ডিব্ৰুগড়ৰ ৮৪ কোটি টকাৰ মানকটা ৰ’ড ফ্লাই’ভাৰৰ নিৰ্মাণ কাৰ্য আৰম্ভ
যাতায়তৰ বিকল্প পথৰ ব্যৱস্থা
চাইন অন ডেস্ক:
ডিব্ৰুগড় চহৰৰ অন্যতম এক গুৰুত্বপূৰ্ণ পথ মানকটা ৰ’ডত নতুন ৰে’ল ফ্লাই’অভাৰৰ(ROB) কাম আৰম্ভ হোৱাৰ লগে লগে জিলা প্রশাসনে বৃহস্পতিবাৰৰ পৰা এক বিকল্প যাতায়ত ব্যৱস্থাৰ পৰিকল্পনা কার্যকৰী কৰিছে।অসমৰ দ্বিতীয় ৰাজধানী হিচাপে ঘোষিত ডিব্ৰুগড়ৰ সামগ্ৰিক পৰিৱেশ

“চহৰখনৰ পৰিকাঠামোৰৰ বাবে ফ্লাইঅভাৰৰ কাম আৰম্ভ হোৱাটো এক গুৰুত্বপূৰ্ণ মুহূর্ত। এই গুৰুত্বপূৰ্ণ প্রকল্পটো চলি থকাৰ সময়ত ন্যূনতম ব্যাঘাত নিশ্চিত কৰিবলৈ এই বিকল্প যাতায়তৰ ব্যৱস্থাসমূহ সাৱধানে কৰা হৈছে। আমি সকলো যাত্ৰীক এই সময়ছোৱাত তেওঁলোকৰ নিৰাপত্তা আৰু যাতায়তৰ সুগম প্ৰবাহৰ বাবে সহযোগিতা কৰিবলৈ আৰু চিহ্নিত ৰুটসমূহ অনুসৰণ কৰিবলৈ অনুৰোধ জনালোঁ। আমি বুজিব পাৰোঁ যে ইয়াই আৰম্ভণিতে কিছু অসুবিধাৰ সৃষ্টি কৰিব পাৰে, কিন্তু আমি ৰাইজৰ সহযোগিতাৰ বাবে আবেদন জনাওঁ। চহৰখনৰ দীৰ্ঘদিনীয়া যাতায়ত জামৰ দীৰ্ঘম্যাদী সমাধানৰ বাবে এই চমু-ম্যাদী সমন্বয় অতি প্রয়োজনীয়,” এক জিলা বিষয়াই কয়।
