...

প্রবল বৃষ্টিপাতে নমাই আনিলে প্রলয়ংকৰী দুর্যোগ

Spread the love

 

প্রবল বৃষ্টিপাতে নমাই আনিলে প্রলয়ংকৰী দুর্যোগ

 

 

পাকিস্তানত ভয়ংকৰ বানত ৬৫৭ গৰাকীৰ মৃত্যু

 

ইছলামাবাদ:

প্ৰকৃতিৰ ৰোষত বিধ্বস্ত হৈ পৰিছে পাকিস্তানৰ বহু এলেকা। বিগত জুন মাহৰ পৰা এইপর্যন্ত প্রবল বৃষ্টিপাতৰ ফলত হৰপ্পাত সৃষ্টি হোৱা বান আৰু ভয়ংকৰ ভূমিস্খলনত বহু লোকে প্রাণ হেৰুৱাইছে। পাকিস্তানৰ দুৰ্যোগ প্রশমন বিভাগে প্রকাশ কৰা তথ্য অনুসৰি বিগত জুন মাহৰ পৰা এইপর্যন্ত বান-ভূমিস্খলনৰ ঘটনাত ৬৫৭ জনে প্রাণ হেৰুৱাইছে। আহত হৈছে এহেজাৰৰো অধিক লোক। বহু লোক এতিয়াও নিখোজ হৈ আছে।

পাক প্রশাসনে সদৰী কৰামতে অন্যান্য বছৰৰ তুলনাত এইবছৰ ভয়াৱহ বৃষ্টিপাতৰ কবলত পৰিছে পাকিস্তান। যাৰ পৰিণাম ভুগিছে সাধাৰণ জনতাই। পাকিস্তানৰ দুৰ্যোগ প্রশমন তথা বিপর্যয় মোকাবিলা বিভাগৰ মুখপাত্র তৈয়ব শ্বাহে কয়, অন্যান্য বছৰৰ তুলনাত এইবাৰ ৬০ শতাংশৰ অধিক বৃষ্টিপাত হৈছে। অহা ২২ আগষ্টত দেশখনৰ বিভিন্ন এলেকাত প্রবল বৃষ্টিপাত অহাৰ সতৰ্কতা জাৰি কৰিছে দেশখনৰ বতৰ বিজ্ঞান বিভাগে। প্রবল বৃষ্টিপাতৰ ফলত এইপর্যন্ত ৬৫৭ জনৰ মৃত্যু হৈছে। ইয়াৰ ভিতৰত ১৭১ জন শিশু, ৯৪ গৰাকী মহিলা আৰু ৩৯২ জন পুৰুষ।

ইপিনে এই দুর্যোগত আটাইতকৈ অধিক মৃত্যুৰ ঘটনা ঘটিছে খাইবাৰ পাখতুনখাৱাত।এই প্রদেশত হৰপ্পা-বান আৰু অন্যান্য দুর্ঘটনাত মৃত্যু হৈছে ৩৯৪ জনৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *