Skip to content অমিত শ্বাহৰ প্ৰতিমূৰ্তি দাহ AJYCPৰ
ডিব্ৰুগড়ত চৰকাৰী আদেশৰ বিৰুদ্ধে প্ৰতিবাদ
চাইন অন ডেস্ক:
অসম জাতীয়তাবাদী যুৱ চত্ৰ পৰিষদ, ডিব্ৰুগড় জিলা সমিতিয়ে আজি খেমকা বজাৰৰ সন্মুখত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতিমূৰ্তি আৰু গৃহ মন্ত্ৰালয়ে জাৰি কৰা ইমিগ্ৰেচন আৰু বিদেশী (ৰেহাই) আদেশ, ২০২৫ৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
আন্দোলনকাৰীসকলে এই আদেশ আৰু নাগৰিকত্ব (সংশোধনী) আইন (CAA) প্ৰত্যাহাৰ কৰাৰ দাবী জনাই এই ব্যৱস্থাই অবৈধ অনুপ্ৰৱেশক বৈধতা প্ৰদান কৰাৰ লগতে অসমৰ পৰিচয়, সংস্কৃতি, জনগাঁথনিগত ভাৰসাম্যৰ প্ৰতি ভয়াৱহ ভাবুকি কঢ়িয়াই আনিব বুলি অভিযোগ উত্থাপন কৰে।