...

বিকাশৰ বাৰ্তাৰে নলবাৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Spread the love

বিকাশৰ বাৰ্তাৰে নলবাৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ৰাহুল গান্ধীক বুঢ়া আঙুলি দেখুৱাই দমত আছিলোঁ এতিয়াও বুঢ়া আঙুলি দেখুৱাই আছোঁ:মুখ্যমন্ত্ৰী শৰ্মা

 

নলবাৰী:

বিকাশৰ বাৰ্তা লৈ আজি নলবাৰীত উপস্থিত হ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।কেইবাটাও কাৰ্যসূচী লৈ নলবাৰীৰ বাবে ৫৭৬ কোটিৰ প্ৰকল্পৰ সতে উপস্থিত হল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজি বহু আকাংক্ষিত নলবাৰীৰ বৰকুৰাৰ ৰেলপথৰ ওপৰৰ উৰণ সেতুখন আনুষ্ঠানিক ভাবে উদ্বোধন কৰি ৰাইজৰ বাবে মুকলি কৰে উৰণ সেতুখন। ৬৯ কৌটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই উৰণ সেতুৰ নামাকৰণ কৰা হৈছে কুমাৰ ভাস্কৰ বৰ্মা উৰণ সেতু নামেৰে।প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ দিনত শিলান্যাস কৰা এই উৰণ সেতুৱে নলবাৰী চহৰত প্ৰবেশ কৰা পথৰ যানযতৰ কিছু উপসম ঘটাব।
আজি বৰকুৰা উৰণ সেতুৰ লগতে গোপাল বজাৰ,বালিতাৰা,চতমা আৰু মিলন বজাৰ বিদ্যুত উপকেন্দ্ৰৰো শুভ উদ্ধোধন কৰে মুখ্যমন্ত্ৰীয়ে।একেদৰে মুখ্যমন্ত্ৰীৰ উন্নত পকী পথ নিৰ্মাণ আঁচনিৰ অধীনত নিৰ্মান কৰা ২৭’৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ মুঠ ৩৭ টা পকী পথৰো শুভ উদ্বোধন কৰা হয়।আনহাতে মলজাতীয় আৱৰ্জনাৰ পৰিশোধন প্ৰকল্পৰো উদ্বোধন কৰা হয়। আজি নলবাৰী জিলা দিৱস উপলক্ষ্যত ঘগ্ৰাপাৰত উৰণ সেতুৰ শিলান্যাস কৰাৰ লগতে চহৰ বাসীৰ বাবে বিশুদ্ধ খোৱাপানীৰ যোগান প্ৰকল্প, নলবাৰী চহৰত ত্ৰিশ হাজাৰ গছ পুলি ৰোপন কৰাৰ পৰিকল্পনাৰে আৰবান ফৰেষ্ট প্ৰকল্প,নতুন আৱৰ্ত ভৱন,অত্যাধুনিক ক্লক টাৱাৰ,হাইমাক্স স্মাৰ্ট ষ্ট্ৰীট লাইট,জলসম্পদ বিভাগৰ ত্ৰিশকৌটি টকাৰ প্ৰকল্পকে ধৰি ২০ টা প্ৰকল্পৰ শিলান্যাস কৰা হয়।
এই ৫৭৬ কোটি টকীয়া প্ৰকল্পৰ বাৰ্তা লৈ নলবাৰীৰ গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত উপস্থিত হোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সংগ দিয়ে স্থানীয় বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা,জ্যেষ্ঠ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু নাৰায়ণ ডেকাই।
ইপিনে সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে কুমাৰ ভাস্কৰ বৰ্মা আমাৰ প্ৰাতঃস্মৰণীয় ব্যক্তি।আমাৰ জাতীয় নায়ক প্ৰাতঃস্মৰণীয় ব্যক্তিৰ কাৰণে আমি কাম কৰি যাম।আনহাতে লুৰিণজোতিৰ প্ৰসংগত সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে ৰাহুল গান্ধীক পুনৰ বুঢ়া আঙুলি দেখুৱাই কলে মই কংগ্ৰেছত থাকোতেও ৰাহুল গান্ধীক বুঢ়া আঙুলি দেখুৱাই দমত আছিলোঁ এতিয়াও বুঢ়া আঙুলি দেখুৱাই আছোঁ।লুৰিণজোতি গগৈয়ে ৰাহুল গান্ধীৰ ভৰিত ধৰি আহি অসম চুক্তিৰ কথা কৈ লাভ নাই বুলিও মন্তব্য কৰিলে হিমন্ত বিশ্ব শৰ্মাই। মই পোন্ধৰ বছৰ আগতে বিজেপিত যোগদান কৰিব লাগিছিল বুলি মন্তব্য কৰি হিমন্ত বিশ্ব শৰ্মাই কয় যে মই অসম চুক্তিৰ আগত গৈ কাম কৰি আছোঁ। আমাক বিকাশো লাগিব বিৰাচতো লাগিব বুলি মন্তব্য কৰি আমাৰ জাতি ভেটি মাটি সুৰক্ষিত হবই লাগিব বুলিও মন্তব্য প্ৰকাশ কলে হিমন্ত বিশ্ব শৰ্মাই।অসমীয়া মানুহে আনক মাটি বিক্ৰী কৰা ঘৰ ভাৰা দিয়া সময়ত ভাবিব লাগে বুলিও কলে হিমন্ত বিশ্ব শৰ্মাই।

Leave a Reply

Your email address will not be published. Required fields are marked *