Skip to content ২৩ আগষ্টত বিয়াল্লিছৰ শ্বহীদ মনবৰ নাথৰ জন্মস্থানত প্ৰতিমূৰ্ত্তি উন্মোচন কৰিব মুখ্যমন্ত্ৰীয়ে
নিউজ ব্যুৰʼ,নগাঁও,২০ আগষ্ট :–দেশৰ স্বাধীনতা আন্দোলনৰ অন্যতম বীৰগাঁথা সকলৰ অন্যতম বিয়াল্লিছৰ বীৰ শ্বহীদ মনবৰ নাথক সূদীৰ্ঘ দিনৰ পাছত স্বীকৃতি দিবলৈ সাজু হৈছে অসম চৰকাৰ ৷ অসমৰ স্বাধীনতা আন্দোলনৰ সময়ত ১৯৪২ চনৰ ২০ ছেপ্টেম্বৰত ঢেকিয়াজুলি থানাত ত্ৰিৰংগা উৰুৱাবলৈ গৈ বৃটিছ সেনাৰ গুলীত প্ৰাণ আহুতি দিছিল স্বাধীনতা আন্দোলনৰ মৃত্যুবাহিনীৰ নায়ক মনবৰ নাথে ৷ দেশৰ স্বাধীনতাৰ সুদীৰ্ঘ ৭৯ বছৰৰ পিছত চৰকাৰীভাৱে উন্মোচন কৰা হ’ব ’৪২ৰ স্বাধীনতা আন্দোলনৰ সেই বীৰ শ্বহীদগৰাকীৰ প্ৰতিমূৰ্তি ৷ বীৰ শ্বহীদগৰাকীৰ জন্মস্থান বেবেজীয়াৰ সমীপৰ জামুগুৰি গাঁৱত নৱ-নিৰ্মিত ‘৪২ৰ শ্বহীদ মনবৰ নাথৰ এই প্ৰতিমূৰ্তি অহা ২৩ আগষ্টত উন্মোচন কৰিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ মুখ্যমন্ত্ৰী পূঁজিৰ পৰা আৱণ্টিত ১৫লাখ টকাৰে সদৌ নাথ-যোগী ছাত্ৰ সন্থাৰ তত্বাৱধানত নিৰ্মাণ কৰা প্ৰতিমূৰ্তিৰ নিৰ্মাণকাৰ্য ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে ৷ উল্লেখ্য যে ১৯১৬ চনত নগাঁও জিলাৰ বেবেজীয়াৰ জামুগুৰিত জন্মগ্ৰহণ কৰা মনবৰ নাথ ডাঙৰ-দীঘল হৈছিল শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ বৰজহা গাঁৱৰ পেহীয়েকৰ ঘৰত ৷ জামুগুৰিত জন্ম হৈ প্ৰাথমিক শিক্ষা গ্ৰহণ কৰা মনবৰ পাছত কন্দলীলৈ গৈ তাৰ পৰা ঢেকিয়াজুলিৰ বৰজহাৰ পেহীয়েকৰ ঘৰলৈ যায়। তাতেই দেশৰ স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰি মাত্ৰ ১৮ বছৰ বয়সতে মৃত্যু বাহিনীৰ নায়ক হৈছিল আৰু ১৯৪২ চনৰ ২০ ছেপ্টেম্বৰত আন স্বাধীনতা সংগ্ৰামীৰ সৈতে ঢেকিয়াজুলি থানাত বৃটিছৰ ʼইউনিয়ন জেকʼ নমাই ত্ৰিৰংগা পতাকা উৰুৱাবলৈ গৈ বৃটিছৰ গুলীত প্ৰাণ দিবলগীয়া হৈছিল মাত্ৰ ১৮ বছৰীয়া সাহসী যুৱকজনে ৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে দেশৰ স্বাধীনতা আন্দোলনৰ শ্বহীদগৰাকীৰ স্মৃতি ৰক্ষাৰ বাবে কোনো চৰকাৰে বিশেষ গুৰুত্ব প্ৰদান কৰা নাছিল ৷ শেহতীয়াকৈ সদৌ নাথ যোগী ছাত্ৰ সন্থাই শ্বহীদ মনবৰ নাথৰ জন্মস্থান নগাঁৱৰ জামুগুৰিত শ্বহীদগৰাকীৰ এটি প্ৰতিমূৰ্তি নিৰ্মাণৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত দাবী উত্থাপন কৰিছিল ৷ ২০২২ চনৰ ১ এপ্ৰিলত প্ৰতিমূৰ্ত্তিটিৰ নিৰ্মাণৰ কামৰ শুভাৰম্ভ কৰা অনুষ্ঠানটোৰ প্ৰতিমূৰ্ত্তিটো নিৰ্মাণ সম্পৰ্কে নাথ যোগী ছাত্ৰ সন্থাৰ লগত কেইবাৰো আলোচনাৰ পাছত মনবৰ নাথৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ বাবে ১৫ লাখ টকা আৱণ্টন দিছিল আৰু তাৰ ফলশ্ৰুতিতেই শ্বহীদগৰাকীৰ ত্যাগে স্বীকৃতি লাভ কৰিলে ৷ প্ৰতিমূৰ্তিটি উন্মোচনৰ প্ৰাক মূহুৰ্তত নগাঁও-বটদ্ৰৱা বিধায়ক ৰূপক শৰ্মা,ৰহাৰ বিধায়ক শশীকান্ত দাস মূৰ্তি নিৰ্মাণস্থলীত উপস্থিত হৈ সদৌ নাথ-যোগী ছাত্ৰ সন্থাৰ লগত মুখ্যমন্ত্ৰী আগমণৰ সম্পৰ্কত প্ৰতিমূৰ্ত্তি স্থলী পৰিদৰ্শন কৰাৰ লগতে পৰিস্থিতি পৰ্যবেক্ষণ কৰে ৷ মুখ্যমন্ত্ৰীয়ে শ্বহীদ মনবৰ নাথৰ প্ৰতিমূৰ্তি উন্মোচন কৰাৰ লগতে ডিমৌ বাইপাছত নৱনিৰ্মিত তোৰণ উদ্বোধন কৰাৰ লগতে জামুগুৰিৰ গৰখীয়া থানো দৰ্শন কৰিব৷ উল্লেখযোগ্য বিয়াল্লিছৰ শ্বহীদৰ সকলৰ ভিতৰত চতিয়া থানাত ১৯৪২ চনৰ ২০ আগষ্টত ভাৰতৰ জাতীয় পতাকা উত্তোলন তথা গহপুৰত মৃত্যু বৰণ কৰা বীৰ শ্বহীদ সকলে যি দৰে বুৰঞ্জীৰ পাতত স্থান পালে তেনেকৈ ঢেকীয়াজুলি থানাত মৃত্যু বৰণ সকলে ৰাজনৈতিক চক্ৰবেহুত পৰি স্থান লাপালে বুলি অসম প্ৰাদেশিক যোগী সন্মিলনীৰ নেতৃত্বই আক্ষেপ প্ৰকাশ কৰি মুখ্যমন্ত্ৰীৰ এই কাৰ্যক শলাগ লৈছে । ১৯৪২ চনৰ ২০ ছেপ্টেম্বৰত ঢেকীয়াজুলিত পুলিচৰ গুলীত মুঠ ১১ গৰাকীয়ে প্ৰাণ দিব লগীয়া হৈছিল। ইয়াৰে মনবৰ নাথ,কুমলী দেৱী,খহুলী দেৱী নাথ যোগী সম্প্ৰদায়ৰ আছিল। জহামাৰী গাঁৱৰ নামঘৰৰ কাষত বীৰ শ্বহীদ মনবৰ নাথৰ স্মৃতিসৌধ আৰু তেজপুৰৰ ঢেকীয়াজুলি পথৰ কাষৰ খটোৱা গাঁৱৰ নামঘৰৰ কাষত নাথ যোগী উন্নয়ণ পৰিষদে বীৰ শ্বহীদ মনবৰ নাথ,কুমলী দেৱী আৰু খহুলী দেৱীৰ প্ৰতিমূৰ্ত্তি নিৰ্মাণ কৰাৰ বাহিৰে চৰকাৰে সূদীৰ্ঘ দিনে একো নকৰাৰ পাছত ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত শ্বহীদ মনবৰ নাথৰ প্ৰতিমূৰ্ত্তি নিৰ্মাণৰ বিষয়টো জাতিটোৰ বাবে ভাল খবৰ বুলি মন্তব্য কৰিছে অসম প্ৰাদেশিক যোগী সন্মিলনীৰ সভাপতি ধীৰেন নাথে ।
নগাঁও