ভাৰত চৰকাৰৰ সমবায় মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব পংকজ কুমাৰ বাঞ্চলৰ অধ্যক্ষতাত জিলা সমবায় উন্নয়ন সমিতিৰ বৈঠক বুধবাৰে ডিব্ৰুগড় জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়। সভাত ভাৰত চৰকাৰৰ সমবায় বিভাগৰ বিভিন্ন আঁচনিৰ বৰ্তমানৰ কাৰ্য্যকলাপৰ বিষয়ে বিতংভাবে আলোচনা কৰা হয়।
জিলা আয়ুক্ত বিক্ৰম কৈৰী মহোদয় উপস্থিত থকা উক্ত সভাত বিভিন্ন বিভাগ যেনে কৃষি, পশুপালন ও পশু চিকিৎসা, জনস্বাস্থ্য-কাৰিকৰী, দুগ্ধ উন্নয়ন, খাদ্য-অসামৰিক যোগান ও ৰাজহুৱা বিতৰন আদি বিভাগৰ উপস্থিত বিষয়ববীয়াই নিজ নিজ মতামত আগবঢ়ায়। সভাত সমবায় সমিতি, ডিব্ৰুগড়ৰ সহকাৰী পঞ্জীয়ক সুৰঞ্জন ভট্টাচাৰ্যই সমবায় সমিতিৰ বিভিন্ন আঁচনি সন্দৰ্ভত পাৱাৰ পইণ্ট প্ৰেজেণ্টেচন আগবঢ়ায়।
ডিব্ৰুগড় জিলা এই আচঁনিসমূহ কিদৰে ৰূপায়ন হৈ আছে সেই বিষয়েও আলোচনা কৰা হয়। আজিৰ সভাত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিপুল কুমাৰ দাস, অতিৰিক্ত জিলা আয়ুক্তসকল ক্ৰমে পংকজ বৰুৱা, বিৰাজ বৰুৱা,ডাঃ মণিকা বৰা, ডিব্ৰুগড় পৌৰ সভাৰ আয়ুক্ত জয় বিকাশ প্ৰমুখ্যে সংশ্লিষ্ট বিষয়াবৰ্গ উপস্থিত থাকে।