জুবিনলৈ অন্তিম বিদায় !
আটছাৰ আহ্বানত ডিব্ৰুগড় জিলাত১৮৩খন বাগিচা বন্ধ
বাগিচাই বাগিচাই জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি চাহ শ্ৰমিকৰ
চাইন অন ডেস্ক:
অসম আৰু অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্তোষ্টিক্ৰীয়াৰ সাক্ষী হবৰ বাবে অসম চাহ জনজাতি ছাত্ৰ সন্থাই ৰাজ্যজুৰি আহ্বান কৰা বাগিচা বন্ধৰ প্ৰতি সহাৰি জনাই ৰাজ্যৰ বাকী প্ৰান্তৰ লগতে ডিব্ৰুগড় জিলাৰ ১৮৩খন চাহ বাগিচা বন্ধ কৰি চাহ শ্ৰমিক ৰাইজে প্ৰাণৰ শিল্পী গৰাকীলৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। আজি বগপৰা, বকেল, মানকটা, চেচা, খনিকৰ, ইদা,টেমটো,মাইজান, লেপেটকটা,নাহৰকটীয়া, ডিকম, মোহনবাৰী, গ্ৰীনউদ, মনোহৰী, লেংৰাই, উইলটন, চাবুৱা,মৰাণ,খোৱাং, মোকলবাৰী, চিংলিজান, ৰাজগড় আদিৰ লগতে ১৮৩ খন চাহ বাগিচাৰ লাখ লাখ চাহ শ্ৰমিকে প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কান্দোনত ভাগি পৰে।
উল্লেখ যে ‘উখ উখ শিৰীষ নিচে চাই গাছ/ মৰ গইৰাম তুলিছে কাচা কাচা/বাৰে বাৰে গইৰাম থিনে নজৰ চলি যাই’ ।’আচাম দেশেৰ চাহকে বাগানে গাছে ফলে চনা ৰূপাৰে/হাৰিআলি চাইকে বাগান/মৰে ধনি কেনে যাব ছাৰিয়ে আসাম’। ‘উৰিয়া মুণ্ডা তেলেঙা মাঝি চাওঁতাল চাউৰা/সবাই মিলে হৈ গেলি সামাৰা বাগানীয় নতুন আসামীয়া/সাৰিআলি চাহকে বাগান/মৰে ধনি কাহা যাব চাৰিয়ে আসাম’। ‘এই দেশে জনম পালি/এই দেশে হাৱা খালি/এইটাই যে আপন দেশ বঝাতে লাগে নিকি/কেনে এইচব ৰাজনীতি/সাৰিআলি চাহকে বাগান/মৰে ধনি কাহা যাৱ চাৰিয়ে আসাম’।’চিংৰি মাছে বুড়া ঝিঙা মেইচ ল না/অ চছুৰ গাইল দিঅ না/অচছুৰ গাইল দিঅ না/আৰ এমন কৰব না’। ‘দুখেৰে হাৱা যদি আছে জীৱনে/মকে ছৰে যাবে নিকি তই/সুখে দুখে তৰ সঙে ৰহিকে জীৱন বিতাই যাব মই/তুই ছাৰে গেলে/ মই মৰি যাব/তাড়া হৈ তকে বাৰ বাৰ দেখিব’।আদিৰ লগতে বহু কালজয়ী গীত চাহ শ্ৰমিকৰ দৰিদী জীৱনকলৈ জুবিন গাৰ্গে সৃষ্টি কৰি গৈছে। আজি যুৱ প্ৰজন্মৰ হিয়াৰ স্পন্দন প্ৰাণৰ শিল্পীগৰাকীক হেৰুৱাৰ বেদনা বুকুত লৈ বগপৰা,বকেল আৰু মানকটা চাহ বাগিচাত আয়োজিত শ্ৰুদ্ধাজ্ঞলি অনুষ্ঠানত হাজাৰ হাজাৰ চাহ শ্ৰমিকৰ লগতে আটছা ডিব্ৰুগড় জিলা সমিতিৰ সম্পাদক লখিন্দৰ কুৰ্মিয়ে অশ্ৰুসিক্ত নয়নেৰে প্ৰাণৰ শিল্পী গৰাকীলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি অসমৰ জাতীয় জীৱনৰ লগতে চাহ শ্ৰমিকৰ সংগ্ৰামী জীবনলৈ জুবিন দা’ই কণ্ঠদান কৰা গীতসমুহ চিৰকাল চাহ শ্ৰমিকক সাহস আৰু প্ৰেৰণা যুগাব বুলি মন্তব্য কৰে।