Skip to content বোকাজানত পালন কৰম পূজা
বোকাজানৰ বিধায়ক ড° নুমল মোমিন উপস্থিত থাকি শুভেচ্ছা
বোকাজান:
বোকাজানৰ মৰাকদৈ আঞ্চলিক সমিতিৰ উদ্যোগত আনুষ্ঠানিকভাৱে পালৱ কৰা হয় কৰম পূজা।
এই ধৰ্মীয় ৰীতি-নীতি সমৃদ্ধ উৎসৱটো অগ্ৰজ দেৱ-দেৱীৰ আশীৰ্বাদ লাভৰ বাবে আৰু সমাজত সুখ-শান্তি বজাই ৰখাৰ উদ্দেশ্যেৰে প্ৰতিবছৰে আয়োজন কৰা হয়।
কৰম পূজা প্ৰকৃতিত বিশ্বাস আৰু কৃষিৰ সমৃদ্ধিৰ কামনাৰ সৈতে জড়িত। এই পূজাত পৰিৱেশত সৃষ্টি হোৱাৰ লগতে ধৰ্মীয় আচাৰ-অনুষ্ঠানৰ মাধ্যমেৰে ভগৱানক প্ৰাৰ্থনা কৰা হয় যাতে বছৰত ভাল ধানহাল হয়, সমাজত দুখ-দুৰ্দশা আঁতৰ হয় আৰু জনসাধাৰণে অপশক্তিৰ পৰা ৰক্ষা পায়।
সৰিয়হজান কচাৰী গাঁও উচ্চতৰ প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰত তিনিদিনীয়া আয়োজিত কৰম পূজা উজ্বল উৎসাহৰ মাজেৰে সম্পন্ন হয়। তিনিদিনীয়া কাৰ্যসূচীৰ অন্তিম দিনৰ স্মৃতিচৰণী অনুষ্ঠানত বিশেষকৈ উপস্থিত থাকি সকলোকে শুভেচ্ছা জনালে বোকাজান বিধানসভাৰ বিধায়ক ড° নুমল মোমিন।
স্থানীয় জনগণ, বিশেষকৈ মহিলা সমাজ আৰু যুৱ সমাজে একেলগ হৈ পূজাখন আনন্দ-উৎসৱৰ ৰূপত পৰিণত কৰে। উৎসৱৰ সময়ত সংগীত, নৃত্য আৰু নানা ধৰ্মীয় কাৰ্যসূচীৰ আয়োজন কৰা হয়।
উৎসৱৰ আয়োজকসকলে জানিবলৈ দিয়ে, “কৰম পূজা আমাৰ জাতিগত পৰম্পৰা আৰু ধৰ্মীয় পৰিচয়। এই উৎসৱে আমাৰ সমাজক মিলন আৰু সম্প্ৰীতিৰ বাৰ্তা দিয়ে। আগন্তুক প্ৰজন্মলৈ এই পৰম্পৰাটো সংৰক্ষণ কৰি নিয়ে যোৱাৰ প্ৰতিশ্ৰুতি আমাৰ।”
আঞ্চলিক সাংস্কৃতিক ধাৰা সংৰক্ষণ আৰু ধৰ্মীয় পৰম্পৰা অক্ষুণ্ণ ৰাখি মিলন-মেলাৰ দৰে উদযাপিত কৰম পূজাই এবাৰো বোকাজানৰ সমাজ জীৱনত নতুন উদ্দীপনা যোগালে।
(অনুৰাগ ভূঁঞা)