Skip to content “জোৰশিমুলীৰ চাম্পুপাৰাত ছাত্ৰী অপহৰণ*
*অভিযুক্ত যুৱকক জে’ললৈ প্ৰেৰণ*
গৰৈমাৰী:
কামৰূপ জিলাৰ
ছমৰীয়া সমষ্টিৰ অন্তৰ্গত জোৰশিমুলীৰ চাম্পুপাৰাৰ পৰা কিশোৰী অপহৰণকাৰী যুৱক এজনক আৰক্ষীয়ে আজি জে’ল-হাজোতলৈ প্ৰেৰণ কৰিছে৷ জানিব পৰামতে চাম্পুপাৰা গাঁৱৰ ছানিদুল ইছলাম (২২) নামৰ যুৱকজনে ২ ছেপ্টেম্বৰত চাম্পুপাৰা ইছলামিক শিশু নিকেতনৰ নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰী তথা কলহীকাষ গাঁৱৰ ১৬ বছৰীয়া কিশোৰী গৰাকীক বিয়াৰ প্ৰলোভন দি চাম্পুপাৰাৰ পৰা অপহৰণ কৰিছিল৷
উক্ত ঘটনা সন্দৰ্ভত কিশোৰী গৰাকীৰ মাতৃয়ে জোৰশিমুলী আৰক্ষী চকীত দাখিল কৰা এজাহাৰৰ ভিত্তিত জোৰশিমুলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পংকজ দাসে অভিযান চলাই কালি কিশোৰী গৰাকীক উদ্ধাৰ কৰাৰ লগতে অভিযুক্ত যুৱক ছানিদুল ইছলামক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷
ইপিনে জোৰশিমুলী আৰক্ষীয়ে উদ্ধাৰ কৰা কিশোৰীগৰাকীক কামৰূপ জিলা কিশোৰ ন্যায়িক ব’ৰ্ড তথা শিশু সুৰক্ষা সমিতিৰ অধীনত ৰাখি আজি কিশোৰী গৰাকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত স্বাস্থ্য পৰীক্ষা কৰায়৷ আনহাতে ধৃত যুৱকজনৰ বিৰুদ্ধে ভাৰতীয় আইন সংহিতা গোচৰ নং ২৬০/২৫ আৰু ইউ/এছ-৮৭/৩ (৫) বি এন এছ ধাৰাত ছয়গাঁও থানত গোচৰ পঞ্জীয়ন কৰি অভিযুক্ত যুৱক ছানিদুল ইছলামক আজি আদালতত হাজিৰ কৰাত আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে৷