আজাদ মাদানিৰ বিৰুদ্ধে মন্ত্ৰী প্ৰশান্ত ফুকনৰ প্ৰতিবাদ
চাইন অন ডেস্ক:

মন্ত্ৰী প্ৰশান্ত ফুকনে আজাদ মাদানীৰ প্ৰতিকৃতি দাহ কৰি অসমক ইছলামিক ৰাজ্য হিচাপে গঢ়াৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগ তুলি মন্ত্ৰী প্ৰশান্ত কয়, মিঞা বাংলাদেশীৰ বিৰুদ্ধে অসম চৰকাৰে ধাৰাবাহিকভাৱে উচ্ছেদ অভিযান চলাইছে। সেই সময়তে অসমৰ মুখ্যমন্ত্ৰীক বৰ্খাস্ত কৰি গ্ৰেপ্তাৰৰ দাবী জনাবলৈ সাহস ক’ত পালে? এই সাহস কংগ্ৰেছৰ একাংশ।নেতা-কৰ্মীৰ পৰা পাইছে। কংগ্ৰেছৰ একাংশ নেতা-কৰ্মীৰ উচটনিত আজাদ মাদানিৰ দৰে ব্যক্তিসকলে অসমক ইছলামিক ৰাজ্যলৈ পৰিণত কৰিব বিচাৰিছে।
ইফালে অতি শীঘ্ৰে আজাদ মাদানীক দেশদ্ৰোহিতাৰ গোচৰত গ্ৰেপ্তাৰ কৰিবলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক দাবী জনাইছে মন্ত্ৰী প্ৰশান্ত ফুকনে।