Skip to content জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক আৰু জিলা ন্যায়াধীশক
চৰম স্পৰ্শকাতৰ শ্লোগান দি ধুবুৰীত আৰক্ষীৰ জালত বাইক আৰোহী
চাইন অন ডেস্ক:
ধুবুৰী: ধুবুৰীত জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক আৰু জিলা ন্যায়াধীশক উদ্দেশ্যি চৰম স্পৰ্শকাতৰ শ্লোগান দিয়া এজন যুৱকক আৰক্ষীয়ে কৰায়ত্ত কৰা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে আজি পুৱা ৮-৪০ মান বজাত ধুবুৰী চহৰৰ মাজমজিয়াৰ নতুন আদালত ভৱনৰ প্ৰৱেশ দ্বাৰৰ সন্মুখৰ ৰাজপথত মটৰ চাইকেল ৰখাই এজন যুৱকে ধুবুৰীৰ আয়ুক্ত, আৰক্ষী অধীক্ষক আৰু জিলা ন্যায়াধীশক উদ্দেশ্যি তিনিও গৰাকীকে গৰুৰ তেজেৰে গা ধুৱাব বুলি হুংকাৰ দি পলায়ন কৰিছিল।
ঠিক সেই সময়ত সেই পথেদি গৈ থকা আন দুজন যুৱকে সেয়া প্ৰত্যক্ষ কৰিছিল আৰু তৎক্ষণাত যুৱক দুজনে বিষয়টো লৈ সামাজিক মাধ্যম ফেচবুকত পোষ্ট দিছিল। আনকি, নিজৰ মটৰ চাইকেলখনেৰে পলায়ন কৰাৰ পূৰ্বে সেই বাইক আৰোহী জনে “চৰফৰিশে কে তমন্না অব হমাৰে দিল মে হ্যায়, দেখনা হ্যায় জোৰ কিতনা বাজুমে কাতিল হ্যায়” শীৰ্ষক হিন্দী চিনেমাৰ এটা বিশেষ ডায়লগো চিঞৰি চিঞৰি কোৱা বুলিও দাবী কৰিছিল প্ৰত্যক্ষদৰ্শী সেই দুই গৰাকী স্থানীয় যুৱকে।
ঘটনাটো সমগ্ৰ ধুবুৰীত বনজুইৰ দৰে বিয়পি পৰাৰ সমান্তৰালকৈ নতুন আদালত ভৱন, তথা সমীপতে থকা ধুবুৰীৰ আৰক্ষী অধীক্ষক আৰু জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সমীপৰ ৰাজপথত দিনৰ পোহৰত এজন লোকে মুকলিকৈ এইদৰে শ্লোগান দিয়াটো চিন্তাজনক বুলিয়েই বিবেচিত হৈছিল।
অৱশ্যে প্ৰায় ৬ ঘন্টাৰ প্ৰচেষ্টাৰ অন্তত চিচিটিভিৰ ফুটেজৰ আঁত ধৰি ধুবুৰী চহৰৰ এএমকো ৰোডৰ বিষ্ণু চিনেমা হলৰ সমীপৰ পৰা সমগ্ৰ ঘটনাৰ মুল খল-নায়কক এএছ১৭/ডি/৪৪৭৯ নম্বৰৰ এখন মটৰ চাইকেল সহ আটক কৰিবলৈ সক্ষম হয় ধুবুৰী আৰক্ষীৰ এটি দলে। ধৃত সেই যুৱকজন ধুবুৰী চহৰৰ ১২ নং ৱাৰ্ড সুভাষ নগৰৰ আবু তাহেৰ খান বুলি জানিব পৰা গৈছে।