শদিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা, ড. ভূপেন হাজৰিকা সেতুত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ।
জানিব পৰা মতে ড. ভূপেন হাজৰিকা সেতুত Datsun ৰ As 12 W9509 নম্বৰৰ এখন ৰখাই থোৱা বাহনক AS 23 BC 8058 নম্বৰৰ এখন টাটা Yodha বাহনে খুন্দা মাৰে আৰু গাড়ীখনৰ ভিতৰত থকা এগৰাকীৰ ৬০ বছৰীয়া বৃদ্ধ মহিলাৰ থিতাতে মৃত্যু হয় আৰু অইন দুগৰাকী গুৰুতৰ ভাৱে আহত হৈছে , মৃত মহিলাগৰাকীৰ নাম বিনাপ্ৰভা দাস শইকীয়া ( ৬০) ঊষানগৰ। জানিব পৰা মতে ৰখাই থোৱা বাহনখনৰ আটাইকেইগৰাকী একেটা পৰিয়ালৰ আৰু তেওঁলোকৰ ঘৰ তেজপুৰৰ ঊষানগৰৰ ।
ড্ৰাইভাৰ – ভাস্কৰ জ্যোতি বৈশ্য (২৭) , ঊষানগৰ , তেজপুৰ
মৃদুস্মিতা দেৱী (১৫ ) , ঊষানগৰ – জীয়েক ৰানা দেৱ নাথৰ
উৎপল শইকীয়া – (৭০) ঊষানগৰ
বিনাপ্ৰভা দাস শইকীয়া ( ৬০) ঊষানগৰ – নিহত
দিম্পিমনি শইকীয়া (৩৮ ) ৰানা দেৱ নাথৰ পত্নী