...
Spread the love

দ্ৰুত আধাৰ পঞ্জীয়ন অভিযান কাৰ্যসূচী

ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্ৰম কৈৰী, অতিৰিক্ত জিলা আয়ুক্ত চুলতানা আখতাৰা আহমেদ আৰু অনন্যা চৌধুৰীলৈ মুখ্যমন্ত্ৰীৰ কৰ্মশ্ৰী বঁটা

চাইন অন ডেস্ক:

ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্ৰম কৈৰী লগতে অতিৰিক্ত জিলা আয়ুক্ত চুলতানা আখতাৰা আহমেদ আৰু সহকাৰী আয়ুক্ত অনন্যা চৌধুৰীলৈ আগবঢ়োৱা হৈছে অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ কৰ্মশ্ৰী বঁটা। ডিব্ৰুগড় জিলাৰ চাহ বাগিচা এলেকাত আধাৰ পঞ্জীয়নৰ ক্ষেত্ৰত ক্ষীপ্র পদক্ষেপ গ্ৰহণ কৰি খাদ্য সুৰক্ষা, স্বাস্থ্য সেৱা আৰু মজুৰি প্ৰত্যক্ষ হস্তান্তৰ ব্যৱস্থা সুচলকৰণৰ জৰিয়তে আৰ্থিক অন্তৰ্ভূক্তিত প্ৰসংশনীয় পদক্ষেপ গ্ৰহণ কৰাৰ বাবে এই বঁটা প্ৰদান কৰা হৈছে।
আজি গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱৰ পূণ্য তিথিত আয়োজিত লোক কল্যাণ দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, ন্যায়িক, সাধাৰণ প্ৰশাসন আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ পৰা জিলা আয়ুক্ত বিক্ৰম কৈৰী কৈৰী প্ৰমুখ্যে অতিৰিক্ত জিলা আয়ুক্ত চুলতানা আখতাৰা আহমেদ আৰু সহকাৰী আয়ুক্ত অনন্যা চৌধুৰীয়ে এই বঁটা গ্ৰহণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *