...

আজি ঘোষণা কৰা হ’ব এছিয়া কাপৰ বাবে ভাৰতীয় দল

Spread the love

 

আজি ঘোষণা কৰা হ’ব এছিয়া কাপৰ বাবে ভাৰতীয় দল

 

 

মুম্বাই:

এই মুহূৰ্তত অনুৰাগীৰ মনত এয়া এক ডাঙৰ প্রশ্ন। নিঃসন্দেহে ভাৰতীয় দলৰ খেলুৱৈ নিৰ্বাচন কৰাৰ ক্ষেত্ৰত বিমোৰত পৰিছে আগাৰকাৰৰ লগতে মুখ্য প্রশিক্ষক গৌতম গম্ভীৰ।

শুবমন গীল, শ্রেয়াস আয়াৰ, ৰিংকু সিং, ঋষভপণ্ট, কে এল ৰাহুল, মহম্মজ চিৰাজ-তালিকাখন দীঘলীয়া। সংবাদমেলত ভাৰতৰ মুখ্য নির্বাচক অজিত আগাৰকাৰে আসন্ন এছিয়া কাপৰ বাবে যেতিয়া ভাৰতীয় দলটো ঘোষণা কৰিব, তেতিয়া উক্ত নামবোৰ শুনিবলৈ পোৱা যাবনে!

কাক স্থান দিব, কোন বাদ পৰিব- এয়া ডাঙৰ প্রশ্ন। দলত স্থান পাব মাত্র ১৫ গৰাকীয়ে। অথচ যুঁজ চলিছে কমেও ২৪ গৰাকীৰ মাজত। তেওঁলোক
প্রত্যেকেই দলত স্থান পাবলৈ যোগ্য। কিন্তু ভাৰতৰ টি-২০ দলত এতিয়া ইমানেই বিকল্প আছে যে তাৰ বাবেই চিন্তিত হৈ পৰিছে নির্বাচক-প্রশিক্ষক।
অপেনিঙত অভিষেক শৰ্মা আৰু সঞ্জু ছেমছনৰ স্থান প্রায় নিশ্চিত। বিগত দুটা শৃংখলাত দুয়ো সফল। অভিষেক এই মুহূর্তত আই চি চি ৰেংকিঙৰ শীর্ষস্থানীয় টি-২০ বেটাৰ। আনহাতে সঞ্জুৱে অন্তিম ছখন টি-২০ত তিনিটাকৈ শতকীয় ইনিংছ খেলিছে। দুয়োৰে সাফল্যৰ বাবে যশস্বী জয়ছোৱালৰ দৰে তাৰকাই দলত স্থান পোৱাটো অনিশ্চিত হৈ পৰিছে।

হয়তো তৃতীয় অ’পেনাৰ হিচাপে দলত থাকিব যশস্বী। মিডল অর্ডাৰ নিৰ্বাচনক লৈও সমস্যাত পৰিব মেনেজমেন্ট। অধিনায়ক হিচাপে সূর্যকুমাৰ আৰু প্ৰদৰ্শনৰ ভিত্তিত তিলক বার্মাই স্থান নিশ্চিত কৰিছে।

ফলত টেষ্ট দলৰ অধিনায়ক শুবমন গীল আৰু বাওঁহতীয়া বেটাৰ ছাই সুদর্শনে আই পি এলত দুর্দান্ত প্রদর্শন দাঙি ধৰা সত্ত্বেও দলত স্থান পাব নে নাই, সেয়া নিশ্চিত নহয়। শ্রেয়াস আয়াৰ আৰু ৰিংকু সিঙৰ সম্ভাৱনাও ক্ষীণ। অলৰাউণ্ডাৰ হিচাপে হার্ডিক পাণ্ডিয়াৰ লগতে শিৱম ডুবেই স্থান পাব। স্পীন অলৰাউণ্ডাৰ হিচাপে অক্ষৰ পেটেল আৰু ৱাশ্বিংটন সুন্দৰৰ সৈতে গম্ভীৰ-আগাৰকাৰে দলত কাক অন্তর্ভুক্ত কৰে, সেয়া লক্ষণীয় হ’ব। সঞ্জু দলত থাকিলে উইকেটকীপাৰৰ দায়িত্বও তেৱেঁই পালন কৰিব। দ্বিতীয় উইকেটকীপাৰ হিচাপে যুঁজ চলিছে চাৰিগৰাকীৰ মাজত।

তেওঁলোক হৈছে- ঋষভ পন্ট, ৰাহুল, জিতেশ শর্মা আৰু ধ্ৰুৱ জুবেল। অভিজ্ঞতাৰ ক্ষেত্ৰত পিচ পৰি থাকিলেও সাম্প্রতিক ফৰ্মৰ ভিত্তিত আগুৱাই আছে জিতেশ।

Leave a Reply

Your email address will not be published. Required fields are marked *