...

ডিব্ৰুগড়ত ৰেডক্ৰছ চ’ছাইটিৰ ৬১ সংখ্যক সভা সম্পন্ন

Spread the love

 

 

ডিব্ৰুগড়ত ৰেডক্ৰছ চ’ছাইটিৰ ৬১ সংখ্যক সভা সম্পন্ন

 

 

চাইন অন ডেস্ক:

ডিব্ৰুগড়ত ৰেডক্ৰচ চ’ছাইটিৰ ৬১ সংখ্যক মাহেকীয়া সভাখনি কালি চ’ছাইটি সদস্যসকলৰ উপস্থিতিত সম্পন্ন হয়। ডিব্ৰুগড়ৰ বিশিষ্ট ব্যৱসায়ী, সমাজসেৱক , মানৱ দৰদী তথা চ’ছাইটিৰ উপপৃষ্ঠপোষক আত্মাৰাম বিমৰীৱালৰ নৱনিৰ্মিত খলিহামাৰিস্থিত হোটেল ” চিগনেট ইন “ত এই সভাখনি সম্পন্ন হয়। চ’ছাইটিৰ সভাপতি ড০ পঙ্কজ কুমাৰ শ্ৰুতিকৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত কেইবাটাও গুৰুত্বপূৰ্ণ দিশ সামৰি কাৰ্য্যপন্থা হাতত লোৱা হয়। এই ক্ষেত্ৰত চ’ছাইটিৰ সম্পাদক অনুজ কুমাৰ বৰুৱাই বিগত ৬০ সংখ্যক সভাৰ প্ৰতিবেদন পাঠকৰাৰ লগতে ইতিমধ্যে ৰূপায়িত হোৱা বিভিন্ন কাৰ্যৱলীৰ বিষয়ে সভাত ব্যক্ত কৰে । সভাত মূলতঃ স্বেচ্ছাসেৱী দলৰ গঠন আৰু প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা তথা অৰ্থ সংগ্ৰহ আৰু চ’ছাইটিৰ সদস্য সকলৰ বাবে পৰিচয় সূচক বেজ পৰিধানৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই সভাতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে সভাৰ আজীৱন সদস্যৰ পদ গ্ৰহণ কৰে। সভাত উপস্থিত ৰেডক্ৰছ চ’ছাইটিৰ উপ-পৃষ্ঠপোষক ডাঃ প্ৰণিত কুমাৰ চৌধুৰী আৰু আত্মাৰাম বিমৰীৱালে ৰেডক্ৰছৰ মূল লক্ষ্য আৰু উদ্দেশ্য সাৰোগত কৰি মানৱ সেৱাৰ বাবে সকলোকে হাত আগবঢ়াবলৈ অনুৰোধ জনায় । অনুষ্ঠানত ড০ কৰবী ডেকা হাজৰিকা, ড০ ৰুনুমা শৰ্মা, ড০ ৰঘুনাথ বৰবৰা, আদি উপস্থিত থাকে।
সভাৰ অন্তত ভাৰতৰত্ন সুধাকণ্ঠ ড: ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষত তেখেতৰ কালজয়ী গীত “মানুহে মানুহৰ বাবে” পৰিবেশন কৰা হয় আৰু ‘মৃত্যু জিনাৰ গান’- শীৰ্ষক কবিতাটি সভাৰ আজীৱন সদস্য কৃপাল কুমাৰ ফুকনে আবৃত্তি কৰি তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *