বেডমিন্টন চেম্পিয়নশ্বিপ-২০২৫ প্ৰতিযোগিতা
চাইন অন ডেস্ক:
ডিব্ৰুগড়ৰ মোহনবাৰীস্থিত দিল্লী পাব্লিক স্কুলত আজিৰে পৰা আৰম্ভ হয় কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ড(CBSE)ৰ অধীনৰ ক্লাষ্টাৰ – ১ ৰ ১৪, ১৭ আৰু ১৯ (বয়স) অনুৰ্ধ্ব শাখাৰ বেডমিন্টন চেম্পিয়নশ্বিপ-২০২৫
প্ৰতিযোগিতা । ডিব্ৰুগড় দিল্লী পাব্লিক স্কুলৰ উদ্যোগত আয়োজন কৰা এই প্ৰতিযোগিতা খনিত কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডৰ অধীনত থকা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায় ৫০ খন বিদ্যালয়ৰ ৫০০ ৰো অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে । ১৪, ১৭ আৰু ১৯ (বয়স) অনুৰ্ধ্ব শাখাৰ বেডমিন্টন চেম্পিয়নশ্বিপ-২০২৫ প্ৰতিযোগিতাখনি ১৬ আগষ্টৰ পৰা ১৮ আগষ্ট লৈকে তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা হ’ব । আজি দিনৰ প্ৰায় ১২ বজাৰ পৰা আৰম্ভ হোৱা এই প্ৰতিযোগিতা খনিৰ শুভাৰম্ভণি অনুষ্ঠানত কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ড (CBSE) ৰ ক্রীড়া পৰ্যবেক্ষক আৰু ডিব্ৰুগড় ক্রীড়া সন্থাৰ সভাপতি নিৰঞ্জন শইকীয়া বিশিষ্ট অতিথি হিচাপে উপস্থিত থকাৰ লগতে আৰু বহু সংখ্যক অভিভাৱক, খেলুৱৈ, ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে ।