জাতীয়-জনগোষ্ঠীয় ঐক্য মঞ্চৰ ৭২ ঘন্টীয়া অৱস্থান ধৰ্মঘট
৩০ ছেপ্তেম্বৰত জাতীয়-জনগোষ্ঠীয় ঐক্য মঞ্চৰ বৃহৎ গণসমাৱেশ
২৭ আগষ্টত জিলা আয়ুক্ত কাৰ্যালয় ঘেৰাও
২ ছেপ্টেম্বৰত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ
৫ ছেপ্তেম্বৰত ৰে’ল পথ অৱৰোধেৰে প্ৰতিবাদ
চাইন অন ডেস্ক:
ডিব্ৰুগড়ত থলুৱা বজাৰ নিৰ্মাণকে ধৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণ আৰু আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তনৰ লগতে কেইবাটাও দাবীৰ প্ৰতিবাদত কালিৰে পৰা ৭২ ঘন্টীয়া অৱস্থান ধৰ্মঘটত বহিল জাতীয়-জনগোষ্ঠীয় ঐক্য মঞ্চ, ডিব্ৰুগড়। মহানগৰখনৰ চৌকিডিঙ্গী চাৰিআলিত জাতীয়-জনগোষ্ঠীয় ঐক্য মঞ্চই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।
জাতীয়-জনগোষ্ঠীয় ঐক্য মঞ্চ, ডিব্ৰুগড়ৰ সভাপতি ৰানাৰঞ্জন গগৈ, সাধাৰণ সম্পাদক বিতুপন দুৱৰাৰ নেতৃত্বত ৰূপায়ন কৰা প্ৰতিবাদী কাৰ্যসূচীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে। ‘বজাৰ আমাৰ, পথাৰ আমাৰ’ শ্লোগান দিয়া বিজেপি চৰকাৰৰ দিনত থলুৱা ব্যৱসায়ীয়ে বজাৰ বিচাৰি হাবাথুৰি খাবলগীয়া হোৱা বুলি ক্ষোভ প্ৰকাশ কৰিছে ঐক্য মঞ্চৰ সভাপতি ৰানাৰঞ্জন গগৈয়ে। তদুপৰি খেতি কৰিবলৈ থলুৱা কৃষকৰ নাই মাটি। বহিৰাগত বনিয়াৰ দখলত থলুৱাৰ কৃষিপথাৰ। ফলত আত্মসংস্থাপনহীন থলুৱা নিবনুৱাই দিকবিদিক হেৰুৱাই।
অন্যহাতে ঐক্য মঞ্চৰ সাধাৰণ সম্পাদক বিতুপন দুৱৰাই ক্ষোভ প্ৰকাশ কৰি কয়, ডিব্ৰুগড় চৌকিডিঙ্গীত থলুৱা ব্যৱসায়ীসকলৰ বাবে বজাৰ নিৰ্মাণৰ বাবে বিগত সময়ছোৱাত বহুবাৰ দাবী জনাই আহিছে। কিন্তু স্থানীয় বিধায়ক তথা মন্ত্ৰী প্ৰশান্ত ফুকনে বিষয়টোক লৈ আওকান কৰি অহা বুলি অভিযোগ উত্থাপন কৰিছে।
উল্লেখ্য যে, ডিব্ৰুগড়ৰ থলুৱা ব্যৱসায়ীসকলৰ বাবে থলুৱা বজাৰ নিৰ্মাণকে ধৰি ছয় জনগোষ্ঠীক ষষ্ঠ অনুসূচীৰ জনজাতিকৰণ, অবৈধ অনুপ্ৰৱেশকাৰীক উচ্ছেদ চলোৱা, অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা আদি দাবীসমূহ উত্থাপন কৰা হৈছে । সেইদৰে নিবনুৱাৰ স্বাৱলম্বীৰ বাবে ১০০০ বিঘা চন পৰা মাটি আৱন্টন দিয়া, খিলঞ্জীয়া ভূমিপুত্ৰৰ স্বাৰ্থত ‘ভূমি আইন’ প্ৰৱৰ্তন কৰা, অসমত কোনো অনা অসমীয়াই মাটি ক্ৰয় কৰিব নোৱাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰা, অসমক জনজাতীয় ৰাজ্য হিচাপে ঘোষণা কৰা, চাকৰি, ব্যৱসায়-বাণিজ্য, উদ্যোগ, নিৰ্মাণ আদি সকলোতে এশ শতাংশ অসমীয়াৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে।
আনহাতে এই দাবীসমূহক লৈ কোনোধৰণে গুৰুত্ব প্ৰদান নকৰিলে জংগী আন্দোলনৰ কাৰ্যসূচী ৰূপায়নৰ হুংকাৰ প্ৰদান কৰিছে। ইফালে ২৬ৰ নিৰ্বাচনতো বিজেপিক যোগ্য প্ৰত্যুত্তৰ দিবলৈ ককালত টঙালি বান্ধিব ঐক্য মঞ্চই। ইফালে এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ পাছতে ২৭ আগষ্টত জিলা আয়ুক্ত কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰিব জাতীয়-জনগোষ্ঠীয় ঐক্য মঞ্চ, ডিব্ৰুগড়ে। সেইদৰে ২ ছেপ্টেম্বৰত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ, ৫ ছেপ্তেম্বৰত ৰে’ল পথ অৱৰোধেৰে প্ৰতিবাদ কৰিব ঐক্য মঞ্চই। আনহাতে ৯ ছেপ্তেম্বৰত পুৱা ৬ বজাৰ সন্ধিয়া ৬ বজালৈ ১২ ঘন্টীয়া ডিব্ৰুগড় জিলা বন্ধ ঘোষণা কৰিছে ঐক্য মঞ্চই। ইফালে ৩০ ছেপ্তেম্বৰত লাহোৱালৰ মটক চাহ বাগিচাৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত কৰিব জাতীয়-জনগোষ্ঠীয় ঐক্য মঞ্চৰ বৃহৎ গণসমাৱেশ।