...

পলাশবাৰীত ভয়ংকৰ কাণ্ড হিন্দু পত্নীক হাত-ভৰি বান্ধি চিলিং ফেনত ওলমাই তালিবানী শাস্তি

Spread the love

 

 

পলাশবাৰীত ভয়ংকৰ কাণ্ড

 

ন্দু পত্নীক হাত-ভৰি বান্ধি চিলিং ফেনত ওলমাই তালিবানী শাস্তি
পত্নীৰ নির্যাতনৰ ভিডিঅ’ কৰা পাষণ্ড স্বামী ছফিকুৰ ৰহমানক গ্ৰেপ্তাৰ

 

 

মির্জা(পলাশবাৰী):

পলাশবাৰী বধানসভা সমষ্টিৰ অন্তৰ্গত বিজয়নগৰ আৰক্ষী চকীৰ সমীপৰ হালিগাঁও তহাৰপাৰাত ভয়ংকৰ লাভজেহাদৰ ঘটন পোহৰলৈ আহিছে। পত্নীক হাত-ভৰি বন্ধি ডিঙিত গামোচা লগাই, ফেনত ওলাই ওৰেনিশা তালিবানী শাস্তি প্রদান বৰাৰ ভিডিঅ’ খোদ স্বামীয়েই আবদ্ধ কৰি ৰখিছে।

কংকনা দাসৰ পৰা মিছ হায়াতুন নেচালৈ সলনি হোৱা যুৱতীগৰাকীক স্বামী ছফিকুৰ ৰহমানে শাৰীৰিকভাৱে অত্যাচাৰ চলোৱা শিহৰণকাৰী ভিডিঅ’ প্ৰস্তুত কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। কেৱল সেয়াই নহয় নিতৌ অকথ্য নির্যাতন চলাই পত্নীৰ জীৱন অসহনীয় কৰি তোলাৰ অভিযোগ উঠিছে।

পলাশ বাৰী সমষ্টিৰ অন্তৰ্গত বাঢ়ন্তী ৰঙামাটি গাঁৱৰ ২নং মেধিপাৰাৰ কংকনা দাস নামৰ যুৱতীগৰাকীয়ে প্রায় ১১ বছৰ পূৰ্বে প্রেম বিবাহত আবদ্ধ হৈছিল হালিগাঁও তাহাৰপাৰাৰ ছফিকুৰ ৰহমানৰ লগত। ইয়াৰ পূৰ্বেও আছিল ছফিকুৰৰ অন্য এগৰাকী পত্নী। উক্ত পত্নীৰ লগত হোৱা বিবাহ বিচ্ছেদৰ পিছতেই হিন্দু যুৱতী কংকনা দাসক প্রলোভনেৰে বিয়া কৰাই বলপূর্বকভাৱে ইছলাম ধর্ম গ্রহণ কৰোৱাই নাম দিছিল মিছ হায়াতুন নেচা। বিয়াৰ পিছত দুয়োৰে সংসাৰলৈ আহিছিল এটি কন্যা সন্তান।

তাৰ পিছৰ পৰাই আৰম্ভ হৈছিল কংকনা ওৰফে হায়াতুনৰ ওপৰত শাৰীৰিক আৰু মানসিক নির্যাতন। অভিযোগ অনুসৰি পুনৰ এগৰাকী হিন্দু যুৱতীৰ সৈতে প্ৰেমত মচগুল হৈ আছে ধুৰন্ধৰ ছফিকুৰ। মির্জা জামৰতলৰ এক ভাৰাঘৰত থকা যুৱতী এগৰাকীৰ লগত পৰকীয়া প্রেমত লিপ্ত হৈ পত্নী হায়াতুন ওৰফে কংকনাৰ সন্মুখতে নিশা উলংগ হৈ ভিডিঅ’ ফোন কৰে স্বামী ছফিকুৰে আৰু এই পৰকীয়া প্ৰেমৰ বাবেই নির্যাতন চলাইছে কংকনাৰ ওপৰত।

আনহাতে, নিৰ্যাতনৰ সকলো সীমা অতিক্ৰম কৰি যোৱা ১১ জুলাইৰ নিশা প্রায় ২ বজাত হাত-ভৰিত ৰছীৰে বান্ধি ছিলিং ফেনত ওলমাই ৰাখি এইগৰাকী ছফিকুৰ ৰহমানে নিজেই প্ৰস্তুত কৰিছে ভিডিঅ’। ছফিকুৰৰ বিৰুদ্ধে ইতিমধ্যে কংকনাৰ পৰিয়ালৰ লোকে বিজয়নগৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। সেই এজাহাৰৰ ভিত্তিতে বিজয়নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অমৰজ্যোতি কাকতিয়ে আত্মগোপন কৰি থকা ছফিকুৰক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

লাভ জেহাদৰ নামত এইদৰে ছফিকুৰৰ দৰে ধুৰন্ধৰ লোকে এগৰাকী হিন্দু মহিলাক তালিবানী শাস্তি প্ৰদান কৰাৰ ঘটনা পোহৰলৈ অহাৰ পিছত সমগ্র দক্ষিণ কামৰূপতে তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *