জুবিন গাৰ্গৰ নশ্বৰদেহত শেষ শ্রদ্ধা অর্পণ কেন্দ্ৰীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ
চাইন অন ডেস্ক:
“জুবিন গাৰ্গৰ অকাল বিয়োগ বিশ্বৰ সংগীত জগতৰ বাবে এক অপূৰণীয় ক্ষতি”: কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল
সৰুসজাই:
গুৱাহাটীৰ সৰুসজাইস্থিত ভোগেশ্বৰ বৰুৱা ক্রীড়া চৌহদৰ প্ৰাঙ্গণত উপস্থিত হৈ কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ হার্টথ্র’ব জুবিন গাৰ্গৰ নশ্বৰদেহত শেষ শ্রদ্ধা অর্পণ কৰে আৰু বিদেহ আত্মাৰ সদগতি কামনা কৰি গভীৰ শ্ৰদ্ধাঞ্জলি জনায়। লগতে জুবিন গাৰ্গৰ সহধর্মিণী গৰিমা শইকীয়া গাৰ্গক দেখা কৰি গভীৰ সমবেদনা জ্ঞাপন কৰে সোণোৱালে।
কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে উল্লেখ কৰে, “আমি গভীৰভাৱে শোকস্তব্ধ! অসমৰ সাংস্কৃতিক জগতক উকা কৰি আমাৰ মাজৰপৰা কায়িকভাৱে আঁতৰি যোৱা মৰমৰ যুগজয়ী শিল্পী জুবিন গাৰ্গৰ নম্বৰদেহত শেষ শ্রদ্ধার্ঘ্য অর্পণ কৰি বিদেহ আত্মাৰ সদগতি কামনা কৰিলোঁ। জুবিন গাৰ্গৰ অকাল বিয়োগ অসমৰ সংগীত জগতৰ বাবেই নহয়, বিশ্বৰ সংগীত জগতৰ বাবেও এক অপূৰণীয় ক্ষতি।
সৃষ্টিত যাৰ সাধনাৰ বৃষ্টি কণ্ঠ; শব্দ, সুৰত যাৰ সুদূৰ দৃষ্টি, সেইগৰাকী প্ৰাণৰ জুবিন অসমীয়াৰ হৃদয়ৰ প্রশান্তি। জাতি-ধর্ম-ভাষা-বর্ণ নির্বিশেষে সৰ্বস্তৰৰ ৰাইজৰ মাজত জুবিনৰ অপূর্ব সৃষ্টিৰাজিৰ জয়গান প্রতিধ্বনিত হৈ ৰ’ব প্ৰতিপল। আমি অসমীয়া জাতিয়ে আমাৰ হৃদস্পন্দন জুবিনক জীয়াই ৰাখিম চিৰকাল।”