...

ভয়াৱহ বানৰ কৱলত চাৰিদুৱাৰৰ বগীজুলি

 

 

ভয়াৱহ বানৰ কৱলত চাৰিদুৱাৰৰ বগীজুলি

 

 

বন্যাৰ্তৰ মাজত হাহাকাৰ

 

বালিপৰা: ভয়াৱহ বানৰ কৱলত শোণিতপুৰৰ চাৰিদুৱাৰৰ সীমান্তৱৰ্তী বগীজুলি অঞ্চল । দুদিন ধৰি অঞ্চলটোত অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত ফেনে-ফোটোকাৰে বাঢ়ি অহা বগীজুলি নৈয়ে যোৱানিশাৰে পৰা বুৰাই পেলায় সমগ্ৰ বগীজুলি অঞ্চলটো।

নৈখনৰ পানীয়ে বগীজুলি অঞ্চলৰ সহস্ৰাধিক ৰাইজৰ প্ৰায় প্ৰতিটো বাসগৃহ, গড়মৰাৰপৰা বগীজুলি সংযোগী মূল পকী পথ ,কালভাৰ্ট ইত্যাদি বুৰাই পেলোৱাৰ ফলত ৰাইজৰ লগতে পশু-ধনৰ মাজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে । আনহাতে বানত বুৰ গৈছে শ শ বিঘা ধাননি পথাৰ আৰু বাৰীৰ বিভিন্ন প্ৰকাৰৰ খেতি, চাহ বাগিছা আদি । বানৰ ফলত কেইবাখনো চৰকাৰী বিদ্যালয়ৰ পাঠদান কাৰ্যও ব্যাহত হৈছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *