...

অসমৰ চাহ জনগোষ্ঠীয় লোকৰ আবেগক লৈ হেতালী বিজেপিৰ!

Spread the love

অসমৰ চাহ জনগোষ্ঠীয় লোকৰ আবেগক লৈ হেতালী বিজেপিৰ!

ঝুমুৰক গ্ৰীণিজ ৰেকৰ্ডত স্থান পোৱাক লৈ আভুৱা

ডিব্ৰুগড় সংবাদ মেলত উদঙাই দিলে

 

চাইন অন ডেস্ক:

অসমৰ চাহ জনগোষ্ঠীয় লোকৰ আবেগক লৈ হেতালী বিজেপিৰ।চাহ জনগোষ্ঠীয় ৰাইজৰ স্বভীমানক লৈ প‌ৰৱঞ্চনা বি জি পি চৰকাৰৰ।২০০ বছৰীয়া ইতিহাস গৰকা অসমৰ চাহ উৎপাদনৰ ক্ষেত্ৰত অহোপুৰুষাৰ্থ ত্যাগ স্বীকাৰ কৰি অহা চাহ জনগোষ্ঠীয় লোকৰ ঝুমুৰক লৈ সাংস্কৃতিক মন্ত্ৰী বিমল বড়া, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা সহ দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰা কুটিল ৰাজনীতি কেতিয়াও সহ্য নকৰে চাহ জনগোষ্ঠীয় লোক সকলে। ডিব্ৰুগড় সাহিত্য সভা ভৱনত এক সংবাদ মেলৰ জৰিয়তে শেহতীয়াকৈ চাহ জনগোষ্ঠীয় প্ৰতিজন লোকৰ আবেগ বিজড়ীত ঝুমুৰ নৃত্যক গ্ৰীণিজ ৱৰ্ল্ড ৰেকৰ্ডছ স্থান অন্তৰ্ভুক্ত কৰা উদ্দেশ্য গুৱাহাটীত দেশৰ প্ৰধানমন্ত্ৰীৰ উপস্থিতিত প্ৰদৰ্শন কৰাৰ আজি ছয় মাহৰ পাছতো কোনো প্ৰমাণ পত্ৰ লাভ নকৰাৰ লগতে সাংস্কৃতিক মন্ত্ৰীয়ে এতিয়া বিপৰীত ভাষ্য প্ৰদান কৰা কাৰ্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠন জাতীয় চাহ শক্তিয়ে ক্ষোভ প্ৰকাশ কৰে। সংগঠনটোৰ হে সম্ভু তাঁতীয়ে কয় যে, অসমৰ অৰ্থনীতিত অৱদান আগবঢ়াই যোৱা চাহ জনগোষ্ঠীৰ লোক সকল সহজ-সৰল। বিজেপি চৰকাৰে ঝুমুৰক গ্ৰীণিজ ৰেকৰ্ডত স্থান পাব বুলি আবেগিক হৈ পৰিছিল।যাৰ বাবে অসমৰ বাগানে বাগানে বেলেগ ধৰণৰ পৰিৱেশ সৃষ্টি হৈছিল। আনকি হাইস্কুল-শিক্ষান্ত পৰীক্ষা , উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ প্ৰাৰ্থীয়েও পৰীক্ষাত নবহি ঝুমুৰ নৃত্যত অংশগ্ৰহণ কৰিছিল। অনুষ্ঠানৰ দিনা বাগানে বাগানে এলচিডি লগাই সৰু সজাই সেই ঝুমুৰ নৃত্যৰ ঐতিহাসিক মুহূৰ্ত্ত উপভোগ কৰাৰ বাবে হেতা-উপৰা কৰিছিল। কিন্তু শেহতীয়াকৈ যোৱা ৫ চেপ্তেম্বৰত মন্ত্ৰী বিমল বড়াই সকলোৱে আশাত চেঁচা পানী পেলাই ঝুমুৰ নৃত্য গ্ৰীণিজ ৱৰ্ল্ড ৰেকৰ্ডছ বাবে পৰিৱেশন নকৰা বুলি কোৱা পাছতেই বাগানে-বাগানে এতিয়া ক্ষুভ।
কংগ্ৰেছ, বিজেপি,অসম গণ পৰিষদ সকলোৱে কেবল চাহ জনগোষ্ঠীয় লোকক ঠগি আহিছে বুলি কৈ তীব্ৰ ক্ষুভ উজাৰি চাহ জনগোষ্ঠীৰ লোকক স্বভীমানত আঘাট সনা কাৰ্য কেতিয়াও সহ্য নকৰে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰূপজ্যোতি কুৰ্মী,তেৰছ গোৱালা,সঞ্জয় কৃষান,ৰূপেছ গোৱালা, কামাখ্যা প্ৰসাদ তাসা,পল্লৱ লোচন দাস চাহ জনগোষ্ঠীয় লোকৰ বাবে সদায় গাড্ডাৰ হৈ ৰব বুলি কৈ তেওঁ লোক চাহ জনগোষ্ঠীয় তেজ নাই বুলি কয়। জনগোষ্ঠীটোক ৰাম ঠগন দিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ হাত আছে বুলি ক্ষোভ প্ৰকাশ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *