ৱৰ্ল্ড চেম্পিয়নশ্বিপ অৱ লিজেণ্ডছৰ পৰা বাহিৰ ধাৱন বাহিনী
পাকিস্তানৰে ছেমিত ভাগ নল’লে ইণ্ডিয়া চেম্পিয়নে
লণ্ডন:
পাকিস্তানৰ সৈতে ছেমিফাইনেল নেখেলাৰ সিদ্ধান্ত গ্ৰহণৰ পাছত ইণ্ডিয়া চেম্পিয়নে আনুষ্ঠানিকভাৱে নিজৰ নাম প্রত্যাহাৰ কৰিছে বৰ্ল্ড চেম্পিয়নশ্বিপ অব লিজেণ্ডছৰ পৰা। পাকিস্তানৰ বিৰুদ্ধে খেলিবলৈ অস্বীকাৰ কৰাৰ পিছত এই সিদ্ধান্ত লোৱা হৈছে। ভাৰতে ইতিমধ্যে স্পষ্ট কৰি দিছিল যে এই প্রতিযোগিতাত পাকিস্তানৰ বিৰুদ্ধে কোনো মেচ নেখেলে।
ইয়াৰ পূর্বে লীগ পৰ্যায়ত ভাৰত-পাকিস্তানৰ খেলখন বাতিল কৰা হৈছিল আৰু এতিয়া ছেমিফাইনেলৰ পূৰ্বেও ভাৰতীয় দলটোৱে পাকিস্তানৰ বিৰুদ্ধে নেখেলাৰ সিদ্ধান্ত লৈছিল। যাৰ বাবে প্রতিযোগিতাখনৰ বাহিৰ হৈছে ভাৰত।

ছেমিফাইনেল খেলৰ পূৰ্বেও একেধৰণৰ বিৰোধ দেখা গৈছিল।খবৰ অনুসৰি ভাৰতে ৱৰ্ল্ড চেম্পিয়নশ্বিপ অৱ লিজেণ্ডছৰ পৰা আঁতৰি আহিছে। এনে পৰিস্থিতিত পাকিস্তানে এতিয়া পোনপটীয়াকৈ প্রতিযোগিতাখনৰ ফাইনেলত প্ৰৱেশ কৰিছে।
উল্লেখ্য যে, ২০ জুলাইত বিশ্ব চেম্পিয়নশ্বিপ অৱ লিজেণ্ডছৰ লীগ পৰ্যায়ত ভাৰত আৰু পাকিস্তানৰ মাজত এখন মেচ অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু খেলুৱৈসকলে অনুৰাগীৰ চোকা প্রতিক্ৰিয়াৰ সন্মুখীন হ’বলগীয়া হৈছিল। ইয়াৰ পিছত ভাৰতীয় খেলুৱৈসকলে এই মেচত খেলিবলৈ অস্বীকাৰ কৰি খেলখন বাতিল কৰে।কালি দুয়োটা দলৰ মাজত ছেমিফাইনেলখন অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু ভাৰতীয় খেলুৱৈসকলে নিজৰ
চিৰপ্ৰতিদ্বন্দ্বী দলটোৰ সৈতে কোনো প্রতিযোগিতামূলক মেচত অংশগ্ৰহণ নকৰাৰ নীতি অক্ষুণ্ণ ৰখাৰ সিদ্ধান্ত লয়।
এ

