...

হত্যাকাৰী দীপজ্যোতি বুঢ়াগোহাঁই আৰু গৌৰাংগ পাত্ৰ তিলনি পৰ্যন্ত, চেং কাইৰ ঘৰত দিনে-ৰাতিয়ে কটাইছিল

Spread the love

 

 

হত্যাকাৰী দীপজ্যোতি বুঢ়াগোহাঁই আৰু গৌৰাংগ পাত্ৰ তিলনি পৰ্যন্ত, চেং কাইৰ ঘৰত দিনে-ৰাতিয়ে কটাইছিল

 

 

“মৰাতো মৰিলেই,এতিয়া সেইবোৰক লৈ আৰু কিহৰ ইমান চিন্তা কৰিব লগা আছে।আজি মোক মাংস -ভাত দিবি” –ববী
এগৰাকী গোপন প্ৰেমিকক থানা মাতি সোধ-পোচ

 

 

চাইন অন ডেস্ক:

ডিব্ৰুগড়ৰ বৰবৰুৱাৰ যুৱ ব্যৱসায়ী উত্তম গগৈ ওৰফে চেং কাইক অতি নৃশংসভাবে কিয় হত্যা কৰা হল সেয়া আজি পৰ্যন্ত হত্যাকাৰীয়ে স্পষ্টকৈ একো মুখ খুলা নাই বা ডিব্ৰুগড়ৰ আৰক্ষীয়েও এই বিষয়ত একো প্ৰকাশ কৰা নাই।ইফালে হত্যাকাৰীৰ কাণ্ড-কৰ্মৰ কথা শুনিলে হয়তো আপোনাৰো চকু কপালত উঠিব।

হত্যাকাৰী দীপজ্যোতি বুঢ়াগোহাঁই আৰু গৌৰাংগ পাত্ৰ তিলনি পৰ্যন্ত, চেং কাইৰ ঘৰত দিনে-ৰাতিয়ে কটাইছিল।চেং কাইৰ মৃত্যুৰ খবৰ লবলৈ অহা মানুহৰো আলৈ পৈচান ধৰিছিল।পৰিয়ালৰ অনান্য মানুহ নিশা চেংকাইৰ ঘৰত কটাবলৈ বিছাৰিলে বহু অস্বস্তিত ভুগিছিল ববী সোণোৱালৰ লগতেই নৱম শ্ৰেণীত পঢ়া জীয়ৰী নৱমল্লিকা।

মাতৃ-জীয়ৰীৰ এনে অস্বাভাৱিক আচৰণে সকলোকে আচৰিত কৰি তুলিছিল।কেৱল সিমানেই নহয়, হত্যাকাৰী তথা চেংকাইৰ পত্নী ববীয়ে তিলনিৰ পাছতেই মাংস ভাত বিছাৰিছিল।”মৰাতো মৰিলেই,এতিয়া সেইবোৰক লৈ আৰু কিহৰ ইমান চিন্তা কৰিব লগা আছে।আজি মোক মাংস -ভাত দিবি” — এনেদৰেই ৰাইজৰ আগত প্ৰকাশ কৰা বুলি শেহতীয়াকৈ জানিব পৰা গৈছে।অৰ্থাৎ ঘাটকে ইমানেই প্ৰফেচনেল কিলাৰৰ দৰে আচৰণ কৰিছিল যে এবাৰো কোনো লোকৰে স্পষ্টকৈ ঘৰৰে যে হত্যাকাৰী আছিল সেয়া কল্পনাও কৰিব পৰা নাছিল।চাৰি হত্যাকাৰীৰ মুখমণ্ডলত কোনো উৎকণ্ঠা,হতাশা বা ভয় আদি মুখমণ্ডলত পৰিস্ফুট হোৱা নাছিল।

ইফালে চাৰি হত্যাকাৰীয়ে একেলগেই নিয়মিতভাবেই আহাৰ গ্ৰহণ কৰিছিল।এনেবিলাক কৰ্ম-কাণ্ডৰ পৰাই সকলো স্পষ্ট হয় যে হত্যাৰ পৰিকল্পনা কৰাৰ সময়ৰে পৰাই সকলোৱেই হয়তো হত্যাৰ পূৰ্ণ আখৰা কৰিছিল।

ইফালে ববী সকলো ঠিকা-ঠুকলি আদায় কৰাৰ দায়িত্ব আছিল বুলিও সৰব আলোচনা হৈছে।কালি নিশা এগৰাকী গোপন প্ৰেমিকক থানা মাতি সোধ-পোচ কৰাত এই কথা উন্মোচিত হৈছে।অথাৎ বিচিপিএলৰ সকলো ঠিকা লাভ কৰাত ববীয়ে লৈছিল নেতৃত্ব।অভিযন্তা-বিষয়াক বিচৰা মতে, সকলো ধৰনেই মেনেজ কৰিছিল চতুৰ ববীয়ে।নিজ দেহবল্লীৰ সহায়ত সকলোকে বশ কৰি কাম আদায় কৰা বুলিও এতিয়া সকলোতে সৰব চৰ্চা চলিছে।কিন্তু গোপন প্ৰেমিক গৰাকীয়ে আৰক্ষীৰ আগত দিয়া ভাষ্য অনুসৰি তেওঁ কেবল ঠিকাৰ বাবদ পাব লগীয়া ধনহে মোকলাই দিছিল।আৰু এতিয়াও কেইবা লক্ষাধিক টকা পাবলৈ থাকিল চেং কাইয়ে।সেই ধন লৰাটোৰ একাউণ্টলৈ ট্ৰেঞ্চপাৰ কৰি দিয়া হব বুলিও অকপট স্বীকাৰোক্তী দিয়ে বহিঃৰাজ্যৰ গোপন প্ৰেমিক গৰাকীয়ে।

ইফালে চেংকাই হত্যাকাণ্ডত অভিযুক্ত পত্নী ববী সোণোৱাল আৰু ছুপাৰী কিলাৰৰ মাৰাথান জেৰাত আৰক্ষীয়ে লাভ কৰিছে বহু ন ন তথ্য। চেংকাইক হত্যা কৰিবলৈ অভিযুক্তই কেৱল পিষ্টল আৰু গুলী ক্ৰয় কৰাই নহয়।যদিহে প্লেন ‘এ’ সফল নহয়, তেনেহ’লে প্লেন ‘বি’ সাজু কৰিছিল চেংকাইক হত্যা কৰিবলৈ।২৫ জুলাইৰ নিশাও যদি হত্যাকাণ্ড কৃতকাৰ্য নহলহেতেন তেতিয়া গুলীয়াই হত্যা কৰাৰ পৰিকল্পনা আছিল।

ছুপাৰী কিলাৰ দ্বীপজ্যোতি বুঢ়াগোহাঁইৰ স্বীকাৰোক্তিৰ ভিত্তিত বৰবৰুৱা আৰক্ষীয়ে কালি জামিৰাৰ ঘৰ্ঘৰা চিনা টুকুৰা গাঁৱৰ পৰা চাৰি জাঁই সজীৱ পিষ্টলৰ গুলী উদ্ধাৰ কৰে। ইফালে ইয়াৰে এটা গুলী দ্বীপজ্যোতি আৰু গৌৰাংগই বগীবিলত ফুটাইছিল। কিন্তু এটা মাৰণাস্ত্ৰৰ গুলীৰ লগতে পিষ্টলটো এতিয়াও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। যোৱা ২৫ জুলাইত মাজনিশা শুই থকা অৱস্থাত উত্তম গগৈ ওৰফে চেংকাইক হত্যা কৰি এ এছ ০১ ই জি ৯০৭৮ নম্বৰৰ ৰঙা আই ১০ গাড়ীৰে দুলীয়া কাকতি গাঁৱত ববী গগৈৰ মাতৃগৃহত থৈ আহিছিল দ্বীপজ্যোতি আৰু গৌৰাংগই। কিন্তু ববী গগৈ আৰু নৱমল্লিকাক মাজনিশা আশ্ৰয় দিয়া ববী গগৈৰ মাতৃগৃহ পৰিয়ালক এতিয়াও তদন্তৰ আওতালৈ অনা হোৱা নাই বুলি জানিব পৰা গৈছে।

কেৱল সেইয়াই নহয়, ববী গগৈৰ পৰকীয়া প্ৰেমিকসকলকো তদন্তৰ আওতালৈ অনা হৈছেনে নাই সেই বিষয়ে সবিশেষ জানিব পৰা হোৱা নাই। অৱশ্যে বৰবৰুৱা আৰক্ষীৰ মতে, এই ঘটনাত আৰু কেইবাজনো ব্যক্তি আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনাৰ কথা প্ৰকাশ কৰিছে। আমি পূৰ্বৰ প্ৰতিবেদনত উল্লেখ কৰিছিলোঁ যে, ছমাহৰ পূৰ্বৰে হত্যাৰ পৰিকল্পনা কৰা হৈছিল চেংকাইক। ডেৰমাহৰ পূৰ্বে ডাইনীজানত বৰ্তমান জব্দ কৰা বাহনখনেৰে খুন্দিয়াই আঘাত কৰিছিল উত্তম গগৈক। আমি পূৰ্বৰ প্ৰতিবেদনত গদাপাণি উৰণীয়া সেঁতুৰ কথা উল্লেখ কৰিছিলোঁ। কিন্তু গদাপাণি উৰণীয়া সেঁতুৰ পৰিৱৰ্তে ডাইনীজানৰ বাইপাছতহে সংঘটিত হৈছিল সেই দূৰ্ঘটনাটো। সেই দূৰ্ঘটনাত চেংকাইয়ে পথৰ কাষৰ নলাত পৰি নোযোৱা হ’লে সেইদিনাই মৃত্যু নিশ্চিত আছিল চেংকাইৰ। ২৫ জুলাইত সংঘটিত ঘটনাটোৰ পূৰ্বে অৰ্থাৎ ২৪ জুলাইত চেংকাইক হত্যাৰ পৰিকল্পনা আছিল। সেই হত্যাৰ নামত ছুপাৰি কিলাৰৰ সৈতে ১০ লাখ টকা চুক্তিবদ্ধ হৈছিল।

 

ইয়াৰে ৩ লাখ টকা আদায় দিয়া বুলি জানিব পৰা গৈছে। অৱশ্যে এই খবৰ কিমানদূৰ সত্য সেইয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব। আন এক খবৰ অনুসৰি সম্ভ্ৰান্ত পৰিয়ালৰ একমাত্ৰ সন্তান গৌৰাংগৰ সৈতে হত্যাকাণ্ডত জড়িত কৰোৱা হৈছিল নৱমল্লিকা গগৈৰ প্ৰেমিক দ্বীপজ্যোতিয়ে আৰু সেই দ্বীপজ্যোতি পিতৃক হত্যা কৰাবলৈ সৈমান কৰাইছিল প্ৰেমিক নৱমল্লিকাই। নিজৰ স্বাৰ্থ পূৰণ কৰিবলৈ নিজৰ কন্যাক ব্যৱহাৰ কৰিছিল মাতৃ ববীয়ে।এই সমগ্রটো ঘটনাটো কিয় আৰু কেনেকৈ সংঘটিত হৈছিল আৰক্ষীৰ তদন্ত সম্পূৰ্ণ হোৱাৰ পাছতহে পোহৰলৈ আহিব বুলি ৰাইজে আশা প্ৰকাশ কৰিছে।

চেংকাইৰ হত্যাকাৰীৰ চাৰি দিনৰ আৰক্ষীৰ জিম্মাৰ ম্যাদ উকলি যোৱাত আদালতত হাজিৰ কৰোৱা হয়।
পুনৰ চাৰিদিনৰ আৰক্ষীৰ জিম্মাত ললে হত্যাকাৰীক।

Leave a Reply

Your email address will not be published. Required fields are marked *