...

ডিব্ৰুগড় সাহিত্য সভা ভৱনত গীতিকবিৰ ১২১সংখ্যক জন্মদিৱস উদযাপন

Spread the love

 

 

ডিব্ৰুগড় সাহিত্য সভা ভৱনত গীতিকবিৰ ১২১সংখ্যক জন্মদিৱস উদযাপন

 

 

গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ কালজয়ী গীতত প্ৰাণ পাই উঠিল

 

চাইন অন ডেস্ক:

গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীতত অসমৰ প্ৰাকৃতিক দৃশ্য, যেনে নদী, পৰ্বত, আৰু ফুলৰ মনোমোহা চিত্ৰণেৰে অসমৰ প্ৰাকৃতিক সৌন্দৰ্য্যৰ প্ৰতি মানুহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ যত্ন কৰিছে। ডিব্ৰুগড় সাহিত্য সভাৰ উপ-সভাপতি বিশিষ্ট সাংবাদিক যাদৱ গগৈয়ে পাৰ্বতী প্ৰসাদ বৰুৱাৰ ১২১ সংখ্যক জন্মদিনৰ কাৰ্যসূচী শুভাৰম্ভ কৰি এনেদৰে কয়। ডিব্ৰুগড় সাহিত্য সভা আৰু মূৰ্চনা সংগীত বিদ্যালয়ৰ যৌথ উদ্যোগত ডিব্ৰুগড় সাহিত্য সভাৰ লক্ষ্মীনাথ বেজবৰুৱা ভৱনত অনুষ্ঠিত হোৱা গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ জন্মদিৱসৰ বন্তি প্ৰজ্বলন কৰি তেওঁ লগতে কয় যে , তেওঁৰ গীতবোৰে অসমীয়া জাতিৰ গৌৰৱময় ইতিহাস, ঐতিহ্য আৰু স্বকীয় বৈশিষ্ট্যৰ ওপৰত গুৰুত্ব দি জাতিয়তাবাদী চেতনাক প্ৰজ্বলিত কৰি গৈছে।

অনুষ্ঠানটো আঁত ধৰি বিশিষ্ট নিৱন্ধকাৰ সুমন দত্তই কয় যে,তেওঁৰ গীতবোৰে অসমীয়া মানুহক নিজৰ শিপা আৰু পৰিচয়ৰ সৈতে সংযোগ কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি গৈছে।ডিব্ৰুগড় সাহিত্য সভাৰ সম্পাদক ৰাতুত বুঢ়াগোহাঁইয়ে পাৰ্বতী প্ৰসাদ বৰুৱা অসমীয়া ভাষা সাহিত্য আৰু সাংস্কৃতিৰ এক উজ্বল নক্ষত্ৰ আছিল বুলি কৈ তেওঁৰ গীতত অসমীয়া সংস্কৃতি, ঐতিহ্য আৰু স্বকীয়তাৰ ওপৰত আলোকপাত কৰি জাতিৰ প্ৰতি এক গভীৰ মৰম আৰু শ্ৰদ্ধা জগাই তোলা বুলি কয়। তেওঁৰ গীতবোৰে মানুহক একত্ৰিত কৰে আৰু নিজৰ সংস্কৃতিৰ প্ৰতি গৌৰৱান্বিত হ’বলৈ অনুপ্ৰাণিত কৰে বুলি উল্লেখ কৰা লগতে অসমীয়া সাহিত্যৰ ক্ষেত্ৰখনলৈয়ো যথেষ্ট অৱদান দি যোৱা পাৰ্বতী প্ৰসাদ বৰুৱাৰ আদৰ্শ সদায় প্ৰাসংগিকতা আছে বুলি কয়।

ডিব্ৰুগড় সাহিত্য সভাৰ সদস্য তথা বিষয়ববীয়া সকলে চিৰ চেনেহী মোৰ ভাষা জননী গীত পৰিৱেশনৰ পাছতে শিশু শিল্পী অন্যান্য বুঢ়াগোহাঁই,অনচ্ প্ৰতীম গোহাঁই, অম্লান জ্যোতি বৰুৱা, জেষ্ঠ তথা অনাতাঁৰ শিল্পী দামোদৰ দত্ত, উদীয়মান কণ্ঠশিল্পী ৰতন গগৈ , শিশু শিল্পী হৰ্চিতা কোঁৱৰ,দেবাংগিনী কোঁৱৰ,আৰোহি বায়ন,তৃষাদৰ্শি গগৈ,এনাক্ষী দাস, শিল্পী ভাৱনা গগৈ,ৰশ্মিৰেখা গগৈ,ড° বলিন সন্দিকৈ গিৰিমনি গগৈ, কুমুদ ৰঞ্জন দাস আৰু ড°অৰুণ হাজৰিকাই পাৰ্বতি প্ৰসাদ বৰুৱাৰ গীত পৰিৱেশন কৰা লগতে দীক্ষিতা দত্ত, সিদ্ধাৰ্থ শংকৰ ৰয়ে পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীতত নৃত্য পৰিবেশন কৰি পৰিবেশ মুখৰিত কৰি তোলে।

অনুষ্ঠানৰ শেষত মুৰ্চনা সংগীত বিদ্যালয়ৰ অধ্যক্ষ তথা সংগীত গুৰু অনাতাঁৰ শিল্পী ভূৱন গগৈয়ে শলাগৰ শৰাই জ্ঞাপন কৰা লগতে জাতীয় সংগীতেৰে অনুষ্ঠান সামৰণি মৰা হয়। অনুষ্ঠানত বিশিষ্ট নৃত্য গুৰু ৰুবী গগৈ সন্দিকৈ, ডিব্ৰুগড় সাহিত্য সভাৰ সহকাৰী সম্পাদক মীনাক্ষী দাস বৰুৱা, বিশিষ্ট সাংস্কৃতিক কৰ্মী তথা ডিব্ৰুগড় সাহিত্য সভাৰ আকাশ উপ-সমিতিৰ আহ্বায়িকা ভাৰতী দুৱৰা বৰুৱা, সহকাৰী আহ্বায়িকা যানি সোণোৱাল, লেখক অমৃত বৰুৱা,ড° মনোজ শৰ্মা,ঘণজ্যোতি বৰা,অঞ্জুমণি ফুলকোঁৱৰ,নিমিছা তামুলী,বিকাশী সন্দিকৈ ,কৃষ্ণা গোস্বামী আদি কৰি শতাধিক লোক উপস্থিত থাকি সফল কৰি তোলে।

Leave a Reply

Your email address will not be published. Required fields are marked *