...

ডিব্ৰুগড় চাইক্ল’থন 4.0

Spread the love

 

 

ডিব্ৰুগড় চাইক্ল’থন 4.0

 

 

ভাৰত ৰত্ন সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ প্ৰস্তুতি

 

 

চাইন অন ডেস্ক:

ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি পূৰ্বোত্তৰ প্ৰদেশীয় মাৰৱাৰী যুব মঞ্চৰ উদ্যোগত আৰু সুধাকণ্ঠ ড° ভূপেন হাজৰিকা সাংস্কৃতিক ট্রাষ্টৰ সহযোগত আয়োজিত কৰা হৈছে ডিব্ৰুগড় চাইক্ল’থন 4.0।

এই আয়োজনৰ লক্ষ্য হৈছে এক সেউজ আৰু স্বাস্থ্যকৰ পৰিৱেশ গঢ়ি তোলা আৰু চাইক্লিং প্ৰতি আগ্ৰহ বৃদ্ধিৰে সমাজক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰা।

অসমৰ বিভিন্ন ঠাইত অনুষ্ঠিত মাৰৱাৰী যুব মঞ্চৰ চাইক্ল’থন শৃংখলাৰ অংশ হিচাবে, ডিব্ৰুগড় সংস্কৰণ এইবাৰ কেন্দ্ৰীয় কাৰ্যসূচী ৰূপে প্ৰতিফলিত হ’ব। উদ্যোক্তা সকলে আশা প্ৰকাশ কৰিছে যে এইবাৰৰ এই আয়োজন হ’ব সবাতোকৈ বৃহৎ আয়োজন।

কাৰ্যসূচীত উপস্থিত থাকিব ড° ভূপেন হাজৰিকা সাংস্কৃতিক ট্রাষ্টৰ উপ-সভানেত্ৰী, খ্যাতনামা শিল্পী শ্ৰদ্ধাৰ মণিষা হাজৰিকা, লগতে বিভিন্ন অন্যান্য বিশিষ্ট অতিথিসকল।

📌 কাৰ্যসূচী:
শুভাৰম্ভণি (Flag-off): মানকটা পথ, পুৱা ৭:০০ বজাৰ পৰা

সামৰণী অনুষ্ঠান: মনোহৰী ৰিজৰ্ট, মোহনবাৰী, পুৱা ৮:৩০ বজাৰ পৰা

📌 পঞ্জীয়ন:
সম্পূৰ্ণ বিনামূলীয়া। প্ৰথম ৫০০ জন অংশগ্ৰহণকাৰীয়ে পাব অনুষ্ঠানৰ টি-চাৰ্ট, স্বাগত কিট, অংশগ্ৰহণ প্ৰমাণপত্ৰ আৰু জলপানৰ ব্যৱস্থা।

🎖 পুৰস্কাৰ আৰু সম্বৰ্ধনা:

শ্ৰেষ্ঠ জ্যেষ্ঠ চাইক্লিষ্ট (৫০ বছৰৰ ওপৰত, পুৰুষ আৰু মহিলা)

শ্ৰেষ্ঠ সজোৱা চাইক্লিষ্ট (থীম: সামাজিক সচেতনতা / দেশপ্ৰেম / সাম্প্ৰতিক সময়)

সৰ্বাধিক সুৰক্ষা-সচেতন চাইক্লিষ্ট

শ্ৰেষ্ঠ সামাজিক বাৰ্তা
(শ্ৰেষ্ঠ Play Card Award)

শ্ৰেষ্ঠ Little Champ চাইক্লিষ্ট (১৪–২০ বছৰ বয়স)

শ্ৰেষ্ঠ পৰিয়াল অংশগ্ৰহণ (পৰিয়াল বা পিতৃ-মাতৃ-সন্তানৰ যুগল)

শ্ৰেষ্ঠ মহিলা অংশগ্ৰহণকাৰী (বিশেষ উৎসাহমূলক পুৰস্কাৰ)

Leave a Reply

Your email address will not be published. Required fields are marked *