াই আছিল জুবিন । এই জুবিনেই গাইছিল — “মই নথকাৰ অনুভৱ যিদিনা হ’ব তোমাৰ…” । সঁচাকৈয়ে তুমি ঠিকেই গাইছিলা জুবিন…।
(শিৱাণু বৰাৰ ৱালৰ পৰা)

Leave a Reply

Your email address will not be published. Required fields are marked *