...

“ভাৰতে বহনক্ষম সামুদ্রিক উন্নয়নৰ পথত ক্ষিপ্ৰতাৰে আগবাঢ়িছে, ২০৪৭ চনৰ ভিতৰত বিশ্বক নেতৃত্ব দিয়াৰ লক্ষ্য”: সর্বানন্দ সোণোৱাল

Spread the love

“ভাৰতে বহনক্ষম সামুদ্রিক উন্নয়নৰ পথত ক্ষিপ্ৰতাৰে আগবাঢ়িছে, ২০৪৭ চনৰ ভিতৰত বিশ্বক নেতৃত্ব দিয়াৰ লক্ষ্য”: সর্বানন্দ সোণোৱাল

“কোচিন বন্দৰ আৰু কোচিন আন্তঃৰাষ্ট্ৰীয় ক্রুজ টার্মিনেলৰ অধিক সম্প্ৰসাৰণ কৰা হ’ব”: সোণোৱাল

 

কোচি:

ভাৰতৰ সামুদ্রিক খণ্ডই এক দ্রুত ৰূপান্তৰমুখী যাত্ৰাৰে আগবাঢ়িছে, দেশখনে ভৱিষ্যতৰ বিশ্বৰ আগশাৰীৰ সামুদ্রিক মহাশক্তি হিচাপে প্রতিষ্ঠিত হোৱাৰ আকাংক্ষাৰে কাম কৰি আছে। বর্ধিত বিনিয়োগ, আধুনিক পৰিকাঠামো আৰু বহনক্ষম সংস্কাৰৰ সৈতে মোদী চৰকাৰে উপকূল আৰু জলপথৰ শক্তি-সম্ভাৱনাক ৰূপান্তৰ কৰি এক শক্তিশালী আৰু পৰিৱেশ
অনুকূল অর্থনীতি গঢ়ি তুলিছে, যিয়ে ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ দৃষ্টিভংগীক ত্বৰান্বিত কৰিছে।
কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জানিবলৈ দিয়ে যে, সামুদ্রিক অমৃতকাল দৃষ্টিভংগী ২০৪৭ৰ অধীনত ভাৰতে ৮০ লাখ কোটি টকাৰ বিনিয়োগ আকৰ্ষিত কৰিব, ১.৫ কোটিৰো অধিক নিয়োগৰ সৃষ্টি কৰিব আৰু সেউজ জাহাজ পৰিবহণ পদ্ধতিক ত্বৰান্বিত কৰিব।
সর্বানন্দ সোণোৱালে কয়, “দক্ষ বন্দৰৰ পৰা ডিজিটেল জাহাজ পৰিবহণলৈ, প্রতিটো পদক্ষেপতে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অৰ্থনৈতিক শক্তিৰ সৈতে পৰিৱেশগত দায়বদ্ধতাৰ সংমিশ্রিত দৃষ্টিভংগী প্রতিফলিত হৈছে। তেখেতৰ সবল নেতৃত্বত ভাৰতৰ নীল অর্থনীতিয়ে ৮০ লাখ কোটি টকাৰ উন্নতি আৰু ১.৫ কোটি নিয়োগ সৃষ্টিৰ লক্ষ্য লৈছে।”
কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রালয়ৰ প্ৰধান কাৰ্যসূচী সাগৰমালা প্রকল্পই ২০৩৫ চনৰ ভিতৰত ৮৪০টা প্ৰকল্পৰ জৰিয়তে ৫.৮ লাখ কোটি টকাৰ বিনিয়োগৰ বাবে এই পৰিৱৰ্তনৰ নেতৃত্ব দিছে। ইতিমধ্যে ২৭২টা প্রকল্প ১.৪১ লাখ কোটি টকাৰ বিনিয়োগেৰে সম্পূৰ্ণ হৈছে। মহাৰাষ্ট্ৰৰ ৭৬,০০০ কোটি টকাৰ ৱধাবন বন্দৰ বিশ্বৰ শীর্ষ ১০টা কন্টেইনাৰ বন্দৰৰ ভিতৰত অন্যতম হ’ব বুলি কাম কৰি থকা হৈছে, যিয়ে ১২ লাখ নিয়োগৰ সৃষ্টি কৰিব। ইতিমধ্যে ভাৰতৰ প্ৰধান বন্দৰসমূহে গড় টার্ণআৰউণ্ড সময় ০.৯ দিনলৈ হ্রাস কৰিছে, যি আমেৰিকা, জার্মানী আৰু ছিংগাপুৰৰ বিশ্বৰ মানতকৈও দ্রুত। ভাৰতৰ নটা বন্দৰে এতিয়া বিশ্বৰ শীর্ষ ১০০ৰ ভিতৰত স্থান লাভ কৰিছে।
নীতি সংস্কাৰৰ পৰিৱেশ সৃষ্টিৰ সন্দৰ্ভত চৰকাৰৰ ভূমিকাৰ বিষয়ে কোৱাৰ সময়ত সর্বানন্দ সোণোৱালে কয়, “আমাৰ নীতি সংস্কাৰে বিনিয়োগ অনুকূল পৰিৱেশ গঢ়ি তুলিছে। শেহতীয়াকৈ আমি পাঁচখন যুগান্তকাৰী আইন প্রণয়ন কৰিছোঁ, যিয়ে দেশৰ সামুদ্রিক পৰিৱেশক সলনি কৰিছে, এক শক্তিশালী, ব্যৱসায় আৰু পৰিৱেশ অনুকূল, বিশ্বৰ সৈতে সংগতি ৰখা আইনী পৰিকাঠামো প্ৰতিষ্ঠা কৰিছে। ২৫,০০০ কোটি টকাৰ সামুদ্রিক উন্নয়ন পুঁজি (MDF), জাহাজ নির্মাণ বৃদ্ধি, বৃহৎ জাহাজৰ বাবে আন্তঃগাঁথনি আৰু অন্তর্দেশীয় জাহাজৰ বাবে টনেজ কৰৰ সুবিধাই দেশৰ সামুদ্রিক খণ্ডক প্রতিযোগিতামূলক আৰু বিশ্বৰ সৈতে সংগতি বৃদ্ধি কৰিছে।”
কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে কয়, “ইউ পি এ চৰকাৰৰ কোনো দৃষ্টিভংগী নথকা শাসনৰ অৱসান ঘটাই প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ লোৱাৰ পৰাই নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দুটা মহৎ দৃষ্টিভংগী দিছে মেৰিটাইম ইণ্ডিয়া ভিছন ২০৩০ আৰু মেৰিটাইম অমৃতকাল ভিছন ২০৪৭, যাৰ ফলত এই খণ্ডটোক পৰিৱেশ অনুকূল, বিশ্বৰ সৈতে সংগতি ৰখা আইনী পৰিকাঠামো প্রতিষ্ঠা কৰিছে। ২৫,০০০ কোটি টকাৰ সামুদ্রিক উন্নয়ন পুঁজি (MDF), জাহাজ নির্মাণ বৃদ্ধি, বৃহৎ জাহাজৰ বাবে আন্তঃগাঁথনি আৰু অন্তর্দেশীয় জাহাজৰ বাবে টনেজ কৰৰ সুবিধাই দেশৰ সামুদ্রিক খণ্ডক প্রতিযোগিতামূলক আৰু বিশ্বৰ সৈতে সংগতি বৃদ্ধি কৰিছে।”
কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে কয়, “ইউ পি এ চৰকাৰৰ কোনো দৃষ্টিভংগী নথকা শাসনৰ অৱসান ঘটাই প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ লোৱাৰ পৰাই নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দুটা মহৎ দৃষ্টিভংগী দিছে মেৰিটাইম ইণ্ডিয়া ভিছন ২০৩০ আৰু মেৰিটাইম অমৃতকাল ভিছন ২০৪৭, যাৰ ফলত এই খণ্ডটোক শক্তিশালী কৰি ভাৰতীয় অর্থনীতিক বিকশিত ভাৰতৰ দিশত এক শক্তি হিচাপে পৰিণত কৰা হৈছে। কেৰালাই এই সামুদ্রিক পুনর্জাগৰণৰ এক মুখ্য চালিকাশক্তি হিচাপে আত্মপ্রকাশ কৰিছে। ২০২৪ চনত কাৰ্যকৰী হোৱা বিজিনজাম আন্তঃৰাষ্ট্ৰীয় সাগৰীয় বন্দৰ ভাৰতৰ প্ৰথম সম্পূর্ণ স্বয়ংক্রিয় ট্রান্সশ্বিপমেন্ট হাব হিচাপে ১০.৬ লাখ টি ই ইউ (TEUs) আৰু প্রায় ৫০০খন জাহাজ পৰিচালনা কৰিছে। সাগৰমালাৰ অধীনত কেৰালাত ২৪,০০০ কোটি টকাৰে মুঠ ৫৪টা প্ৰকল্পৰ কাম চলি আছে, যাৰ ভিতৰত ২০টা ইতিমধ্যে সম্পূর্ণ হৈছে। তদুপৰি কোচিন বন্দৰ আৰু কোচিন আন্তঃৰাষ্ট্ৰীয় ক্রুজ টার্মিনেলৰ অধিক সম্প্ৰসাৰণ কৰা হ’ব।”
২০২৫ চনৰ অক্টোবৰত মুম্বাইত অনুষ্ঠিত হ’বলগীয়া ভাৰত সামুদ্রিক সপ্তাহৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে আন্তঃৰাষ্ট্ৰীয় অংশীদাৰিত্ব শক্তিশালী কৰা আৰু নতুন বিনিয়োগৰ প্ৰবাহৰ আশা কৰিছে। সৰ্বানন্দ সোণোৱালে ইয়াত বিশ্বৰ সামুদ্রিক অংশীদাৰসকলক ডিকাৰ্বনাইজেচন, যোগান শৃংখলৰ স্থিতিস্থাপকতা, চাইবাৰ নিৰাপত্তা আৰু বহনক্ষম জাহাজ পৰিবহণৰ বিষয়ে আলোচনাৰ বাবে আহ্বান জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *