জিলা সমবায় উন্নয়ন সমিতিৰ বৈঠক
সমবায় মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব পংকজ কুমাৰ বাঞ্চলৰ পৌৰহিত্য
ভাৰত চৰকাৰৰ সমবায় মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব পংকজ কুমাৰ বাঞ্চলৰ অধ্যক্ষতাত জিলা সমবায় উন্নয়ন সমিতিৰ বৈঠক বুধবাৰে ডিব্ৰুগড় জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়। সভাত ভাৰত চৰকাৰৰ সমবায় বিভাগৰ বিভিন্ন আঁচনিৰ বৰ্তমানৰ কাৰ্য্যকলাপৰ বিষয়ে বিতংভাবে আলোচনা কৰা হয়।