...

ৰেডক্ৰছ ছ’চাইটি ডিব্ৰুগড়ৰ উদ্যোগত ৰক্তদান শিবিৰ

Spread the love

 

 

ৰেডক্ৰছ ছ’চাইটি ডিব্ৰুগড়ৰ উদ্যোগত ৰক্তদান শিবিৰ

 

 

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সম্পন্ন: মুখ্য অতিথি উপাচাৰ্য ড০ হাজৰিকা

 

 

চাইন অন ডেস্ক:

ইণ্ডিয়ান ৰেডক্ৰছ ছ’ছাইটি, ডিব্ৰুগড় জিলা শাখাৰ তত্বাৱধানত এন এছ এছ চেল, বিশ্ববিদ্যালয়ৰ এন এচ এচ পি জি ইউনিট , বিশ্ববিদ্যালয়ৰ এন এছ এছ পি জি ইউনিট আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পি জি ছাত্ৰ সন্থাৰ সহযোগত স্বেচ্ছাসেৱী ৰক্তদান শিবিৰৰ আয়োজন কৰা হয়।এই ৰক্ত দান শিবিৰত সহযোগ কৰে ব্লাড চেণ্টাৰ , অসম চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড়ৰ পৰা নিয়োগ কৰা চিকিৎসক আৰু নাৰ্চে । ৰক্তদান শিবিৰ সফলতাৰে সম্পূৰ্ণ হয় ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ৰ স্বাস্থ্য কেন্দ্ৰ প্ৰাঙ্গনত।

বিভিন্ন বিভাগৰ পৰা উভয় লিংগকে সামৰি লোৱা এই ৰক্তদান অনুষ্ঠানত বৃহৎ সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ৷ এই ৰক্তদান শিবিৰৰ উদ্বোধনী অনুষ্ঠানত ৰক্তদানৰ সজাগতা , ইয়াৰ উদ্দেশ্য , উপকাৰী তথা দিশসমূহৰ বাবে অৱগত কৰোৱাৰ উদ্দেশ্যৰে এখনি সভা আয়োজন কৰা হয়। মুখ্য অতিথি হিচাপে উপস্থিত থাকে ড° জিতেন হাজৰিকা , ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য। সভাত আদৰণি ভাষণ প্ৰদান কৰি ৰেডক্ৰছ ছছাইটিৰ সভাপতি ড° পঙ্কজ শ্ৰুতিকৰে বিশেষকৈ ছাত্ৰ সকলক উদ্দেশ্যি সভাত উপস্থিত থকা সকলো অতিথিক আদৰণি জনায় আৰু কোনো ভয় নোহোৱাকৈ তেওঁলোকক ৰক্তদান কৰিবলৈ আহ্বান জনায় যাতে আৰ্তজনক তেওঁলোকৰ এই ৰক্তদানে সংকটৰ সময়ত সহায় কৰিব পৰা যায়, যিটো মানৱ জাতিৰ বাবে সৰ্ববৃহৎ সেৱা।

শিবিৰ উদ্বোধন কৰি উপাচাৰ্য ড০ জিতেন হাজৰিকাই তেজৰ গুৰুত্বৰ বিষয়ে ব্যাখ্যা কৰে আৰু নিজৰ এটা উদাহৰণ দি তেওঁ নিজৰ বিষয়ে স্পষ্টভাৱে কয় যে তেওঁ নিজৰ বাবে ৰক্ত ক্ৰয় কৰিবলৈ কিমান অসুবিধাৰ সন্মুখীন হৈছিল। তেওঁ সাধাৰণভাৱে মানৱ জাতিৰ বাবে “ৰক্তদান “সকলো ছাত্ৰ-ছাত্ৰীৰে দৃষ্টি আকৰ্ষণ কৰে আৰু শিবিৰত ভাগ ল’বলৈ আমন্ত্ৰণ জনায়।অসম চিকিৎসা মহাবিদ্যালয়ৰ ৰক্ত সঞ্চয় বিভাগৰ পৰা নিমন্ত্ৰিত সমল ব্যক্তি ডাঃ মৃদুস্মিতা মেচ , চিকিৎসা বিষয়াই তেজৰ গুৰুত্ব আৰু ইয়াৰ সামগ্ৰিকভাৱে উপকাৰী দিশসমূহৰ বিষয়ে চমুকৈ বৰ্ণনা কৰে। ইয়াৰ পূৰ্বে ৰেডক্ৰছ ছ’চাইটিৰ সম্পাদক অনুজ কুমাৰ বৰুৱাই সকলো অতিথিক সম্ভাষণ জনাই আৰু মুখ্য অতিথি আৰু চিকিৎসা মহাবিদ্যালয়ৰ পৰা আমন্ত্ৰিত সমল ব্যক্তিগৰাকীক সম্বৰ্ধনা জনায়। বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু অন্যান্য অংশগ্ৰহণকাৰীৰ পৰা মুঠ ৪০ ইউনিট ৰক্ত সংগ্ৰহ কৰিব পৰা হল‌ যাৰ বাবে এন এছ এছ কাৰ্যসূচীৰ সমন্বয়ক ড° দেৱীদ কাৰ্ডং ,সমন্বয়ক কাৰ্যসূচী বিষয়া ড° জিতু বৰা আৰু সমন্বয়ক ড° অমৰ উপাধ্যায়ে ছাত্ৰ ছাত্ৰীক ৰক্তদানত অংশগ্ৰহণ কৰিবলৈ প্ৰেৰণা দিয়াৰ বাবে ৰেডক্ৰছ ছ’ছাইটিৰ তৰফৰ পৰা বিশেষ ভাৱে প্ৰশংসা কৰা হ’ল। এই অনুষ্ঠানত ৰেডক্ৰছ ছ’চাইটিৰ সদস্য উপস্থিত থাকি অনুষ্ঠানটি সফলতাৰে সমাপ্ত কৰাৰ বাবে তেওঁলোকৰ নিস্বাৰ্থ সেৱাক এক বৃহৎ মনোভাৱ আৰু জ্ঞানেৰে লিপিবদ্ধ কৰা হ’ল বুলি সভাপতি ড০ শ্ৰতিকৰে মন্তব্যত কয়।

Leave a Reply

Your email address will not be published. Required fields are marked *