...

ডিব্ৰুগড় জিলা প্ৰশাসন আৰু জিলা শিক্ষা বিভাগৰ উদ্যোগত

Spread the love

ডিব্ৰুগড় জিলা প্ৰশাসন আৰু জিলা শিক্ষা বিভাগৰ উদ্যোগত

কেন্দ্ৰীয়ভাবে ৬৪ সংখ্যক শিক্ষক দিৱস উদযাপন

জিলাখনৰ ৩ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীলৈ কৃতি শিক্ষকৰ বঁটা

দুগৰাকীলৈ বিশেষ সেৱা বঁটা

 

চাইন অন ডেস্ক:

বিশিষ্ট দাৰ্শনিক, শিক্ষাবিদ, ৰাজনীতিবিদ ড০ সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জন্মদিৱসৰ লগত সংগতি ৰাখি ডিব্ৰুগড় জিলা প্ৰশাসন আৰু জিলা শিক্ষা বিভাগৰ উদ্যোগত ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আজি কেন্দ্ৰীয়ভাবে ৬৪ সংখ্যক শিক্ষক দিৱস উদযাপন কৰা হয়। ড০ সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিচ্ছবিত পুষ্প অৰ্পণেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা আজিৰ শিক্ষক দিৱসৰ কাৰ্যসূচীত বিশিষ্ট অতিথি তথা নিৰ্দষ্ট বক্তা হিচাতে উপস্থিত থাকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত প্ৰাধ্যাপক ড০ ভীমকান্ত বৰুৱা। নিৰ্দিষ্ট বক্তা হিচাপে ভাষণ প্ৰদান কৰি তেওঁ দেশৰ বাবে মানৱ সম্পদ গড় দিয়াৰ ক্ষেত্ৰত শিক্ষকসকলৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰাৰ লগতে পৰিৱৰ্তিত শিক্ষা ব্যৱস্থাৰ ওপৰতো আলোকপাত কৰে। শিক্ষক দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকি জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে কয় যে, এখন প্ৰগতিশীল দেশ তথা সমাজ নিৰ্মাণত শিক্ষকসকলৰ দায়িত্ব অপৰিসীম। শিক্ষানুষ্ঠানসমূহে প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক দেশৰ একোজন সুনাগৰিক আৰু মানৱ সম্পদ হিচাপে গঢ়ি তুলিবলৈ অহোপুৰুষাৰ্থ কৰিব লাগিব বুলিও তেওঁ মন্তব্য আগবঢ়ায়।
শিক্ষক দিৱসৰ এই পৱিত্ৰ দিনটোত ডিব্ৰুগড় জিলাৰ তিনিগৰাকী শিক্ষক-শিক্ষয়িত্ৰীক কৃতি শিক্ষকৰ বঁটা প্ৰদান কৰাৰ লগতে আৰু আন দুগৰাকী শিক্ষক-শিক্ষয়িত্ৰীক বিশেষ সেৱা বঁটা প্ৰদান কৰা হয়। কৃতি শিক্ষকৰ বঁটা লাভ কৰে ক্ৰমে পানীতোলা শিক্ষাখণ্ডৰ অন্তৰ্গত ৰঙচঙী বালিকা মধ্য ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষক দেৱজিৎ শইকীয়া, লাহোৱাল শিক্ষা খণ্ডৰ অন্তৰ্গত চিৰিংহোলা মধ্য ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষক যুগল কোঁৱৰ আৰু খোৱাং শিক্ষা খণ্ডৰ অন্তৰ্গত বামুনবাৰী হাইস্কুলৰ সহকাৰী শিক্ষক জয়ন্ত বুঢ়াগোহাঁইয়ে। আনহাতে, বিশেষ সেৱাৰ বঁটা প্ৰদান কৰা হয় জয়পুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত নামচাং চাহবাগিচা আদৰ্শ বিদ্যালয়ৰ স্নাতক শিক্ষক চঞ্চল মজুমদাৰ আৰু সঞ্জীৱ প’লক। ইয়াৰোপৰি, ২০২৫ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিব্ৰুগড় জিলাত ৯০% বা তাতোধি উত্তীৰ্নৰ হাৰ প্ৰদৰ্শন কৰা ২৩ খনকৈ বিদ্যালয়ৰ কতৃপক্ষক আজিৰ অনুষ্ঠানতে সম্বৰ্ধনা জনোৱা হয়।
বিদ্যালয়সমূহৰ পৰিদৰ্শক ড০ সমীৰন বৰাই আদৰণি ভাষন আগবঢ়োৱা আজিৰ কাৰ্যসূচীত ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী, চাবুৱা সমষ্টিৰ বিধায়ক পোনাকন বৰুৱা, শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক পংকজ বৰঠাকুৰ, অসমৰ ৰাজ্যপালৰ জিলা ভিত্তিক বয়োজেষ্ঠ শিক্ষকৰ বঁটা প্ৰাপক মদন মঞ্জুৰী কোঁৱৰ প্ৰমুখ্যে জিলাখনৰ কেইবাগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক-শিক্ষয়িত্ৰী লগতে বিভিন্ন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, শিক্ষা বিভাগ আৰু অন্যান্য বিভিন্ন বিভাগৰ বিষয়ববীয়া উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *