...

অসমৰ সাংস্কৃতিক জগতৰ উজ্জ্বল নক্ষত্ৰ হেমন্ত দত্তৰ বিয়োগত গভীৰ শোক প্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

Spread the love

অসমৰ সাংস্কৃতিক জগতৰ উজ্জ্বল নক্ষত্ৰ হেমন্ত দত্তৰ বিয়োগত গভীৰ শোক প্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

চাইন অন ডেস্ক:

অসমৰ সাংস্কৃতিক জগতৰ উজ্জ্বল নক্ষত্ৰ হেমন্ত দত্তৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।তেওঁ এক শোকবাৰ্তাত উল্লেখ কৰে যে, “অসমৰ সাংস্কৃতিক জগতৰ এক উজ্জ্বল প্ৰতিভাৰ কায়িক বিদায়।প্ৰখ্যাত নাট্যকাৰ, গীতিকাৰ, অভিনেতা, চলচ্চিত্ৰ পৰিচালক হেমন্ত দত্তদেৱৰ দেহাৱসানৰ খবৰটো পাই অত্যন্ত শোকাহত হৈছোঁ। বহু কালজয়ী গীত, নাট ৰচনা, ‘উপপথ’ চলচ্চিত্ৰৰ পৰিচালনা তথা অভিনয় দক্ষতাৰে তেখেতে সাংস্কৃতিক ক্ষেত্ৰলৈ আগবঢ়াই থৈ যোৱা অৰিহণা স্মৰণীয় হৈ থাকিব। হে মহীৰূহ, আপোনাৰ বিদেহ আত্মাই সদ্গতি লাভ কৰক, ঈশ্বৰৰ ওচৰত তাৰেই কামনাৰে প্ৰাৰ্থনা জনাইছোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গ তথা গুণমুগ্ধসকললৈ মোৰ তৰফৰপৰা গভীৰ সমবেদনা জনালোঁ।

Leave a Reply

Your email address will not be published. Required fields are marked *