...

বান-বিধস্ত পঞ্জাব ভ্ৰমণ প্রধানমন্ত্রী মোডীৰ

Spread the love

বান-বিধস্ত পঞ্জাব ভ্ৰমণ প্রধানমন্ত্রী মোডীৰ

বন্যার্ত কৃষকৰ পৰিস্থিতিৰ বুজ ল’লে প্রধানমন্ত্রীয়ে

এই পর্যন্ত মৃত্যু ৩৭ জনৰ

 

নতুন দিল্লী:

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে
বানবিধ্বস্ত পঞ্জাবৰ বান পৰিস্থিতি পৰিদৰ্শন কৰে। ৰাজ্যখনৰ বান পৰিস্থিতি আৰু ক্ষতিগ্রস্ত বন্যার্ত আৰু কৃষকসকলক সাক্ষাৎ কৰি পৰিস্থিতিৰ বুজ ল’লে প্রধানমন্ত্রী মোডীয়ে। বানত ক্ষতিগ্রস্ত জনসাধাৰণ আৰু কৃষকসকলক সাহায্য প্রদান আৰু তেওঁলোকক আশ্রয় শিবিৰত থকা-খোৱাৰ সকলো সা-সুবিধা প্ৰদানৰ ব্যৱস্থাৰো তদাৰক কৰে।
হঠাতে ৰাজ্যখনত বৃদ্ধি পোৱা বানে কেইবাখনো গাঁও ডুবাই পেলাইছিল। ৯ ছেপ্টেম্বৰত পঞ্জাবৰ গুৰুদাসপুৰত বানাক্ৰান্ত জনসাধাৰণক আলোচনাত
ভাগ লৈ তেওঁলোকক প্রয়োজনীয় সকলো সা-সুবিধা প্ৰদান কৰাৰ ব্যৱস্থা কৰিব প্রধানমন্ত্রীয়ে।
উল্লেখযোগ্য যে শেহতীয়া বান পৰিস্থিতি উত্তৰ ভাৰতত অধিক ভয়ংকৰ হৈ পৰিছে। হৰপ্পা বানত বিধ্বস্ত হৈ পৰিছে হিমাচল প্রদেশ, উত্তৰাখণ্ড আৰু জম্মু-কাশ্মীৰ। ইপিনে
নেৰানেপেৰা প্ৰবল বৃষ্টিপাতৰ ফলত শেহতীয়াকৈ পঞ্জাবৰ বিস্তীর্ণ এলেকা এতিয়া বানৰ কবলত। এনে পৰিস্থিতিত পঞ্জাবক বিপর্যস্ত ৰাজ্য হিচাপে ঘোষণা কৰিছে আপ চৰকাৰে। উদ্ধাৰ কার্যত নিয়োজিত হৈছে ভাৰতীয় সেনাৰ তিনি বাহিনী। বানৰ কবলত ৰাজ্যখনত এই পর্যন্ত মৃত্যু হৈছে ৩৭ জনৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *