Skip to content
বিজেপিৰ ৰাজনৈতিক প্ৰতৰণাৰ চৰিত্ৰ উদঙাই থৈ গ’ল অমিত শ্বাহে
অজাপৰ এটাও প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি চালে-বেৰে কোবালে গৃহমন্ত্ৰীয়ে
ডিব্ৰুগড়ত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ সংবাদমেল
চাইন অন ডেস্ক:

অসম জাতীয় পৰিষদে উত্থাপন কৰা প্ৰশ্নসমূহৰ উত্তৰ দিয়াৰ পৰিৱৰ্তে চালে-বেৰে কোবাই থৈ গ’ল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। আজি বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱত এক সংবাদমেল অনুষ্ঠিত কৰি অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে সমালোচনাৰে থকাসৰকা কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক। সংবাদমেলত লুৰিণজ্যোতি গগৈয়ে কয় যে, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপি দলে ২০১৪, ২০১৬, ২০১৯, ২০২১ আৰু ২০২৪ চনৰ নিৰ্বাচনৰ সময়ত অসমবাসী ৰাইজক কিছুমান প্রতিশ্রুতি দিছিল।
তেওঁ ভাৰতৰ গৃহমন্ত্ৰী, কেন্দ্ৰীয় চৰকাৰৰ দ্বিতীয় সৰ্বাধিক গুৰুত্বপূৰ্ণ মন্ত্রী। তেওঁ বিজেপি দলৰ সভাপতিও আছিল। প্রথম প্রতিশ্রুতিটো ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিছিল। কিন্তু উক্ত প্রতিশ্রুতি পালন কৰাটো দেশৰ গৃহমন্ত্রী হিচাপে তেওঁৰ দায়িত্ব। অজাপই উত্থাপন কৰা ২ নম্বৰৰ পৰা ৭ নম্বৰলৈকে প্রতিশ্রুতিকেইটা তেওঁ গৃহমন্ত্রী হিচাপে নিজ মুখেৰে দিছিল। বাকী ৪টা তেওঁ বিজেপি দলৰ সভাপতি হৈ থাকোতে বিজেপি দলে তেওঁলোকৰ ‘দৃষ্টিপত্র ২০১৬-২৫’যোগে অসমবাসীক দিছিল। সেই কাৰণে প্ৰতিশ্ৰুতিসমূহ পূৰণৰ মূল দায়িত্ব তেওঁৰেই। আমি তেওঁক আহ্বান জনাইছিলো আৰু আশা কৰিছিলো যে তেওঁ নিজৰ অসম ভ্রমণ কালত উক্ত প্ৰশ্নসমূহৰ উত্তৰ দিব। কিন্তু দুর্ভাগ্যজনক যে তেওঁ গুৱাহাটীত তিনিখনকৈ ৰাজহুৱা সভাত ভাষণ দিলে, অথচ আমি উত্থাপন কৰা এটা প্ৰশ্নৰো উত্তৰ নিদি, বিষয়বস্তুৰ পৰা পলায়ন কৰাই নহয়, নিজৰ প্ৰতাৰণামূলক ৰাজনৈতিক চৰিত্ৰ উদঙাই দিলে।

তাৎপর্যপূর্ণভাৱে, তেঔঁ কিছুমান সংগতিবিহীন আৰু পৰস্পৰবিৰোধী বক্তব্য প্ৰদান কৰি গ’ল -যিসমূহ বিভ্রান্তিকৰ আৰু প্ৰতাৰণামূলক। গুৱাহাটীত গৃহমন্ত্ৰী অমিত শ্বাহে দিয়া বক্তব্যক উভতি ধৰি কয়, দেশৰ গৃহমন্ত্ৰীয়ে আমাৰ এটাও প্ৰশ্নৰ উত্তৰ নিদিলে। আমাৰ দেশত এনে এটা ব্যৱস্থা চলি আছে যি ব্যৱস্থাত প্রধানমন্ত্রী, গৃহমন্ত্রী, মুখ্যমন্ত্রী আদিয়ে নিজৰ মুখেৰে দিয়া প্ৰতিশ্ৰুতি সমূহৰ প্ৰতিও দায়বদ্ধ নহয়। আমাৰ প্ৰশ্ন সমূহ প্রত্যক্ষ ভাবেই গৃহমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ লগত জড়িত তেনেস্থলত তেওঁলোকে অসমৰ জনসাধাৰণক যোৱা ১০ বছৰে দি থকা প্ৰতিশ্ৰুতি সমূহ পূৰণ হ’ল নে নাই সেই সম্পর্কে নুন্যতম দায়বদ্ধতাও নাই। প্ৰকৃততে নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, হিমন্ত বিশ্ব শর্মা বা বিজেপি দল অসম আৰু অসমীয়াৰ প্ৰতি দায়বদ্ধ নহয় তেওঁলোকে কেৱল ভোটৰ বাবে, মানুহক আবেগিক হ’ব পৰা প্রতিশ্রুতি দিয়ে কিন্তু এটাও প্রতিশ্রুতি পালন নকৰে আৰু এনে ধৰণৰ কাৰ্যক বিশ্বাসঘাতকতা আৰু প্ৰতাৰণা বুলি কয় আৰু সেই বাবেই আমি বিজেপি দলক নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, হিমন্ত বিশ্ব শর্মা, সৰ্বানন্দ সোনোৱাল সহ সকলোকে জাতিৰ বাবে বিশ্বাসঘাতক আৰু প্ৰতাৰক বুলি অভিহিত কৰো। গৃহমন্ত্ৰী অমিত শ্বাহে অসমৰ পৰা ১,২৬,০০০ একৰ মাটি অবৈধ অনুপ্রবেশকাৰীৰ পৰা (ঘুচপেতিয়ো) মুক্ত কৰা বুলি কৰা মন্তব্যৰ প্ৰসংগতো লুৰিণজ্যোতি গগৈয়ে কয়, আমি দেশৰ গৃহমন্ত্ৰীৰ পৰা উদাত্তকণ্ঠে এইটোও অসমৰ ৰাইজক জনোৱাতো বিচাৰো যে, ইমান বৃহৎ পৰিমানৰ মাটি ১,২৬.০০০ একৰ মানে ৪,১৫,৮০০ বিঘা মাটিত বসবাসকৰি থকা অবৈধ অনুপ্রবেশকাৰী সকলক কি কৰিলে? দেশৰ সংবাধান মতে আমাৰ দেশত অবৈধ অনুপ্রবেশকাৰী থাকিব নোৱাৰে তেনেস্থলত ৪ লাখ ১৫ হাজাৰ ৮০০ বিঘা মাটিত বসবাস কৰা ইমান বৃহৎসংখ্যক মানুহ বহিস্কাৰ কৰা হ’ল নে নাই? দেশৰ গৃহমন্ত্ৰী হিচাপে দেশৰ সাৰ্বভৌমত্বৰ জড়িত ইমান গুৰুত্বপূৰ্ণ বিষয় এটা তেখেতে জনাতো প্রয়োজন। গৃহমন্ত্রী অমিত শ্বাহক তেওঁৰ বিশ্বস্ত আৰু দক্ষ মুখ্যমন্ত্রীয়ে চাগে উচ্ছেদ সম্পর্কে জনালে কিন্তু এইটো নজনালে যে, গৃহমন্ত্ৰীৰ ভাষাৰ সেই অবৈধ অনুপ্রবেশকাৰী সকলক ৰাইজৰ ৰাজকোষৰ ধনেৰে ভাৰতৰ ভূমিখণ্ডৰ অসমৰ ভৌগলিক চাৰি সীমাৰ ভিতৰতেই পুনৰ সংস্থাপিত কৰিছে! এতিয়া গৃহমন্ত্রীয়ে আমাক জনাওক, অবৈধ অনুপ্রবেশকাৰী বুলি জনাৰ পিছতো সেই সকলক বহিস্কাৰ নকৰি ৰাজকোষৰ ধনেৰে অসমৰ মাটীত পুনৰ সংস্থাপন কপাতো ৰাষ্ট্ৰদ্রোহ হয় নে নহয়, নিশ্চয় হয় গতিকে হিমন্ত বিশ্ব শৰ্মাক ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগত অভিযুক্ত কৰিব নে? লুৰিণজ্যোতি গগৈয়ে পুনৰ গৃহমন্ত্ৰী অমিত শ্বাহক উভতি ধৰি কয়, অমিত শ্বাহে বোধহয় তেওঁৰ বিশ্বস্ত অনুগত আৰু দক্ষ মুখ্যমন্ত্ৰীয়ে জনাই দিলে যে সেই ৪ লাখ ১৫ হাজাৰ ৮০০ বিঘা মাটিৰ পৰা উচ্ছেদ কৰা সকলৰ সকলোবোৰ অবৈধ অনুপ্রবেশকাৰী।

কিন্তু মুখ্যমন্ত্রীয়ে বোধহয় এইটো নকলে যে সেই উচ্চেদিত মাটিৰ অধিক সংখ্যক মাটিৰ পৰা অসমৰ জনজাতীয় ভূমিপুত্র খিলঞ্জীয়া মানুহকো উচ্ছেদ কৰিছে। তেনেস্থলত কেন্দ্রীয় গৃহমন্ত্ৰীয়ে অসমৰ জনজাতীয় খিলঞ্জীয়া ভূমিপুত্র সকলকো অবৈধ অনুপ্রবেশকাৰী আখ্যা দি অক্ষমনীয় অপৰাধ কৰিছে। গতিকে অমিত শ্বাহ আৰু হিমন্ত বিশ্ব শৰ্মাই শিলসাঁকো, লখিমপুৰৰ পভা, ফুকনহাট, নগাঁওৰ মিকিৰ বামুনি, কাজিৰঙাৰ ইনলে পথাৰ আৰু হাতীখুলি, গুৱাহাটীৰ ওচৰৰ আমচাং সহ ৰাজ্যৰ উচ্ছেদিত খিলঞ্জীয়াৰ ৰাইজৰ ওচৰত ক্ষমা বিচাৰিব লাগে। একেটা প্ৰসংগত লুৰিণজ্যোতি গগৈয়ে আৰু কয় যে, মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই এখোজ আগুৱাই গৈ ডিঙিৰ শিৰ ফুলাই ফুলাই কৈ দিলে যে তেওঁক মাদানী আদিয়ে ভাবুকি দিছে গতিকে অসমীয়া জাতিক ভাবুকি দিব নালাগে, অসমীয়া জাতিয়ে কাকো ভয় নকৰে প্ৰয়োজনত হেংদাং তুলি ল’ব। এতিয়া কথা হ’ল, ভাৰতৰ সকলোতকৈ পাৱাৰফুল (তেওঁ নিজৰ ভাষাত, আমি নাভাবো) অসমৰ মুখ্যমন্ত্রী জনক কোনোবাই ভাবুকি দিছে, আপুনি গ্ৰেপ্তাৰ কৰক। যিহেতু মাদানী, হামিদ, আজমল আদি আপোনাৰেই মানুহ, গতিকে আপোনাৰ নিজৰ মানুহে আপোনাক কিবা কৈছে আপুনি ব্যৱস্থা লওক। কিন্তু আপুনি ক্ষমতাত থাকিবৰ বাবে আৰু লুণ্ঠন কৰিবৰ বাবে আপুনি অসমীয়া জাতিক সকলোতে কিয় সাঙুৰি লয়? আহোম সাম্ৰাজ্যৰ স্বাভিমানৰ প্ৰতীক, মহাবীৰ লাচিতৰ শৌর্য বীৰ্যৰ প্রতীক হেংদাং খনক এজন দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰীৰ সুৰক্ষাৰ বাবে ব্যৱহাৰৰ ভাবুকি দি অসমীয়া জাতিক অপমান কৰা হৈছে।

এইটো কেনেকুৱা কথা যে, হিমন্ত বিশ্ব শর্মাই মুখ্যমন্ত্ৰী হৈ থাকিবৰ বাবে অসমীয়া জাতিলৈ মনত পৰে আৰু সম্পত্তিৰ পাহাৰ গঢ়িবলৈ লুন্ঠন চলাওঁতে কেৱল নিজৰ পৰিয়াল আৰু অনুগত সকললৈহে মনত পৰে! হিমন্ত বিশ্ব শর্মাই দুর্নীতিমুক্ত অসম গঢ়িব বুলি কোৱা বক্তব্যৰ প্ৰসংগত কয়, এইটো একবিংশ শতিকাৰ শ্ৰেষ্ঠ কৌতুক নহয় জানো? গৰুৰ, কয়লা, কাঠ, শিল বালি, কনী মাছ মাংস আদি সকলোতে নিজৰ প্ৰত্যক্ষ নিয়ন্ত্রণত চিন্দিকেট চলাই, এফালৰ পৰা অসমৰ মাটি গ্ৰাস কৰি, সকলো ব্যৱসায়ত বলপূর্বক ভাবে প্রবেশ কৰি, এফালৰ পৰা চাহ বাগিছা সমূহ নিজৰ অধিনলৈ আনি লোকনির্মানকে ধৰি সকলো চৰকাৰী বিভাগত কমিচন নোলোৱাকৈ এটাও ঠিকা আৱণ্টন নকৰা মানুহজনে দূর্ণীতি মুক্ত ৰাজ্য গঢ়িব, কিমান ডাঙৰ কৌতুক! আৰু হিমন্ত বিশ্ব শর্মাক আমি দূর্ণীতিগ্রস্থ বুলি কোৱা নাই, বিজেপি দলেই কৈ থৈছে। অমিত শ্বাহে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি হৈ থাকোতে, ২০১৫ চনৰ ২১ জুলাইত বিজেপি সংসদীয় দলে Saga of Scams in Cong-ruled States আৰু Water Supply Scam 2010 in Goa and Assam নামেৰে দুখন পুস্তিকা প্ৰকাশ কৰিছিল- য’ত দেশৰ দুৰ্নীতিগ্রস্ত মন্ত্ৰীৰ তালিকাৰ তিনি নম্বৰত হিমন্ত বিশ্ব শৰ্মাৰ নাম উল্লেখ কৰা হৈছিল। উক্ত পুস্তিকা উন্মোচনী অনুষ্ঠানত বিজেপিৰ তেতিয়াৰ অসমৰ প্ৰভাৰী এছ এছ আহলুৱালিয়া আৰু তেতিয়াৰ কেন্দ্ৰীয় মন্ত্রী সর্বানন্দ সোণোৱাল উপস্থিত আছিল। আহলুৱালিয়াই কৈছিল যে অসমত বিজেপিৰ চৰকাৰ গঠিত হ’লে সৰ্বপ্ৰথম কাম হ’ব হিমন্ত বিশ্ব শর্মাক জেলত পঠিওৱা।
২০১৫ চনতেই দেশৰ ৩নং স্থানত থকাজন ১০ বছৰৰ পিছত ২০২৫ চনত নিশ্চয় ১ম স্থান অধিকাৰ কৰিছে ! উল্লেখযোগ্য যে, আজিৰ এই সংবাদমেলত অজাপৰ কেন্দ্ৰীয় উপ-সভাপতি ড০ দীলিপ ভূঞা, বীৰেন বৰুৱাৰ লগতে ভালেসংখ্যক নেতা উপস্থিত থাকে।